ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ, ২০২৫’ উপলক্ষে নতুন দিল্লীত আয়োজিত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমবায় মন্ত্ৰীসকলৰ "মন্থন বৈঠক"-ত অধ্যক্ষতা কৰে

ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমবায় মন্ত্ৰীসকলৰ "মন্থন বৈঠক" হ’ল সমবায় খণ্ডক সুদৃঢ়কৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ

মোদী চৰকাৰে আগন্তুক ৫ বছৰত প্ৰতিখন গাঁৱতে সমবায় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, ইয়াৰ বাবে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ ব্যৱহাৰ কৰা উচিত

মোদী চৰকাৰে সমবায় খণ্ডত আইনৰ পৰিৱৰ্তন, কাম-কাজৰ সম্প্ৰসাৰণ আৰু নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰিছে

প্ৰতিখন ৰাজ্যৰ অন্ততঃ এখনকৈ সমবায় প্ৰশিক্ষণ প্ৰতিষ্ঠান ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হ’ব লাগে আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ সমগ্ৰ সমবায় প্ৰশিক্ষণ ব্যৱস্থাক পৰিচালনা কৰিব লাগে

শীঘ্ৰেই ৰাষ্ট্ৰীয় সমবায় নীতি ঘোষণা কৰা হ’ব, ইয়াৰ অধীনত স্থানীয় প্ৰয়োজনীয়তা অনুসৰি প্ৰতিখন ৰাজ্যৰ নীতি প্ৰণয়ন কৰা হ’ব

ৰাজ্যিক সমবায় মন্ত্ৰীসকলে কৃষি মন্ত্ৰীসকলৰ সৈতে একেলগে কাম কৰি প্ৰাকৃতিক কৃষিকাৰ্য্যক প্ৰসাৰিত কৰিব লাগে, যাতে জনস্বাস্থ্য আৰু পৃথিৱীৰ মংগল উভয়ে নিশ্চিত হয়

Posted On: 30 JUN 2025 8:18PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমবায় মন্ত্ৰীসকলৰ "মন্থন বৈঠক"-ত অধ্যক্ষতা কৰে। ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ উদ্যোগত উদযাপিত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ (IYC), ২০২৫ উদযাপনৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হৈছে। "মন্থন বৈঠক"-ৰ এনে সফল আয়োজন সমবায় খণ্ডক সুদৃঢ়কৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ সমবায় মন্ত্ৰী, অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, সমবায় বিভাগৰ সচিবসকলে উৎসাহেৰে এই বৈঠকত অংশগ্ৰহণ কৰে। মন্থন বৈঠকৰ উদ্দেশ্য হৈছে ভাৰতৰ সমবায় আন্দোলনক সুদৃঢ়কৰণৰ বাবে অব্যাহত আঁচনিসমূহ পৰ্য্যালোচনা কৰা, কৃতিত্বৰাজিৰ মূল্যায়ন কৰা আৰু সমবায়ক প্ৰসাৰিতকৰণৰ বাবে এখনি গতিশীল মঞ্চ প্ৰশস্ত কৰা।

ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দীৰ্ঘদিনীয়া সমবায় পৰম্পৰাক পুনৰুজ্জীৱিতকৰণৰ লগতে বৰ্তমানৰ দৃষ্টিভংগীকো অনুধাৱণেৰে সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা দেশত সামাজিক পৰিৱৰ্তন আৰু উন্নয়নৰ এক নতুন দৃশ্যপট প্ৰত্যক্ষ হৈছে। তেওঁ কয় যে পূৰ্বে ভাৰতৰ প্ৰায় ৬০-ৰ পৰা ৭০ কোটি লোক মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অভাৱত জীৱন কটাবলগীয়া হৈছিল। তেওঁ কয় যে ২০১৪-ৰ পৰা ২০২৪-লৈকে ১০ বছৰৰ ভিতৰতে মোদী চৰকাৰে এনে কোটি-কোটি লোকক আৱাস, শৌচাগাৰ, খোৱাপানী, খাদ্য শস্য, স্বাস্থ্যসেৱা, গেছৰ চিলিণ্ডাৰ আৰু আন-আন সা-সুবিধা প্ৰদানেৰে তেওঁলোকৰ সপোনৰাজি বাস্তৱায়িত কৰিলে। শ্ৰী শ্বাহে আৰু কয় যে এই লোকসকলে এতিয়া উদ্যোগী হৈ নিজৰ জীৱনক অধিক উন্নত কৰিব বিচাৰে, কিন্তু ইয়াৰ বাবে তেওঁলোকৰ প্ৰাৰম্ভিক মূলধনৰ অভাৱ আৰু তেওঁলোকৰ বাবে তেওঁলোকৰ সামান্য পৰিমাণৰ মূলধনেৰে কিছু উল্লেখযোগ্য কাম কৰাৰ একমাত্ৰ উপায় হ’ল সমবায়। তেওঁ কয় যে ১৪০ কোটি জনসংখ্যাৰে ভাৰতৰ দৰে দেশৰ বাবে দুটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ — জিডিপি আৰু জিএছডিপি বৃদ্ধি, লগতে ১৪০ কোটি লোকৰ সকলোৰে বাবে নিয়োগৰ সুযোগ সৃষ্টি। তেওঁ কয় যে দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে সমবায় হৈছে একমাত্ৰ বিকল্প, ইয়াৰ অৰ্থেই চাৰি বছৰ পূৰ্বে অত্যন্ত দূৰদৰ্শিতাৰে সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে সংবেদনশীলতাৰে দেশৰ লাখ-লাখ ক্ষুদ্ৰ কৃষক আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ কল্যাণৰ বাবে সমবায় ব্যৱস্থাক পুনৰুজ্জীৱিত কৰিব লাগিব, কাৰণ এই খণ্ডত অপৰিসীম সুযোগ আছে।

শ্ৰী অমিত শ্বাহে কয় যে এই বৈঠকৰ উদ্দেশ্য কেৱল তেতিয়াহে পূৰণ হ’ব পাৰে, যেতিয়া দেশৰ সকলো ১৪০ কোটি লোকে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। ইয়াক সাফল্যমণ্ডিত কৰিবলৈ ভাৰত চৰকাৰে ৬০ টা পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ইয়াৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ সৃষ্টি, যিয়ে ব্যৱধান চিনাক্তকৰণত সহায় কৰিব। তেওঁ কয় যে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষটো এনেদৰে সৃষ্টি কৰা হৈছে, যাতে ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু তহচিল পৰ্য্যায়ৰ সমবায় প্ৰতিষ্ঠানসমূহে সামূহিকভাৱে চাব পাৰে যে কোন ৰাজ্যৰ কোনবোৰ গাঁৱত এখনো সমবায় প্ৰতিষ্ঠান নাই। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে আগন্তুক ৫ বছৰত প্ৰতিখন গাঁৱতে সমবায় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, ইয়াৰ বাবে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ ব্যৱহাৰ কৰা উচিত।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে ভাৰতত সমবায় আন্দোলন দুৰ্বল হোৱাৰ আঁৰত তিনিটা মূল কাৰণ আছে। তেওঁ কয় যে সময়ৰ লগে-লগে আইনৰ কোনো পৰিৱৰ্তন সাধন হোৱা নাছিল, মোদী চৰকাৰে এতিয়া এনে আইনৰ সংশোধন কৰিছে। তেওঁ লগতে কয় যে সমবায়ৰ কাম-কাজসমূহ সময়ৰ লগে-লগে সম্প্ৰসাৰিত বা সামঞ্জস্যপূৰ্ণ হোৱা নাছিল। তেওঁ কয় যে পূৰ্বে সমবায়ত নিযুক্তি নেপ’টিজিমৰ ভিত্তিত সম্পন্ন হৈছিল, এতিয়া ইয়াক নোহোৱা কৰিবলৈ ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয় (TSU)-ৰ ধাৰণাটোৰ জন্ম হৈছিল।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে প্ৰতিখন ৰাজ্যৰ অন্ততঃ এখনকৈ সমবায় প্ৰশিক্ষণ প্ৰতিষ্ঠান ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হ’ব লাগে আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ সমগ্ৰ সমবায় প্ৰশিক্ষণ ব্যৱস্থাক পৰিচালনা কৰিব লাগে। শ্ৰী শ্বাহে কয় যে অতি সোনকালেই ৰাষ্ট্ৰীয় সমবায় নীতিও ঘোষণা কৰা হ’ব, যি ২০২৫-ৰ পৰা ২০৪৫-লৈ অৰ্থাৎ ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকীলৈকে প্ৰায় কাৰ্য্যকৰী হ’ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় সমবায় নীতিৰ অধীনত প্ৰতিখন ৰাজ্যৰ সমবায় নীতি প্ৰণয়ন কৰা হ’ব আৰু নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব। তেওঁ কয় যে তেতিয়াহে স্বাধীনতাৰ শতবাৰ্ষিকীৰ ভিতৰত আমি এখন আদৰ্শ সমবায় সম্পন্ন ৰাষ্ট্ৰ হ’ব পাৰিম। শ্ৰী শ্বাহে কয় যে প্ৰতিখন ৰাজ্যই ২০২৬-ৰ ৩১ জানুৱাৰীৰ পূৰ্বে নিজৰ সমবায় নীতি ঘোষণা কৰিব লাগে। তেওঁ আৰু কয় যে সমগ্ৰ দেশতে সমবায় খণ্ডলৈ অনুশাসন, উদ্ভাৱন আৰু স্বচ্ছতাৰ সঞ্চাৰ কাৰ্য্য আদৰ্শ ৰাষ্ট্ৰীয় সমবায় নীতি আইনৰ জৰিয়তে সম্ভৱ হ’ব। তেওঁ লগতে কয় যে ২ লাখ প্ৰাথমিক কৃষি ঋণ সমিতি (PACS) স্থাপন সন্দৰ্ভত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ লক্ষ্য অহা বছৰৰ ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পূৰ্ণ হ’ব লাগে, তেতিয়াহে আমি অভিলাষী লক্ষ্য সময়মতে পূৰণ কৰিব পাৰিম।

শ্ৰী অমিত শ্বাহে কয় যে নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতিসমূহত আমি বিশেষ মনোযোগ প্ৰদান কৰিব লাগে। তেওঁ কয় যে এতিয়া আমি সমবায় বেংকসমূহক বেংকিং আইনৰ অধীনলৈ আনিছোঁ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকেও নমনীয় পন্থা গ্ৰহণেৰে আমাৰ একাধিক সমস্যা সমাধান কৰিছে। তেওঁ কয় যে আমি স্বচ্ছতাৰে বেংক পৰিচালনাৰে যোগ্যতা অনুসৰি কৰ্মচাৰী নিযুক্তি প্ৰদান কৰিলেহে বাকী থকা সমস্যাসমূহ দূৰ কৰিব পৰা যাব। তেওঁ ঋণ সমবায় সমিতি আৰু নগৰীয়া সমবায় বেংকৰ কাম-কাজত অধিক স্বচ্ছতা সাধনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাকৃতিক কৃষিকাৰ্য্যক প্ৰসাৰিতকৰণত গুৰুত্ব আৰোপেৰে কয় যে ৰাজ্যিক সমবায় মন্ত্ৰীসকলে কৃষি মন্ত্ৰীসকলৰ সৈতে একেলগে কাম কৰি প্ৰাকৃতিক কৃষিকাৰ্য্যক প্ৰসাৰিত কৰিব লাগে, যাতে জনস্বাস্থ্য আৰু পৃথিৱীৰ মংগল উভয়ে নিশ্চিত হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে ‘সমবায়ৰ মাজত সহযোগিতা’ হৈছে গুজৰাটৰ এক অতিশয় উত্তম আৰু সফল পৰীক্ষা। তেওঁ কয় যে আমাৰ ৰাষ্ট্ৰীয় সামৰ্থ্যৰ বিকাশ আৰু উন্নয়ন, ৰাষ্ট্ৰীয় পৰ্য্যায়ত সমবায়ৰ শক্তি বৃদ্ধি আৰু সমবায়ৰ শক্তিক প্ৰসাৰিতকৰণৰ বাবে এয়া এক অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ।

উক্ত বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত উত্তম পদ্ধতি, নীতিগত পৰামৰ্শ আৰু কাৰ্য্যকৰীকৰণ কৌশলৰ অৰ্থপূৰ্ণ আদান-প্ৰদানৰ সুবিধাৰ বাবে সমবায় মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ বিস্তৃত মূল্যায়নত গুৰুত্ব আৰোপ কৰা হয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সহকাৰ সে সমৃদ্ধি’ (সমবায়ৰ জৰিয়তে সমৃদ্ধি) দৃষ্টিভংগীৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে বৈঠকত হোৱা আলোচনাত সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ গুৰুত্বত আলোকপাত কৰা হয়।

বৈঠকত আলোচনা কৰা মূল বিষয়সমূহৰ ভিতৰত আছে সমগ্ৰ দেশতে ২ লাখ বহু-মুখী প্ৰাথমিক কৃষি ঋণ সমিতি (M-PACS) স্থাপনৰ অগ্ৰগতি আৰু গ্ৰামীণ সেৱা প্ৰদান কাৰ্য্য বৰ্ধনৰ বাবে দুগ্ধ তথা মীন সমবায়ৰ প্ৰসাৰ। সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য মজুত আঁচনি ৰূপায়ণ সন্দৰ্ভতো বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। সভাত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে ‘সমবায়ৰ মাজত সহযোগিতা’ পদ্ধতিৰ অধীনত "আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ, ২০২৫" সন্দৰ্ভতো মতামত আগবঢ়ায়।

ইয়াত নৱগঠিত তিনি ৰাষ্ট্ৰীয় বহু-ৰাজ্যিক সমবায় সমিতি - ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড (NCEL), ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড (NCOL) আৰু ভাৰতীয় বীজ সমবায় সমিতি লিমিটেড (BBSSL)-ৰ কাম-কাজত সহায়ৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকা সম্পৰ্কেও আলোচনা কৰা হয়। বহনক্ষম আৰু চাৰ্কুলাৰ দুগ্ধ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে শ্বেত বিপ্লৱ-২.০ পদক্ষেপ সম্পৰ্কেও আলোচনা কৰা হয়। আত্মনিৰ্ভৰ ভাৰতৰ অধীনত দাইল আৰু গোমধানৰ ক্ষেত্ৰত সমৰ্থন মূল্যত ক্ৰয়ৰ সৈতে জড়িত নীতিগত বিষয়সমূহতো আলোচনা কৰা হয়।

প্ৰতিনিধিসকলে ডিজিটেল ৰূপান্তৰৰ মূল পদক্ষেপসমূহ যেনেঃ পেকছ আৰু সমবায় সমিতিৰ পঞ্জীয়কৰ (RCS) কাৰ্য্যালয়ৰ কম্পিউটাৰাইজেচন আৰু ৰাষ্ট্ৰীয় সমবায় তথ্যকোষৰ ৰূপায়ণ সন্দৰ্ভত পৰ্য্যালোচনা কৰে। ইয়াক এক মূল পৰিকল্পনা আহিলা কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বৈঠকত আলোচনা কৰা আন-আন গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয়ৰ জৰিয়তে সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণৰ লগতে সমবায় বেংকসমূহক সুদৃঢ়কৰণৰ অৰ্থে বিত্তীয় সংস্কাৰ সাধনৰ প্ৰসংগয়ো ঠাই পায়। ইয়াৰ ভিতৰত ৰাজ্যিক সমবায় বেংক (StCB) আৰু জিলা কেন্দ্ৰীয় সমবায় বেংক (DCCB)-ৰ বাবে উমৈহতীয়া সেৱা ইউনিট (SSE) পৰিচালনা আৰু নগৰীয়া সমবায় বেংকৰ বাবে এটা একত্ৰ সংগঠন স্থাপন কৰা আদি অন্তৰ্ভুক্ত হৈছে।

বৈঠকখনিৰ সফল পৰিচালনাই ভাৰতৰ সমবায় ব্যৱস্থাক সমবায় ফেডাৰেলিজম আৰু সামূহিক উন্নয়নৰ মনোভাৱেৰে পৰিচালিত অৰ্থনৈতিক বিকাশৰ এক শক্তিশালী স্তম্ভলৈ ৰূপান্তৰিতকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সহভাজিত সংকল্পকে পুনৰ দৃঢ় কৰি তোলে।

*****

RK/VV/PR/PS/SB


(Release ID: 2141010)