বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বিভিন্ন বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ অধীনত গাঁও পঞ্চায়ত আৰু নগৰ প্ৰশাসনৰ কাষ চাপিবলৈ ০১.০৭.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ ৩ মাহৰ বিশেষ অভিযান আৰম্ভ বিত্তীয় সেৱা বিভাগৰ

পিএমজেডিৱাইৰ অধীনত বেংক একাউণ্টবিহীন প্ৰাপ্তবয়স্কৰ বাবে বেংক একাউণ্ট খোলা; পিএমজেজেবিৱাই, পিএমএছবিৱাই, এপিৱাইৰ অধীনত পঞ্জীয়ন বৃদ্ধি কৰা; ডিজিটেল জালিয়াতি প্ৰতিৰোধৰ সন্দৰ্ভত সজাগতা অধিবেশন, অন্যান্য দিশসমূহেই অভিযানৰ মূল লক্ষ্য

Posted On: 01 JUL 2025 6:38PM by PIB Guwahati

বিভিন্ন বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ অধীনত সমগ্ৰ দেশৰ গাঁও পঞ্চায়ত আৰু নগৰ প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে আজি বিত্তীয় সেৱা বিভাগে ৩ মাহৰ বিশেষ অভিযান আৰম্ভ কৰে। ইয়াৰ অধীনত ৩৩টা স্থানত বিশেষ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানত জনপ্ৰতিনিধি, ৰাজ্য চৰকাৰৰ বিষয়া, বিভিন্ন বেংকৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গুজৰাটত মুখ্যমন্ত্ৰীয়ে নিজেই ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰে।

এই বিশেষ অভিযান ০১.০৭.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ চলিব। দেশৰ সমগ্ৰ ২.৭ লাখ গাঁও পঞ্চায়ত আৰু নগৰ প্ৰশাসন সামৰি লোৱা হ’ব।

এই অভিযানৰ জৰিয়তে সকলো বেংক একাউণ্টৰ কেৱাইচি আপডেটৰ লগতে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত বেংক একাউণ্ট খোলা হৈছে। সকলোকে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ অধীনলৈ অনা হৈছে। ইয়াৰ লগতে ডিজিটেল জালিয়াতিৰ বিষয়ে সজাগতা প্ৰচাৰ কৰা হৈছে আৰু দীৰ্ঘদিন ধৰি বেংক একাউণ্টত জমা হৈ থকা ধনৰ প্ৰৱেশ আৰু অভিযোগ নিৰাময় ব্যৱস্থাপনাৰ বিষয়েও মানুহক সজাগ কৰা হৈছে।

এই অভিযানৰ প্ৰথম দিনাই দেশৰ ২,০৮৭খন গাঁও পঞ্চায়তত বিশেষ শিবিৰৰ আয়োজন কৰা হয়। ৰাইজৰ উৎসাহ স্পষ্ট হৈ পৰিল।

 

************

NB/AD/DB


(Release ID: 2145638)