প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এক দক্ষতাকেন্দ্ৰিক, সমাৱেশী শিক্ষাৰ বাবে এক পৰিৱৰ্তনশীল ব্লুপ্ৰিণ্ট পি আৰ এছ ২০২৪ৰ সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 30 JUL 2025 1:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে ভাৰতে প্ৰকৃত শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নামভৰ্তিৰ বাহিৰেও নিজৰ শিক্ষা ব্যৱস্থাক পুনৰ সংজ্ঞায়িত কৰিছে। এই সম্পৰ্কীয় এটা লেখা শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে পিআৰএছ ২০২৪ৰ প্ৰশংসা কৰে, যিয়ে ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বৈজ্ঞানিক অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু এক সমাৱেশী, দক্ষতাকেন্দ্ৰিক শিক্ষা পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবে প্ৰমাণভিত্তিক, জিলা পৰ্যায়ৰ কাৰ্য্যৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়ে এক্সত দিয়া এটা পোষ্টৰ সঁহাৰি জনাই পিএমঅ’ ইণ্ডিয়া হেণ্ডলত কয়ঃ

"ভাৰতে নামভৰ্তিৰ বাহিৰেও নিজৰ শিক্ষা ব্যৱস্থাৰ পুনৰ সংজ্ঞায়িত কৰি সঠিক শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ শেহতীয়া লেখাত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @jayantrld-য়ে কেনেকৈ পিআৰএছ ২০২৪-এ ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বিষয়ে বৈজ্ঞানিক অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু এক সমাৱেশী, দক্ষতাকেন্দ্ৰিক শিক্ষা পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ প্ৰমাণভিত্তিক, জিলা পৰ্যায়ৰ কাৰ্য্যৰ বাবে এটা ৰোডমেপ প্ৰস্তুত কৰে, সেই সম্পৰ্কে আলোচনা কৰিছে।"

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2150080) অতিথি কক্ষ : 22