বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

দেশজোৰা বিত্তীয় অন্তৰ্ভুক্তি অভিযানে লাভ কৰিছে উল্লেখযোগ্য অগ্ৰগতি

২০২৫ চনৰ ১ জুলাইৰ পৰা দেশৰ বিভিন্ন জিলাত মুঠ ৪৩,৪৪৭টা শিবিৰৰ আয়োজন কৰা হৈছে

প্ৰায় ১.৪ লাখ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ নতুন একাউণ্ট খোলা হৈছে; তিনিখন জন সুৰক্ষা আঁচনিৰ অধীনত ৫.৪ লাখতকৈ অধিক নতুন অন্তৰ্ভুক্তি

Posted On: 15 JUL 2025 8:03PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে (ডিএফএছ), প্ৰধানমন্ত্ৰী জন ধন আঁচনি (পিএমজেডিৱাই), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি (পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি  (পিএমএছবিৱাই) আৰু অটল পেঞ্চন যোজনা (এপিৱাই) দৰে ফ্লেগশ্বিপ আঁচনিসমূহৰ প্ৰসাৰক শক্তিশালী কৰিবলৈ ২০২৫ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তিনিমাহৰ বাবে দেশজোৰা  অভিযান আৰম্ভ কৰিছে। এই অভিযানে সকলো গাঁও পঞ্চায়ত (জিপি) আৰু নগৰীয়া স্থানীয় সংস্থা (ইউ এল বি)আদিক সামৰিলৈ  এনে আঁচনিসমূহৰ  ব্যাপক প্ৰসাৰৰ বাবে  লক্ষ্য নিৰ্ধাৰণ  কৰিছে, যাতে প্ৰতিগৰাকী  যোগ্য নাগৰিকে এই পৰিৱৰ্তনশীল আঁচনিসমূহৰ   সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হয়।

 

২০২৫ চনৰ ১ জুলাইত এই অভিযান আৰম্ভ হোৱাৰ পৰৱৰ্তী  দুসপ্তাহত মূল আঁচনিৰ অধীনত হিতাধিকাৰীৰ নামভৰ্তিৰ সুবিধা আৰু বিত্তীয় সাক্ষৰতা বৃদ্ধিৰ বাবে বিভিন্ন জিলাত মুঠ ৪৩,৪৪৭টা শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই পৰ্যন্ত ৩১,৩০৫টা শিবিৰৰ অগ্ৰগতিৰ প্ৰতিবেদনো প্ৰস্তুত কৰা হৈছে।

 

চত্তীশগড়ৰ বালোদ গাঁও পঞ্চায়তত আৰ্থিক অন্তৰ্ভুক্তিৰ অভিযান

 

 

মূল কাৰ্য্যকলাপসমূহ:

 

  • একাউণ্ট খোলা:
  • নতুন পিএমজেডিৱাই একাউণ্ট: ১,৩৯,২৯১
  • নিষ্ক্ৰিয় একাউণ্টসমূহৰ বাবে  কেৱাইচি (KYC) বিৱৰণৰ পুনৰ পৰীক্ষণ:
  • পিএমজেডিৱাই একাউণ্ট: ৯৬,৩৮৩
  • অন্যান্য ছেভিংছ একাউণ্ট: ১,০১,৭৭৮
  • মনোনয়নৰ সবিশেষ আপডেট:
  • পিএমজেডিৱাই একাউণ্ট: ৬৬,৪৯৪
  • অন্যান্য হিচাপ: ৬৩,৪৮৯
  • সামাজিক সুৰক্ষা আঁচনিৰ অধীনত নতুন অন্তৰ্ভুক্তি :
  • প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই): ১,৮৩,২২৫
  • প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই): ২,৮৮,৭১৪
  • অটল পেঞ্চন যোজনা (এপিৱাই): ৬৭,৬৬৮
  • পিএমজেজেবিৱাই আৰু পিএমএছবিৱাইৰ অধীনত নিষ্পত্তি কৰা দাবী: ১,৬৬৫
  • ডিজিটেল প্ৰৱঞ্চনা সম্পৰ্কীয়  সজাগতা, দাবী নকৰা জমা ধন লাভৰ উপায় আৰু উপলব্ধ অভিযোগ নিৰাময়ৰ  বিষয়ে  বিত্তীয় সাক্ষৰতা কাৰ্যসূচী।

অসমৰ কাৰ্বি আংলঙত বিত্তীয় অন্তৰ্ভুক্তিৰ অভিযান

 

এই অভিযান ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে চলি থকাৰ কথা, ইয়াত প্ৰায় ২.৭০ লাখ গাঁও পঞ্চায়তত  আৰু ইউএলবিক সামৰি লোৱা হৈছে ।  ইয়াত চৰকাৰৰ  শেষ মাইললৈকে  বিত্তীয় সবলীকৰণ নিশ্চিত কৰা আৰু আনুষ্ঠানিক বিত্তীয় সেৱাৰ সুবিধাৰ জৰিয়তে আৰ্থ-সামাজিক অন্তৰ্ভুক্তি বৃদ্ধিৰ প্ৰতিশ্ৰুতিক সামৰি লোৱা হৈছে।

 

ভাৰত চৰকাৰৰ বিত্তীয় অন্তৰ্ভুক্তি (এফ আই) পদক্ষেপসমূহে আনুষ্ঠানিক বিত্তীয় সেৱাসমূহৰ সমতাপূৰ্ণ সুবিধা প্ৰদান কৰি অৰ্থনৈতিক তথা  সামাজিকভাৱে দুৰ্বল সমাজৰ প্ৰান্তীয় সম্প্ৰদায়সমূহক সবলীকৰণৰ বাবে এক মূল স্তম্ভ হিচাপে কাম কৰিছে। এই পদক্ষেপসমূহে  বেংকত পূৰ্বে কোনো একাউণ্ট নথকা  ব্যক্তিসকলক মূলসুঁতিৰ বেংকিং পৰিসৰলৈ অনাৰ বাবে গ্ৰহণ কৰা হৈছে। যি পদক্ষেপে সৰ্বাংগীন আৰু বহনক্ষম অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰি তুলিব।

 

NB/AD/DM


(Release ID: 2145254)