তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰে অফিচিয়েল ‘ফেক্ট-চেক ইউনিট’-ৰ জৰিয়তে ভাৰত আৰু সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে পাকিস্তানে চলোৱা অপপ্ৰচাৰক নস্যাত্ কৰি আহিছে

ভুৱা বাতৰি দেখা মাত্ৰেই বন্ধ কৰা, ভিডিঅ’ সম্পাদনা কৰা আৰু দ্ৰুত খণ্ডনৰে পাকিস্তানৰ ভাৰত বিৰোধী অপপ্ৰচাৰক প্ৰতিহত কৰিবলৈ পিআইবি-ৰ ‘ফেক্ট চেক ইউনিট’-য়ে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত ২৪ ঘণ্টাই কাম কৰিছিল

‘অপাৰেশ্যন সিন্দূৰ’-ৰ সময়ত ভাৰত বিৰোধী অপপ্ৰচাৰ বিয়পোৱা ১৪০০ৰো অধিক ‘ইউআৰএল’ চৰকাৰে ‘ব্লক’ কৰে

Posted On: 30 JUL 2025 4:46PM by PIB Guwahati

 

ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ প্ৰসাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে উপলব্ধ বিধিগত আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰে। ‘অপাৰেশ্যন সিন্দূৰ’-ৰ সময়ত দেখা গৈছিল যে ব্যাপক ভুৱা বাতৰি, ভুল তথ্য আৰু অপপ্ৰচাৰৰ অভিযান চলোৱা হৈছিল, বেছিভাগেই ভাৰতৰ বাহিৰৰ পৰা। এনে ভুল তথ্যৰ অভিযান প্ৰতিহত কৰিবলৈ চৰকাৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছিল:

প্ৰামাণিকৃত তথ্য প্ৰদান: ভাৰত চৰকাৰে সময়ে সময়ে সংবাদ মাধ্যমৰ বাবে ‘ব্রিফিং’ অনুষ্ঠিত কৰি সংবাদ মাধ্যম আৰু নাগৰিকসকলক শেহতীয়া তথ্য অৱগত কৰি ৰাখিছিল৷ প্ৰতিৰক্ষা বাহিনীয়ে চলোৱা অভিযানৰ সবিশেষৰ লগতে প্ৰাসংগিক দৃশ্য-শ্ৰাব্য আৰু উপগ্ৰহৰ চিত্ৰৰ বিষয়েও ব্যাখ্যা কৰা হৈছিল। এই ‘ব্রিফিং’সমূহত প্রমাণিকৃত তথ্য প্রদান কৰা হৈছিল৷

আন্তঃমন্ত্ৰালয়ৰ সমন্বয়: ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত আন্তঃশাখা আৰু আন্তঃবিভাগীয় সমন্বয়ৰ বাবে এটা কেন্দ্ৰীভূত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছিল। এই নিয়ন্ত্ৰণ কক্ষই ২৪x৭ কাম কৰিছিল আৰু সংবাদ মাধ্যমৰ সকলো অংশীদাৰক বাস্তৱ সময়ৰ তথ্য প্ৰচাৰৰ সুবিধা প্ৰদান কৰিছিল। এই নিয়ন্ত্ৰণ কক্ষত ভাৰতীয় সেনা, নৌসেনা, আৰু বায়ুসেনাৰ ন'ডেল প্ৰতিনিধিসকলৰ লগতে বিভিন্ন চৰকাৰী সংবাদ মাধ্যমৰ বিষয়া, আৰু ‘প্ৰেছ ইনফৰমেশ্যন ব্যুৰো’ (পিআইবি)ৰ বিষয়াসকলো উপস্থিত থাকিছিল। ‘ছ’চিয়েল মিডিয়া হেণ্ডেল’ আৰু ভুৱা বাতৰি আৰু ভুল তথ্য বিয়পোৱা ‘পোষ্ট’সমূহ সক্ৰিয়ভাৱে চিনাক্ত কৰা হৈছিল।

 

তথ্য পৰীক্ষণ

‘ফেক্ট চেক ইউনিট’(এফচিইউ)-য়ে ভাৰত আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে পাকিস্তানে চলোৱা অপপ্ৰচাৰক নস্যাত্ কৰিছিল আৰু প্ৰতিহত কৰা এনে বিষয়বস্তু সম্বলিত বহু ‘পোষ্ট’ৰ তথ্য পৰীক্ষা কৰিছিল। ইয়াৰ উপৰিও ‘এফচিইউ’-ৰ দ্বাৰা তথ্য পৰীক্ষা কৰা ‘অপাৰেশ্যন সিন্দূৰ’ সম্পৰ্কীয় ভুল তথ্য বা ভুৱা বাতৰিৰ সৈতে জড়িত ‘লিংক’সমূহ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট মধ্যস্থ  সংস্থাসমূহলৈ তত্কালীনভাৱে শ্বেয়াৰ কৰা হৈছিল।

‘ফেক্ট চেক ইউনিট’-ৰ এই প্ৰচেষ্টাক সংবাদ মাধ্যমে বাৰুকৈয়ে শলাগিছিল। এই সন্দৰ্ভত লিখা কেতবোৰ প্ৰৱন্ধৰ ‘লিংক’ তলত দিয়া হ'ল:

• ‘অপাৰেশ্যন সিন্দুৰৰ পিছত দ্ৰুত খণ্ডনেৰে পাকিস্তানৰ ডিজিটেল অপপ্ৰচাৰৰ বিৰুদ্ধে যুঁজিছে ভাৰতৰ এফ চি ইউ-য়ে

https://www.newindianexpress.com/nation/2025/May/10/indias-fcu-battles-pakistans-digital-propaganda-with-swift-rebuttals-following-operation-sindoor

 

• ‘অপাৰেশ্যন সিন্দূৰৰ পিছত ভুৱা দাবীৰ স্বৰূপ উন্মোচিত কৰিবলৈ কাৰ্যক্ষেত্ৰত নামি পৰে চৰকাৰী ফেক্ট চেক ইউনিট

https://www.livemint.com/industry/media/india-pib-govt-fact-checking-unit-operation-sindoor-misinformation-false-claims-11746770729519.html

পাকিস্তানে চলোৱা ভুল তথ্যৰ অভিযানৰ বিৰুদ্ধে ভাৰতে কেনেদৰে যুঁজি আছে

https://www.hindustantimes.com/india-news/how-india-is-fighting-pakistan-s-disinformation-campaign-101746644575505.html

 

ব্লক কৰাৰ দিহা

কিছুমান বিশেষ ‘ছ’চিয়েল মিডিয়া হেণ্ডেল’, সৰহভাগেই ভাৰতৰ বাহিৰৰ পৰা চলাই থকা, সক্ৰিয়ভাৱে ভুৱা আৰু সম্ভাৱ্য ক্ষতিকাৰক তথ্য প্ৰচাৰ কৰি আছিল। ‘তথ্য প্ৰযুক্তি আইন ২০০০’ৰ ‘ধাৰা ৬৯এ’-ৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা, ৰাজ্যসমূহৰ নিৰাপত্তা, আৰু জনশৃংখলাৰ স্বাৰ্থত চৰকাৰে ৱে’বছাইট, ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু পোষ্ট ব্লক কৰিবলৈ প্ৰয়োজনীয় আদেশ জাৰি কৰিছিল।

মন্ত্ৰালয়ে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত ডিজিটেল মিডিয়াত ১৪০০ৰো অধিক ‘ইউ আৰ এল’ ব্লক কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰে। এই ‘ইউ আৰ এল’-সমূহৰ বিষয়বস্তুৰ ভিতৰত আছিল ভুৱা, বিভ্ৰান্তিকৰ, ভাৰত বিৰোধী বাতৰিৰ বিষয়বস্তু, মূলতঃ পাকিস্তান ভিত্তিক ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে উচটনিমূলক বিষয়বস্তু।

সংবাদ মাধ্যমলৈ পৰামৰ্শ প্ৰদান

২০২৫ চনৰ ২৬ এপ্ৰিলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ ‘লাইভ কভাৰেজ’ দেখুওৱাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ পৰামৰ্শ জাৰি কৰিছিল।

আজি লোকসভাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে এই তথ্য দাখিল কৰে।

****

Dharmendra Tewari/ Navin Sreejith/KB


(Release ID: 2150537)