পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
azadi ka amrit mahotsav

এনএইচএআই-এ ব্লেকলিষ্টিঙৰ বাবে 'লুজ ফাষ্টেগ' ৰিপ’ৰ্টিং প্ৰক্ৰিয়া সুদৃঢ় কৰে

Posted On: 11 JUL 2025 1:17PM by PIB Guwahati

মসৃণ টোলিং কাৰ্য্যকলাপ নিশ্চিত আৰু ‘লুজ ফাষ্টেগ’-ৰ ৰিপ’ৰ্টিং সুদৃঢ়কৰণৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) টোল সংগ্ৰহকাৰী সংস্থা আৰু অধিকাৰপ্ৰাপ্ত সংস্থাই (Concessionaires) তাৎক্ষণিকভাৱে সাধাৰণতে “টেগ-ইন-হেণ্ড” বুলিও কোৱা ‘লুজ ফাষ্টেগ’ ৰিপ’ৰ্ট আৰু ব্লেকলিষ্ট কৰিবলৈ ইয়াৰ নীতিক অধিক সুশৃংখলিত কৰিছে। বাৰ্ষিক পাছ ব্যৱস্থা আৰু মাল্টি-লেন মুক্ত প্ৰবাহ (MLFF) টোলিঙৰ দৰে আগন্তুক পদক্ষেপৰাজিৰ প্ৰতি লক্ষ্য ৰাখি ফাষ্টেগ প্ৰামাণ্যতা আৰু ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা নিশ্চিতকৰণৰ অৰ্থে এই উদ্বেগৰে মোকাবিলাকৰণ অতিশয় গুৰুত্বপূৰ্ণ।

কেতিয়াবা ইচ্ছাকৃতভাৱে গাড়ীৰ গৰাকীয়ে উইণ্ডস্ক্ৰীণত ফাষ্টেগ নলগোৱাকৈ থাকে। এনে অভ্যাসে কাৰ্য্যকৰী প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। ইয়াৰ পৰিণতিত লেনত যানজঁট, ভুৱা চাৰ্জবেকৰ সৃষ্টি, ক্লজড লুপ টোলিং ব্যৱস্থাৰ অপ-ব্যৱহাৰ, ইলেক্ট্ৰনিক টোল সংগ্ৰহ কাঠামোত সামগ্ৰিকভাৱে ব্যাঘাত জন্মায়। ইয়াৰ বাবে টোল প্লাজাত অনৰ্থক পলম হয় আৰু আন ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলৰ অসুবিধা হয়।

সময়মতে সংশোধনী ব্যৱস্থা নিশ্চিত কৰিবলৈ এনএইচএআই-এ এটা সমৰ্পিত ইমেইল আইডি আগবঢ়াইছে আৰু টোল সংগ্ৰহকাৰী সংস্থা তথা অধিকাৰপ্ৰাপ্ত সংস্থাসমূহক এনে ফাষ্টেগক তাৎক্ষণিকভাৱে ৰিপ’ৰ্ট কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। লাভ হোৱা ৰিপ’ৰ্টৰ ভিত্তিত এনএইচএআই-এ ৰিপ’ৰ্ট কৰা ফাষ্টেগসমূহৰ ব্লেকলিষ্টিং / হটলিষ্টিং আৰম্ভৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব।

৯৮ শতাংশৰো অধিক ব্যৱহাৰৰ হাৰেৰে ফাষ্টেগে দেশৰ ইলেক্ট্ৰনিক টোল সংগ্ৰহ ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। লুজ ফাষ্টেগ বা "টেগ-ইন-হেণ্ড"-এ ইলেক্ট্ৰনিক টোল সংগ্ৰহ কাৰ্য্যকলাপৰ ফলপ্ৰসূতাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এই পদক্ষেপে টোল কাৰ্য্যকলাপক অধিক কাৰ্য্যক্ষম কৰি তোলাত সহায়েৰে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলৰ নিৰৱচ্ছিন্ন আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰিব।

***

SR/GDH/SJ/SB
 


(Release ID: 2144125)