গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

বান, ভূমিস্খলনত ক্ষতিগ্ৰস্ত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা, উত্তৰাখণ্ডলৈ এক হাজাৰ কোটিতকৈ অধিক টকা মুকলি কৰিবলৈ কেন্দ্ৰৰ অনুমোদন

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ অধীনত কেন্দ্ৰীয় অংশীদাৰিত্বৰ অংশ হিচাপে আবণ্টন দিয়া হৈছে এই পুঁজি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত চলিত বৰ্ষত ১৯খন ৰাজ্যলৈ এছডিআৰএফ/এনডিআৰএফ পুঁজিৰ অধীনত মুকলি কৰা হৈছে ৮ হাজাৰ কোটি টকা

সকলো পৰিস্থিতিতে ৰাজ্যসমূহৰ কাষত দৃঢ়তাৰে থিয় দিছে মোদী চৰকাৰ

আৰ্থিক সাহায্যৰ উপৰি সকলো বান, ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৰাজ্যলৈ প্ৰয়োজনীয় এনডিআৰএফ, সেনা আৰু বায়ুসেনাকে ধৰি সকলো লজিষ্টিক সহায় আগবঢ়াইছে কেন্দ্ৰই

Posted On: 10 JUL 2025 4:36PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে বান, ভূমিস্খলনত ক্ষতিগ্ৰস্ত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা, উত্তৰাখণ্ডৰ বাবে ১,০৬৬.৮০ কোটি টকা মুকলি কৰি দিবলৈ অনুমোদন জনাইছে। বানপীড়িত ৬খন ৰাজ্যৰ ভিতৰত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ অধীনত কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে অসমক ৩৭৫.৬০ কোটি টকা, মনিপুৰক ২৯.২০ কোটি টকা, মেঘালয়ক ৩০.৪০ কোটি টকা, মিজোৰামক ২২.৮০ কোটি টকা, কেৰালাক ১৫৩.২০ কোটি টকা  আৰু উত্তৰাখণ্ডক ৪৫৫.৬০ কোটি টকা লাভ কৰিছে। চলিত বৰ্ষৰ দক্ষিণ-পশ্চিম বৰ্ষাকালত অতিপাত বৃষ্টিপাত, বানপানী আৰু ভূমিস্খলনত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰ বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণত প্ৰভাৱিত ৰাজ্যসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। বিগত সময়তো মোদী চৰকাৰ সকলো পৰিস্থিতিত ৰাজ্যৰ কাষত দৃঢ়তাৰে থিয় দিছে।

চলিত বৰ্ষত কেন্দ্ৰই ১৪খন ৰাজ্যলৈ ইতিমধ্যে এছডিআৰএফৰ শিতানত ৬,১৬৬.০০ কোটি টকা  আৰু এনডিআৰএফৰ শিতানত ১২খন ৰাজ্যলৈ ১,৯৮৮.৯১ কোটি টকা মুকলি কৰি দিছে। তদুপৰি, ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিএমএফ)ৰ অধীনত ৫খন ৰাজ্যলৈ ৭২৬.২০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত ২ খন ৰাজ্যলৈ ১৭.৫৫ কোটি টকা মুকলি কৰি দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰে সকলো বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ৰাজ্যত প্ৰয়োজনীয় এনডিআৰএফ, সেনা আৰু বায়ুসেনাৰ দল নিয়োগ ৰকৰাকে ধৰি সকলো লজিষ্টিক সহায় আগবঢ়াইছে। চলিত বাৰিষাৰ সময়ছোৱাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এনডিআৰএফৰ ১০৪টা দল নিয়োগ কৰা হৈছে।

*****

RK/VV/RR/HS/PS/PR/DB


(Release ID: 2143767)