তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাতৰি কাকত, সাময়িকী আৰু টিভি চেনেলসমূহক প্ৰামাণিক বাতৰিৰ বিষয়বস্তু বিনামূলীয়াকৈ লাভ কৰিবলৈ পিবি-এছএইছএবিডি ( PB-SHABD) প্লেটফৰ্মত পঞ্জীয়ন কৰিবলৈ আহ্বান

Posted On: 23 JUL 2025 7:02PM by PIB Guwahati

প্ৰসাৰ ভাৰতীয়ে সমগ্ৰ ভাৰতৰ সকলো বাতৰি কাকত, সাময়িকী  আৰু টিভি চেনেলক নিজৰ নিউজৱায়াৰ প্লেটফৰ্ম প্ৰসাৰ ভাৰতী শ্বেয়াৰড অডিঅ’ ভিজুৱেলছ ফৰ ব্ৰডকাষ্ট এণ্ড ডিচেমিনেচন (পিবি-এছএবডি)ত পঞ্জীয়ন কৰি উচ্চমানৰ বাতৰি আৰু মাল্টিমিডিয়া কন্টেন্ট বিনামূলীয়াকৈ লাভ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

২০২৪ চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা পিবি-এছএইছএবিডিয়ে দৈনিক একাধিক ভাৰতীয় ভাষাত ৮০০ৰো অধিক বাতৰি প্ৰদান কৰে, যিয়ে ৪০টাতকৈও অধিক বৈচিত্ৰ্যপূৰ্ণ শিতানক সামৰি লৈছে। প্লেটফৰ্মত মূল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ লাইভ ফিড, দৃশ্যমান বিষয়বস্তুৰ এক সমৃদ্ধ আৰ্কাইভ আৰু নিয়মিতভাৱে প্ৰকাশিত বিশ্লেষণাত্মক তথা  গৱেষণাভিত্তিক প্ৰবন্ধও উপলব্ধ। সকলো বিষয়বস্তু ব্যৱহাৰযোগ্য বিন্যাসত উপলব্ধ কৰোৱা হৈছে ।  ফলত মিডিয়া সংস্থা আৰু বিষয়বস্তু সৃষ্টিকৰ্তাসকলৰ বাবে সহজে প্ৰৱেশ  কৰিব পৰাটো নিশ্চিত  হৈ পৰিছে।

 

শেহতীয়াকৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত প্ৰামাণিক আৰু সহজবোধ্য  তথ্য ব্যাপকভাৱে প্ৰচাৰ হোৱাটো নিশ্চিত কৰিবলৈ সকলো বিশ্বাসযোগ্য সংবাদ মাধ্যমৰ সংস্থাক অন্তৰ্ভুক্ত হোৱাৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়।

 

সংবাদ মাধ্যমৰ সংস্থাসমূহে shabd.prasarbharati.org ত এই প্লেটফৰ্মৰ বিষয়ে অধিক জানিব পাৰিব আৰু ইয়াত এই বিষয়ক বিভাগীয় পুস্তিকা আদি চাব পাৰিব:

 

https://shabd.prasarbharati.org/public/assets/E-brochure_SHABD_balanced%20final_web.pdf

 

পঞ্জীয়ন বিনামূলীয়া আৰু shabd.prasarbharati.org/register ত সেয়া উপলব্ধ

 

অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে: শ্ৰীমতী জয়ন্তী ঝা, সহকাৰী সঞ্চালক, পিবি-এছএইছএবিডি, ইমেইল: jha.jayanti16[at]gmail[dot]com

***

Dharmendra Tewari\Navin Sreejith/DM


(Release ID: 2147613)