প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লণ্ডনত অনুষ্ঠিত বিশ্ব টিম ব্লিটজ চেম্পিয়নশ্বিপত ব্লিটজ ছেমিফাইনেলত চমকপ্ৰদ জয়ৰ বাবে দিব্য দেশমুখক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 JUN 2025 2:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লণ্ডনত অনুষ্ঠিত বিশ্ব টিম ব্লিটজ চেম্পিয়নশ্বিপত ব্লিটজ ছেমিফাইনেলৰ দ্বিতীয় লেগত বিশ্বৰ শীৰ্ষ বাছনিৰ হৌ য়িফানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ বাবে ভাৰতীয় দবাৰ বিস্ময়কৰ প্ৰতিভা দিব্য দেশমুখক অভিনন্দন জনায়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখে-

 “লণ্ডনৰ ৱৰ্ল্ড টিম ব্লিটজ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলৰ দ্বিতীয় লেগত বিশ্বৰ শীৰ্ষ বাছনিৰ হৌ য়িফানক পৰাস্ত কৰাৰ বাবে দিব্য দেশমুখলৈ অভিনন্দন জনাইছো। তেওঁৰ সফলতাই তেওঁৰ ধৈৰ্য আৰু দৃঢ়তাক উজ্জ্বল কৰি তুলিছে। তদুপৰি, ই বহুতো উদীয়মান দবা খেলুৱৈক অনুপ্ৰাণিত কৰিছে। তেওঁৰ উজ্জল ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।

@DivyaDeshmukh05”

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2137629) অতিথি কক্ষ : 23