প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী ফৌজা সিঙৰ মৃত্যুত শোক প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 JUL 2025 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ফৌজা সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰে, যাৰ অসাধাৰণ ব্যক্তিত্ব আৰু অটল মতাদৰ্শই তেওঁক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰেৰণাৰ উৎস কৰি তুলিছিল। তেওঁক অবিশ্বাস্য দৃঢ়তাৰ এজন ব্যতিক্ৰমী খেলুৱৈ হিচাপে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

এক্সৰ এটা পোষ্টত তেওঁ কয় ঃ

“ফৌজা সিংজীয়ে তেওঁৰ অনন্য ব্যক্তিত্ব আৰু ফিটনেছৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ যুৱক-যুৱতীসকলক যিধৰণে অনুপ্ৰাণিত কৰিছিল তাৰ বাবে অসাধাৰণ আছিল। তেওঁ আছিল অবিশ্বাস্য দৃঢ়তাৰে এজন ব্যতিক্ৰমী খেলুৱৈ। তেওঁৰ বিয়োগত দুখিত হৈছো। তেওঁৰ পৰিয়াল আৰু বিশ্বৰ অগণন অনুৰাগীৰ সৈতে মোৰ সমবেদনা জ্ঞাপন কৰিছো।

****

MJPS/SR/SKS/KD


(रिलीज़ आईडी: 2144755) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , Marathi , हिन्दी , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam