কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
নবীকৰণযোগ্য শক্তিৰ বৃদ্ধি ত্বৰান্বিত কৰিবলৈ এনএলচিআইএলৰ বাবে বিনিয়োগৰ ৰেহাইত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
Posted On:
16 JUL 2025 2:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই)ৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰচলিত বিনিয়োগৰ নিৰ্দেশনাৰ পৰা এনএলচি ইণ্ডিয়া লিমিটেডৰ বাবে বিশেষ ৰেহাইৰ অনুমোদন জনাইছে। এই কৌশলগত সিদ্ধান্তই এনএলচিআইএলক ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএলচি ইণ্ডিয়া ৰিনিউৱেবলছ লিমিটেড (এনআইআৰএল)ত ৭,০০০ কোটি টকা বিনিয়োগ কৰিবলৈ সক্ষম কৰি তুলিব আৰু পৰৱৰ্তী সময়ত এনআইআৰএলে বিভিন্ন প্ৰকল্পত প্ৰত্যক্ষভাৱে বা যৌথ উদ্যোগ গ্ৰহণৰ জৰিয়তে বিনিয়োগ কৰিবলৈ সক্ষম কৰি তুলিব।ৱ এয়া বৰ্তমানৰ ক্ষমতা প্ৰদানৰ অধীনত পূৰ্ব অনুমোদনৰ প্ৰয়োজন নোহোৱাকৈয়ে সম্ভৱ হ'ব। এই বিনিয়োগ সম্পৰ্কীয় পদক্ষেপত এনএলচিআইএল আৰু এনআইআৰএলক অধিক কাৰ্য্যকৰী তথা বিত্তীয় নমনীয়তা প্ৰদান কৰাৰ লগতে জেভি আৰু সহযোগী কোম্পানীসমূহত চিপিএছইসমূহে সামগ্ৰিক বিনিয়োগৰ বাবে ৰাজহুৱা উদ্যোগ বিভাগে (ডিপিই) নিৰ্ধাৰণ কৰা ৩০% নেট ৱৰ্থৰ সীমাৰ পৰা ৰেহাই দিয়া হৈছে।
এই ৰেহাইৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ১০.১১ গিগাৱাট নবীকৰণযোগ্য শক্তি (আৰ ই)ৰ ক্ষমতা বিকাশ কৰা আৰু ২০৪৭ চনৰ ভিতৰত ইয়াক ৩২ গিগাৱাটলৈ সম্প্ৰসাৰণ কৰাৰ অভিলাষী লক্ষ্যক পূৰণত সহায় কৰা।এই অনুমোদন কম কাৰ্বনযুক্ত অৰ্থনীতিৰ দিশত পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন সাধনৰ বাবে চি অ’ পি ২৬ৰ সময়ত ভাৰতে দিয়া প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি কৰা হৈছে। “পঞ্চামৃত” লক্ষ্য আৰু ২০৭০ চনৰ ভিতৰত নিকা শূন্য নিৰ্গমন লাভৰ বাবে দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ অংশ হিচাপে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট অজীৱাশ্ম ইন্ধন শক্তিৰ ক্ষমতা অৰ্জনৰ প্ৰতিশ্ৰুতিও এনে সিদ্ধান্তত নিহিত হৈ আছে।
এক উল্লেখযোগ্য শক্তি সংস্থা নৱৰত্ন চিপিএছই হিচাপে এনএলচিআইএলে এই পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই বিনিয়োগৰ জৰিয়তে এনএলচিআইএলে নিজৰ নবীকৰণযোগ্য শক্তিৰ পৰিসৰ যথেষ্ট পৰিমাণে সম্প্ৰসাৰণ কৰিব বিচাৰে আৰু ৰাষ্ট্ৰীয় তথা বিশ্বৰ জলবায়ু সম্পৰ্কীয় বিষয়ত অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাব বিচাৰে।
বৰ্তমান এনএলচিআইএলে মুঠ স্থাপন ক্ষমতা ২ জিডব্লিউৰ সৈতে সাতটা নবীকৰণযোগ্য শক্তি সম্পত্তি পৰিচালনা কৰি আহিছে, যিবোৰ হয় কাৰ্যক্ষম হৈ আছে অথবা বাণিজ্যিক কাৰ্য্যকলাপৰ বাবে সাজু হৈ উঠিছে। কেবিনেট অনুমোদন অনুসৰি এই সম্পত্তিসমূহ এন আই আৰ এললৈ হস্তান্তৰ কৰা হ’ব। এনএলচিআইএলৰ সেউজ শক্তি পদক্ষেপৰ বাবে ফ্লেগশ্বিপ প্লেটফৰ্ম হিচাপে কল্পনা কৰা এনআইআৰএলে নতুন প্ৰকল্পৰ বাবে প্ৰতিযোগিতামূলক নিবিদাত অংশগ্ৰহণকে ধৰি সমগ্ৰ নবীকৰণযোগ্য শক্তি খণ্ডতে নতুন সুযোগৰ সন্ধান কৰি আছে।
এই অনুমোদনে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি, কয়লা আমদানি হ্ৰাস কৰি আৰু সমগ্ৰ দেশতে ২৪x৭ বিদ্যুৎ যোগানৰ নিশ্চয়তা বৃদ্ধি কৰি সেউজ শক্তিৰ অগ্ৰণী দেশ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
পৰিৱেশ সম্পৰ্কীয় প্ৰভাৱৰ বাহিৰেও এই পদক্ষেপে নিৰ্মাণ আৰু পৰিচালনাৰ পৰ্যায়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে উল্লেখযোগ্য নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে— ফলত স্থানীয় লোকসকল উপকৃত হ’ব আৰু অৰ্থনৈতিক বৃদ্ধিত সহায়ক হ’ব।
****
MJPS/SKS/DM
(Release ID: 2145395)
Visitor Counter : 3
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam