প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে যৌথভাৱে উদ্বোধন কৰিলে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন

পোষ্ট কৰা হৈছে: 25 JUL 2025 8:43PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ মহামহিম  ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে যৌথভাৱে আজি মালেত মালদ্বীপৰ অত্যাধুনিক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন উদ্বোধন কৰে।

 

ভাৰত মহাসাগৰ দৃশ্যমান হোৱাকৈ নিৰ্মাণ কৰা এঘাৰ মহলীয়া ভৱনটো দুয়োখন দেশৰ মাজত শক্তিশালী আৰু দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা তথা  নিৰাপত্তা সহযোগিতাৰ প্ৰতীক হিচাবে বিবেচিত হৈছে।

 

ভাৰতৰ আৰ্থিক সাহায্যত নিৰ্মাণ কৰা এই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ  ভৱনটোৱে মালদ্বীপৰ প্ৰতিৰক্ষা তথা  আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষৰ সামৰ্থ্য বৃদ্ধিৰ দিশত অৰিহণা যোগাব।

 

****

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2148786) অতিথি কক্ষ : 31