গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত চৰকাৰী ভাষা বিভাগৰ 'সোণালী জয়ন্তী উদযাপন' কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে

সংগ্ৰাম, ভক্তি আৰু সংকল্পৰ মাজেৰে চৰকাৰী ভাষা বিভাগে ৫০ বছৰীয়া যাত্ৰা পূৰ্ণ কৰিছে

মোদী চৰকাৰৰ দিনত ভাৰতীয় ভাষাৰ প্ৰযুক্তি, শিক্ষা আৰু প্ৰশাসনৰ ক্ষেত্ৰত অভূতপূৰ্ব উত্থান ঘটিছে

ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয়, বৰঞ্চ এখন ৰাষ্ট্ৰৰ আত্মা

দেশৰ আত্ম-সন্মানক জাগ্ৰত কৰিবলৈ ভাৰতীয় ভাষাৰ ব্যৱহাৰ অতিশয় গুৰুত্বপূৰ্ণ

ভাৰতীয় ভাষাসমূহক দেশক বিভাজিতকৰণতকৈ একত্ৰিতকৰণৰ এক শক্তিশালী মাধ্যম কৰি তোলাটো আমাৰ সকলোৰে দায়িত্ব

এখন দেশক স্বকীয় বিবেক আৰু সংস্কৃতি অনুযায়ী আগবঢ়াই নিবলৈ ইয়াৰ প্ৰশাসনত মাতৃভাষাৰ প্ৰয়োগ আৱশ্যকীয়

ভাষা অবিহনে কোনো দেশৰ সংস্কৃতি, ইতিহাস আৰু পৰম্পৰাই ঠন ধৰি উঠিব নোৱাৰে, সেয়েহে ভাষাক সমৃদ্ধ কৰাটো প্ৰয়োজনীয়

হিন্দী কোনো ভাৰতীয় ভাষাৰ বিৰোধী হ'ব নোৱাৰে, হিন্দী হৈছে সকলো ভাৰতীয় ভাষাৰ বন্ধু

ৰাজভাষা হিন্দী আৰু সকলো ভাৰতীয় ভাষাই মিলি আমাৰ আত্ম-সন্মানক চূড়ান্ত শিখৰত উপনীত কৰিব পাৰে

Posted On: 26 JUN 2025 6:27PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত চৰকাৰী ভাষা বিভাগৰ ‘সোণালী জয়ন্তী উদযাপন’ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰ, চৰকাৰী ভাষাৰ সংসদীয় কমিটিৰ উপাধ্যক্ষ শ্ৰী ভৰ্ত্ৰুহৰি মহতাব, ৰাজ্যসভাৰ সাংসদ শ্ৰী সুধাংশু ত্ৰিবেদী আৰু চৰকাৰী ভাষা বিভাগৰ সচিব শ্ৰীমতী অংশুলী আৰ্য্যই অংশগ্ৰহণ কৰে।

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকীত ৰাষ্ট্ৰখনৰ আত্ম-সন্মানক পুনৰুজ্জীৱিতকৰণৰ বাবে গ্ৰহণ কৰা সকলো প্ৰচেষ্টাৰ মাজত ১৯৭৫-ৰ পৰা ২০২৫-লৈ চৰকাৰী ভাষা বিভাগৰ ৫০ বছৰীয়া যাত্ৰাৰ কথা সোণালী আখৰেৰে লিপিবদ্ধ হ’ব। তেওঁ কয় যে চৰকাৰী ভাষা বিভাগ প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল দেশৰ শাসন ব্যৱস্থাক নাগৰিকৰ ভাষাত পৰিচালিত কৰা আৰু প্ৰশাসনত ভাৰতীয় ভাষাৰ ব্যৱহাৰেৰে ৰাষ্ট্ৰৰ আত্ম-সন্মানক জাগ্ৰত কৰা। শ্ৰী শ্বাহে কয় যে কোনো দেশেই নিজৰ ভাষা অবিহনে স্বকীয় সংস্কৃতি, সাহিত্য, ইতিহাস, সামাজিক প্ৰমূল্যবোধক সংৰক্ষণ কৰিব নোৱাৰে। দেশখনে নিজৰ সংস্কৃতিৰ ওপৰত ভিত্তি কৰি আত্ম-সন্মানবোধেৰে আগবাঢ়ি যাবলৈ ইয়াৰ শাসন ব্যৱস্থা নিজ ভাষাত পৰিচালিত হ’ব লাগিব। এই মহান উদ্দেশ্যৰে চৰকাৰী ভাষা বিভাগৰ আৰম্ভণি হৈছিল আৰু আজি এই ৫০ বছৰীয়া যাত্ৰা এনে এক সন্ধিক্ষণত উপনীত হৈছেহি, য’ত আমি ইয়াক আগুৱাই নিবলৈ আৰু বাকী থকা পথচোৱা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। তেওঁ কয় যে সংগ্ৰাম, নিষ্ঠা, দৃঢ়তাৰে আমি সকলোৱে সামূহিকভাৱে এই ৫০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছোঁ।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা পাঁচটা সংকল্প (পঞ্চ পণ)-ৰ ভিতৰত দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হোৱাৰ সংকল্প অত্যন্ত গুৰুত্বপূৰ্ণ। যেতিয়ালৈকে এজন ব্যক্তিয়ে নিজৰ ভাষাটোক লৈ গৌৰৱ অনুভৱ নকৰে আৰু নিজৰ ভাষাত প্ৰকাশ, চিন্তা, বিশ্লেষণ, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আহৰণ নকৰে, তেতিয়ালৈকে আমি দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হ’ব নোৱাৰিম। তেওঁ কয় যে ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাও। আমাৰ মূল, পৰম্পৰা, ইতিহাস, পৰিচয়, সাংস্কৃতিক জীৱনশৈলী ভাষাৰ পৰা বিচ্ছিন্ন হ’লে আগবাঢ়িব নোৱাৰিব আৰু ভাষাসমূহক জীয়াই ৰখা তথা সমৃদ্ধ কৰাটো অতিশয় প্ৰয়োজনীয়। তেওঁ কয় যে অনাগত দিনত আমি সকলো ভাৰতীয় ভাষাৰ বাবে আৰু বিশেষকৈ চৰকাৰী ভাষাৰ বাবে এনে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" কাৰ্য্যসূচী ৰূপায়ণ কৰিছে আৰু এই পদক্ষেপৰ অধীনত কাশী-তামিল সংগমম, কাশী-তেলেগু সংগমম, সৌৰাষ্ট্ৰ-তামিল সংগমম, শাশ্বত মিথিলা মহোৎসৱ, ভাষা সংগমমৰ দৰে কাৰ্য্যসূচীসমূহে দেশৰ ঐক্যক গভীৰ কৰি তোলাৰ এখনি মঞ্চ প্ৰশস্ত কৰিছে। তেওঁ কয় যে আজি ভাষা সংগমম পদক্ষেপৰ অংশ হিচাপে প্ৰতিখন বিদ্যালয়তে সংবিধানে স্বীকৃতি প্ৰদান কৰা ২২ টা ভাষাৰ ১০০ টা সাধাৰণ ব্যৱহৃত বাক্য শিক্ষাৰ্থীক শিকাবলৈ এক কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ভাষা সংগমমৰ জৰিয়তে আৰম্ভ হোৱা এই পদক্ষেপ অনাগত দিনত ভাৰতীয় ভাষাৰ বাবে এক জীৱনদায়িনী শক্তি হৈ পৰিব। শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰী ভাষা বিভাগে "হিন্দী শব্দসিন্ধু" সৃষ্টি কৰিছে, এয়া হৈছে চৰকাৰী ভাষাক গ্ৰহণযোগ্য, নমনীয় আৰু ব্যাপক কৰি তোলাৰ এক বৃহৎ প্ৰচেষ্টা। তেওঁ কয় যে যিকোনো ভাষাক সমৃদ্ধকৰণত কোনো সংকোচ কৰিব নালাগে আৰু সাধাৰণভাৱে কোৱা শব্দসমূহ— ইয়াৰ উৎপত্তিস্থল যিয়েই নহওঁক কিয়— এইসমূহ হিন্দী শব্দসিন্ধুত অন্তৰ্ভুক্ত হ’লে, ভৱিষ্যতে সেইসমূহে হিন্দী শব্দ হিচাপে স্বীকৃতি লাভ কৰিব। তেওঁ আস্থা প্ৰকাশেৰে কয় যে হিন্দী শব্দসিন্ধুৱে হিন্দীক অধিক নমনীয় আৰু সমৃদ্ধ কৰি তোলাই নহয়, বৰঞ্চ ইয়াক আন-আন ভাৰতীয় ভাষাৰ সৈতে সংযোগো কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে এইবাৰ ভাৰতীয় ভাষা অনুভাগো প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ কয় যে হিন্দী কোনো ভাৰতীয় ভাষাৰ শত্ৰু হ’ব নোৱাৰে। তেওঁ কয় যে হিন্দী সকলো ভাৰতীয় ভাষাৰ বন্ধু আৰু হিন্দী তথা আন-আন ভাৰতীয় ভাষাই একেলগে আমাৰ আত্ম-গৌৰৱক চূড়ান্ত শিখৰত উপনীত কৰিব পাৰে। তেওঁ কয় যে ভাৰতীয় ভাষা অনুভাগে প্ৰতিখন ৰাজ্যক সহায় কৰিব। ইয়াৰ জৰিয়তে ৰাজ্য আৰু ভাৰত চৰকাৰৰ প্ৰশাসন ব্যৱস্থা ভাৰতীয় ভাষাত পৰিচালিত হৈছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে আমাৰ দেশত ১২ টা ভাৰতীয় ভাষাত কাৰিকৰী শিক্ষাৰ প্ৰচলন হৈছে। তেওঁ লগতে কয় যে মধ্যপ্ৰদেশে হিন্দী ভাষাত চিকিৎসা শিক্ষা আৰম্ভ কৰিছে, সম্পূৰ্ণ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে আৰু অনাগত দিনত আন ৰাজ্যসমূহেও নিজ-নিজ ভাষাতে সমগ্ৰ চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুতেৰে ছাত্ৰ-ছাত্ৰীসকলক সুবিধা প্ৰদান কৰিব। তেওঁ সকলো ৰাজ্যকে নিজৰ ৰাজ্যিক ভাষাত অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

শ্ৰী অমিত শ্বাহে কয় যে কোনো ৰাজ্য কেতিয়াও নিজৰ মাতৃভাষাক অৱহেলা কৰি মহান হ’ব নোৱাৰে আৰু মোদী চৰকাৰে নিজৰ ভাষাসমূহক সন্মান আৰু মৰ্য্যাদা প্ৰদানৰ অৰ্থে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্য্যকালতে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। তেওঁ কয় যে আজি ভাৰতত সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালয়ালম, ওড়িয়া, মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলাৰ ৰূপত ১১ টা ধ্ৰুপদী ভাষা আছে। সমগ্ৰ বিশ্বৰ এনে কোনো দেশ নাই য’ত ১১ টা ধ্ৰুপদী ভাষা আছে। তেওঁ কয় যে ২০২০-ত সংস্কৃতৰ তিনিখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা হৈছিল আৰু চেন্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল ফৰ ৰিচাৰ্চ এণ্ড ট্ৰেন্সলেচন স্থাপন কৰা হয়। শ্ৰী শ্বাহে কয় যে চৰকাৰী ভাষাৰ সংসদীয় কমিটিয়ে যোৱা ৪ বছৰত ৩ টা খণ্ড প্ৰকাশ কৰিছে। তেওঁ কয় যে ক’ভিড সত্ত্বেও ৩ টা খণ্ড প্ৰকাশ পাইছে। শ্ৰী শ্বাহে লগতে কয় যে ২০১৪-লৈকে মুঠ ৯ টা খণ্ড প্ৰকাশ পাইছিল আৰু এতিয়া ২০১৯-ৰ পিছত ৩ টা খণ্ড প্ৰকাশ পাইছে, যি এক বিৰল সাফল্য। ক’ভিড-১৯ ৰ সময়ত কেন্দ্ৰীয় হিন্দী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় অনুবাদ ব্যুৰ’ৰ দ্বাৰা ই-প্ৰশিক্ষণৰ জৰিয়তে হিন্দী ভাষা, হিন্দী টাইপিং, হিন্দী ষ্টেন’গ্ৰাফী আৰু হিন্দী অনুবাদৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিল। এই কাৰ্য্যসূচীক এতিয়া নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০-ত নতুন শিক্ষা নীতি (NEP) ৰূপায়ণ কৰিছিল। সকলো ৰাষ্ট্ৰৰ বাবেই শিক্ষা নীতি হৈছে আগন্তুক ৫০ বছৰত দেশখনে যি পথ গ্ৰহণ কৰিব, তাৰ প্ৰতিফলন। এনইপি-২০২০ ত ৫ম আৰু ৮ম শ্ৰেণীলৈকে মাতৃভাষা আৰু স্থানীয় ভাষাতে শিক্ষা দানত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে আমাৰ ভাষাসমূহৰ বিকাশত নীতিগতভাৱে সহায় কৰা হৈছে আৰু ২২ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলতো প্ৰাথমিক শ্ৰেণীৰ ১০৪ খন পুথি প্ৰৱৰ্তন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ভাৰতীয় সাংকেতিক ভাষাৰ ক্ষেত্ৰত ১ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে অনুবাদিত শিক্ষণ সামগ্ৰী আৰু কিতাপ উপলব্ধ হৈছে। ২০০ ৰো অধিক টিভি চেনেলে ২৯ টা ভাষাত শিক্ষামূলক বিষয়বস্তু আগবঢ়াইছে আৰু ৭ টা বিদেশী ভাষাকে প্ৰমুখ্য কৰি ১৩৩ টা উপভাষাত ৩৬৬,০০০ ৰো অধিক ই-কন্টেন্ট দীক্ষা (DIKSHA) প্লেটফৰ্মত উপলব্ধ হৈছে। তেওঁ কয় যে নতুন শিক্ষা নীতিৰ এই পদক্ষেপে চৰকাৰী ভাষা আৰু ভাৰতীয় ভাষাসমূহক সুদৃঢ়কৰণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) কনিষ্টবল পদৰ পৰীক্ষা এতিয়া ভাৰতীয় ভাষাত অনুষ্ঠিত হোৱাৰ লগতে ৯৫ শতাংশ আবেদনকাৰীয়ে মাতৃভাষাত পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে অনাগত দিনত ভাৰতীয় ভাষাৰ ভৱিষ্যৎ অতিশয় উজ্জ্বল বুলিও প্ৰমাণিত হৈছে বুলি তেওঁ লগতে কয়।

শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰী ভাষা বিভাগে অনাগত দিনত ভাৰতীয় ভাষা অনুভাগৰ জৰিয়তে ভাৰতীয় ভাষাক কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ ভাষা কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে যোৱা কেইটামান দশকত ভাষাক ভাৰত ভঙাৰ আহিলা কৰি তোলা হৈছিল যদিও এই অপচেষ্টা সফল নহ’ল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ভাষাসমূহ যাতে ভাৰতক সংযোগ কৰাৰ এক শক্তিশালী মাধ্যম হৈ উঠে, সেয়া আমি নিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আজি যি ভেটি স্থাপিত হৈছে, সেই ভেটিয়ে ২০৪৭-ত এখনি উন্নত আৰু মহান ভাৰত গঢ়িব বুলি গৃহমন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় ভাষাসমূহৰ বিকাশ আৰু সমৃদ্ধিৰ লগতে ইয়াৰ উপযোগিতাও বৃদ্ধি পাব।

*****

RK/VV/PR/PS/SB


(Release ID: 2140064)