কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

নাগৰিকক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান দোঁহাৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে

"আমাৰ নিজৰ দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিলে আমাৰ নিৰ্মাতাসকলৰ আয় বৃদ্ধি পাব, যাৰ ফলত অৰ্থনীতি শক্তিশালী হ'ব": শ্ৰী শিৱৰাজ সিং চৌহান

प्रविष्टि तिथि: 03 AUG 2025 5:22PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আহ্বান দোঁহাৰি নাগৰিকসকলক দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২ আগষ্টত বাৰাণসীত পিএম-কিষাণ সন্মান নিধিৰ ২০সংখ্যক কিস্তিৰ ধন প্ৰদানৰ সময়ত দেশবাসীক থলুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছিল। অৰ্থনীতি শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে আজি প্ৰধানমন্ত্ৰীৰ আহ্বান আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে দোঁহাৰে:

“প্ৰিয় ভাই-ভনী. ভতিজা-ভতিজীসকল, পোক-পৰুৱা, চৰাই-চিৰিকটি আৰু জীৱ-জন্তু এই সকলোৱে নিজৰ বাবে জীয়াই থাকে।কিন্তু কেৱল নিজৰ বাবে জীয়াই থকাৰ কি লাভ? আমি আমাৰ দেশৰ বাবে জীয়াই থাকিব লাগিব। দেশৰ বাবে জীয়াই থকাটো কি, সেই কথা কালি মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাক শিকাইছিল।

প্ৰিয় ভাই-ভনীসকল, আপোনাৰ গাঁৱত, ওচৰৰ চহৰত, আপোনাৰ জিলাত, আপোনাৰ ৰাজ্যত বা আমাৰ দেশৰ যিকোনো ঠাইতে যি বস্তুৱেই নবনাওক—কেৱল সেইবোৰ বস্তু কিনিক। ভাৰতীয় অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি আমি বিশ্বৰ চতুৰ্থ স্থানত আছো আৰু অতি সোনকালে, আমি তৃতীয় স্থানত উপনীত হ’ম। আৰু ১৪৪ কোটি জনসংখ্যাৰ এই দেশ এখন বিশাল বজাৰ। যদি আমি আমাৰ দেশত নিৰ্মিত বস্তুহে কিনি ব্যৱহাৰ কৰাৰ সংকল্প লওঁ, তেন্তে আমাৰ কৃষক, আমাৰ ক্ষুদ্ৰ উৎপাদক, আত্মসহায়ক গোট আৰু স্থানীয় শিল্পী-সকলোৱে তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখিব। আৰু যেতিয়া তেওঁলোকৰ উপাৰ্জন বাঢ়িব তেতিয়া আমাৰ অৰ্থনীতি শক্তিশালী হ’ব।

আমাৰ ধন কিয় বিদেশলৈ যাব লাগে? তাৰ জৰিয়তে আমাৰ নিজৰ সন্তানৰ জীৱিকাৰ ব্যৱস্থা কৰক। মই মোৰ দেশৰ বাবে জীয়াই থাকিম, আৰু আপুনিও দেশৰ বাবে জীয়াই থকা উচিত...অৰ্থাৎ, কেৱল মেড ইন ইণ্ডিয়া সামগ্ৰীহে কিনিব। ধন্যবাদ!"

**

RC/KSR/AR/DB


(रिलीज़ आईडी: 2152009) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Khasi , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam