প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ মূল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই

সময়মতে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে আহমেদাবাদ–ঢোলেৰা এক্সপ্ৰেছৱে পৰিদৰ্শন কৰিলে ড০ মিশ্ৰই

ড০ মিশ্ৰই ঢোলেৰাক বিশ্বমানৰ স্মাৰ্ট ঔদ্যোগিক চহৰ হিচাপে গঢ়ি তুলিবলৈ গুজৰাট চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে

লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য প্ৰকল্পৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিলে ড০ মিশ্ৰই

Posted On: 16 JUN 2025 6:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই আজি গুজৰাটৰ ঢোলেৰা আৰু লোথালত নিৰ্মীয়মান  চৰকাৰী প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি  মূল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ মূল্যায়ন কৰে। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশৰ দৃষ্টিভংগীৰ সৈতে  ৰজিতা খুৱাই নিৰ্মাণ কৰি থকা হৈছে।

 

ড০ মিশ্ৰই ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (এন এইচ এ আই)ই নিৰ্মাণ কৰি থকা আহমেদাবাদ–ঢোলেৰা গ্ৰীণফিল্ড এক্সপ্ৰেছৱে পৰিদৰ্শন কৰে। তেওঁ আহমেদাবাদ আৰু ঢোলেৰাৰ মাজত যাত্ৰাৰ সময় ৪৫ মিনিটলৈ হ্ৰাস কৰিবলগীয়া  এক্সপ্ৰেছৱে’ৰ সম্ভাৱনাৰ বিষয়তো আলোকপাত কৰে আৰু  বিশ্বজনীন মান বজাই ৰাখি  পথটো সময়মতে নিৰ্মাণ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

 

ড০ মিশ্ৰই  ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডি এছ আই আৰ)ত ঢোলেৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অগ্ৰগতিৰ বিষয়ে মূল্যায়ন কৰে। এই প্ৰকল্পৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলে তেওঁক জনায়  যে ২০২৫ চনৰ অক্টোবৰ মাহৰ ভিতৰত বিমান  বন্দৰটোৰ  কাৰ্গো পৰিচালনাৰ  কাম  আৰম্ভ হ’ব।তেওঁ  সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্মাণৰ  সময়সীমা মানি চলিবলৈ আৰু এক্সপ্ৰেছৱেৰ সৈতে  নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

 

ড০ মিশ্ৰই ঘৰুৱা চিপ নিৰ্মাণৰ এক উল্লেখনীয়  পদক্ষেপ টাটা ইলেক্ট্ৰনিকছৰ ছেমিকণ্ডাক্টৰ ফেব্ৰিকেশন (ফেব) প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ মোবাইল ডিভাইচ, কনজিউমাৰ ইলেক্ট্ৰনিকছ আৰু অটোমোটিভ এপ্লিকেচনৰ বাবে প্ৰয়োজনীয়  চিপকে ধৰি ইয়াৰ উৎপাদনৰ পৰিসৰৰ বিষয়ত  পৰ্যালোচনা কৰে। তেওঁ ঢোলেৰা ইণ্ডাষ্ট্ৰিয়েল চিটি ডেভেলপমেণ্ট লিমিটেডে (ডিআইচিডিএল) বিকশিত কৰা সামাজিক আন্তঃগাঁথনি প্ৰকল্পসমূহ— যেনে বিদ্যালয়, চিকিৎসালয়  আৰু আৱাসিক প্ৰকল্পসমূহো পৰিদৰ্শন কৰে। তেওঁ ব্যৱহাৰকাৰীৰ অভিজ্ঞতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে এইক্ষেত্ৰত অংশীদাৰসকলৰ মতামত গ্ৰহণৰো  আহ্বান জনায়।

 

ড০ মিশ্ৰৰ সভাপতিত্বত ডিআইচিডিএল, ডিআইএচিএল, এনএইচএআই, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ আৰু ভাৰতীয় ৰে’লৱেৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এক বিস্তৃত পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হয়। তেওঁ আহমেদাবাদ–ঢোলেৰা এক্সপ্ৰেছৱে, ভীমনাথ–ঢোলেৰা মালবাহী ৰে'ল লিংক, আহমেদাবাদ–ঢোলেৰা অৰ্ধ-উচ্চবেগী ৰে'ল লাইন, ঢোলেৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰে। শ্ৰী মিশ্ৰই ঢোলেৰাক বিশ্বমানৰ স্মাৰ্ট ঔদ্যোগিক চহৰ হিচাপে গঢ়ি তুলিবলৈ  গুজৰাট চৰকাৰৰ  দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁ সময়মতে প্ৰকল্পসমূহ  সম্পূৰ্ণ কৰা, দক্ষ কৰ্মশক্তি উপলব্ধ কৰোৱা আৰু শক্তিশালী পৰিকল্পনা যুগুত কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

 

ড০ মিশ্ৰই বন্দৰ, জাহাজ, আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য প্ৰকল্প  (এনএমএইচচি)ও পৰিদৰ্শন কৰে। তেওঁ বন্দৰ, জাহাজ, আৰু জলপথ মন্ত্ৰালয়ৰ  সচিব  শ্ৰী টি ৰামচন্দ্ৰন ,  গুজৰাট মেৰিটাইম ব’ৰ্ড, ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ, এন এইচ এ আই  আৰু ভাৰতীয় ৰে’লৱেৰ অন্যান্য বিষয়াসকলৰ  উপস্থিতিত অনুষ্ঠিত  এখন পৰ্যালোচনা বৈঠকতো সভাপতিত্ব কৰে। শ্ৰী মিশ্ৰই মননশীল গৱেষণা, শৈক্ষিক সহযোগিতা আৰু  দৰ্শনাৰ্থীক মধুৰ  অভিজ্ঞতা প্ৰদান কৰিব পৰা পৰিকল্পনাৰ  বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু এনএমএইচচিয়ে ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক  উজলাই তুলিব পৰাকৈ  কাম কৰিব লাগিব বুলি  কয়।

 

শ্ৰী মিশ্ৰই স্থানীয় প্ৰজাতিৰ  উদ্ভিদৰ বাগিচা আৰু জল  ব্যৱস্থাপনা ব্যৱস্থাকে ধৰি পৰিৱেশ বহনক্ষমতাৰ ব্যৱস্থাসমূহৰ বিষয়েও পৰ্যালোচনা কৰে। তেওঁ এনএমএইচচিৰ অতুলনীয় পৰিসৰ আৰু তাৎপৰ্য্যৰ বিষয়ত  আলোকপাত কৰি হৰপ্পান সভ্যতাৰ পৰাই ভাৰতৰ সামুদ্ৰিক উত্তৰাধিকাৰক  চিত্ৰিত কৰা শিল্পকৰ্মসমূহ নিৰ্বাচন কৰি সংৰক্ষণ  কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। ড০ মিশ্ৰই ছখন গেলেৰীকে ধৰি ৱান-এ  পৰ্যায়ৰ নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে আৰু  ২০২৫ চনৰ আগষ্ট মাহৰ ভিতৰত এনে প্ৰকল্পৰ  কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে।

 

পৰিদৰ্শনকালত ড০ মিশ্ৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা  শ্ৰীযুত তৰুণ কাপুৰ, প্ৰধানমন্ত্ৰীৰ কাৰ্য়ালয়ৰ  উপ-সচিব শ্ৰীযুত মংগেশ ঘিলদিয়ালো উপস্থিত থাকে।

 

****

MJPS/SR/DM


(Release ID: 2136841)