তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মুম্বাইত অনুষ্ঠিত হ’ল ‘৫৬ সংখ্যক আই এফ এফ আই’-ৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক
Posted On:
18 JUL 2025 4:51PM by PIB Guwahati
‘৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক আজি ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ৰ মুখ্য কাৰ্যালয়, মুম্বাইত অনুষ্ঠিত হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্ত্ৰালয়টোৰ সচিব শ্ৰী সঞ্জয় জাজু, মহোৎসৱৰ সঞ্চালক শ্ৰী শেখৰ কাপুৰ, ‘এন এফ ডি চি’ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগদুম, গোৱা চৰকাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ‘এন এফ ডি চি’ৰ জ্যেষ্ঠ বিষয়াবৰ্গ, আৰু ভাৰতীয় তথা বিশ্ব চলচ্চিত্ৰ উদ্যোগসমূহৰ এটা সন্মানীয় প্ৰতিনিধিমণ্ডল উপস্থিত থাকে।

বৈঠকত কাৰ্যসূচী, প্ৰসাৰ, প্ৰতিভাৰ সংযোগ আৰু উৎসৱৰ অন্তৰ্ভুক্তি, বিশ্বজোৰা অৱস্থিতি, আৰু জনসংযোগ বৃদ্ধিৰ লক্ষ্যৰে উদ্ভাৱনী পদক্ষেপ সন্দৰ্ভত বিশদ আলোচনাৰে ‘আই এফ এফ আই ২০২৫’ৰ বাবে কৌশলগত পৰিকল্পনাত গুৰুত্ব আৰোপ কৰা হয়। ২০২৫ চনৰ ২০ তাৰিখৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’ব ‘আইএফএফআই’ৰ ৫৬ সংখ্যক সংস্কৰণ। যুৱক-যুৱতীসকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি এই মহোৎসৱে ‘কিউৰেটেড মাষ্টাৰক্লাছ’, ‘উদ্যোগ কৰ্মশালা’ আৰু ‘নেটৱৰ্কিং প্লেটফৰ্ম’ৰ জৰিয়তে শিক্ষাৰ্থী চলচ্চিত্ৰ নিৰ্মাতা আৰু যুৱ ‘কন্টেন্ট নিৰ্মাতা’সকলৰ বাবে নতুন পথ মুকলি কৰিব, যিয়ে নতুন কণ্ঠক চলচ্চিত্ৰজগতৰ দিগগজসকলৰ সৈতে সংযুক্ত কৰিব।


‘আই এফ এফ আই’ৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বজাৰ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ উপাদান তথা নতুনকৈ পুনৰ ‘ব্ৰেণ্ড’ কৰা ‘ৱেভছ ফিল্ম বজাৰ’ও চলি আছে। ভাৰতক ‘বিষয়বস্তু’, সৃষ্টিশীলতা, আৰু ‘যৌথ-প্ৰযোজনা’ৰ বাবে গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিস্তৃত কৌশলগত দৃষ্টিভংগীৰ অংশ হিচাপে পৰিচালনা সমিতিয়ে ‘ফিল্ম বজাৰ’ক ‘ৱেভছ ফিল্ম বজাৰ’লৈ পুনৰ ‘ব্ৰেণ্ডিং’ কৰাৰ প্ৰসংগত আলোচনা কৰাৰ লগতে সমৰ্থন আগবঢ়ায়।
উৎসৱৰ আৰ্হিৰ বিষয়ে অধিক অন্তৰ্ভুক্তি আৰু সৃষ্টিশীল অন্তৰ্দৃষ্টি গঢ়ি তোলাৰ পদক্ষেপত পৰিচালনা সমিতিখনক ১৬ গৰাকী সদস্যৰ পৰা ৩১ গৰাকী সদস্যলৈ যথেষ্ট সম্প্ৰসাৰিত কৰা হৈছে—যিটোৱে অধিক বৈচিত্ৰ্যময় আৰু উদ্যোগ-প্ৰতিনিধিত্বশীল সংস্থা এটাক প্ৰতিফলিত কৰিছে। এই সমিতিখনত অনুপম খেৰ, গুণিত মংগা কাপুৰ, সুহাসিনী মণিৰত্নম, খুছবু সুন্দৰ, পংকুজ পৰাশৰ, আৰু প্ৰসূন যোশী আদি উল্লেখযোগ্য নাম অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে চলচ্চিত্ৰ, নিৰ্মাণ, সংবাদ মাধ্যম, আৰু সাংস্কৃতিক নেতৃত্বৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞতাৰ সমৃদ্ধি আনিছে।
‘আই এফ এফ আই ২০২৫’-ৰ সৃষ্টিশীল অৰ্থনীতি শক্তিশালী কৰা, সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ষ্টাৰ্টআপসমূহক সহায় কৰা, আৰু একক উইণ্ড’ৰ সুবিধা আৰু উদগণি ভিত্তিক নীতিৰ জৰিয়তে বিশ্বজোৰা প্ৰযোজনসমূহক ভাৰতত চিত্ৰগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা বিস্তৃত দৃষ্টিভংগীৰ সৈতেও মিল আছে। ইয়াৰ অভিলাষী কাৰ্যক্ৰম, অন্তৰ্ভুক্ত পদ্ধতি, আৰু চিনেমাৰ উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰে ‘আই এফ এফ আই’ৰ ৫৬ সংখ্যক সংস্কৰণটো এক সাফল্য উদযাপন কৰিবলৈ সাজু হৈছে- যিয়ে সংযুক্ত, সৃষ্টিশীল আৰু সহযোগিতামূলক জগতখনত চলচ্চিত্ৰৰ বিৱৰ্তনশীল অৰ্থক প্ৰতিফলিত কৰে।
Sayyid Rabeehashmi/ Nikita Joshi/ Sriyanka Chatterjee/Preeti Malandkar/KB
(Release ID: 2145980)
Read this release in:
Marathi
,
Hindi
,
Malayalam
,
English
,
Urdu
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada