ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উন্মোচন কৰিলে ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ ট্ৰফী

प्रविष्टि तिथि: 04 JUL 2025 12:25PM by PIB Guwahati

আজি (৪ জুলাই, ২০২৫) ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ডুৰাণ্ড কাপ টুৰ্ণামেণ্ট ২০২৫ৰ ট্ৰফী উন্মোচন কৰে।

 

এই উপলক্ষে্য প্ৰদান কৰা চমু ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ক্ৰীড়াই অনুশাসন, দৃঢ়তা আৰু দলীয় মনোভাৱক প্ৰসাৰিত কৰে। ক্ৰীড়াৰ  মানুহ, অঞ্চল আৰু দেশসমূহক সংযোগ কৰাৰ অনন্য শক্তি আছে। ভাৰতত ক্ৰীড়া ৰাষ্ট্ৰীয় সংহতিৰ  এক শক্তিশালী আহিলা হিচাবে পৰিগণিত হৈ আহিছে। অলিম্পিক বা যিকোনো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ত্ৰিৰংগ পতাকা  উৰিলে সকলো নাগৰিক ৰোমাঞ্চিত হৈ পৰে বুলিও ৰাষ্ট্ৰপতিয়ে কয় ।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে লাখ লাখ লোকৰ হৃদয়ত ফুটবলে এক বিশেষ স্থান দখল কৰি আছে। এয়া  কেৱল এক  খেল নহয়; ই এক আবেগ। ফুটবল খেলত কৌশল, সহনশীলতা আৰু একেলগে এক উমৈহতীয়া লক্ষ্যৰ দিশত কাম কৰা এই সকলোবোৰ দিশেই অন্তৰ্নিহিত হৈ আছে ।   ডুৰাণ্ড কাপৰ দৰে অনুষ্ঠানে খেলৰ মনোভাৱক উজ্জ্বীৱিত কৰাই নহয়, পৰৱৰ্তী প্ৰজন্মৰ ফুটবল খেলুৱৈ গঢ়ি তোলাত সহায় কৰাৰ লগতে তেওঁলোকৰ বিকাশৰ  বাবে এক মঞ্চ প্ৰদান কৰে। ডুৰাণ্ড কাপৰ মনোভাৱক জীয়াই ৰখা আৰু প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ ভূমিকাৰো ৰাষ্ট্ৰপতিয়ে  শলাগ লয়।

 

***

MJPS/SR/SKS


(रिलीज़ आईडी: 2142207) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Khasi , Urdu , हिन्दी , Marathi , Bengali-TR , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Malayalam