প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-৭ সন্মিলনৰ আঁৰত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 18 JUN 2025 2:53PM by PIB Guwahati

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে-মিউঙৰে মিলিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“কানাডাত ৰাষ্ট্ৰপতি লি জে-মিউং আৰু মই এখনি অতিশয় ফলপ্ৰসূ বৈঠকত মিলিত হওঁ। ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে। @Jaemyung_Lee”

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2137376) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam