গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত আয়োজিত বিএছএফ অভিষেক অনুষ্ঠান আৰু ৰুষ্টমজী স্মাৰক বক্তৃতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে

অপাৰেচন সিন্দূৰে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ মাজৰ সম্পৰ্কক সমগ্ৰ বিশ্বৰ সন্মুখত উদঙাই দিলে

প্ৰধানমন্ত্ৰী মোদীৰ দৃঢ় ৰাজনৈতিক ইচ্ছা, সশস্ত্ৰ বাহিনীৰ অসাধাৰণ আক্ৰমণাত্মক ক্ষমতা আৰু সংস্থাসমূহে প্ৰদান কৰা নিৰ্ভুল চোৰাংচোৱা তথ্যৰ ফলশ্ৰুতিত অপাৰেচন সিন্দূৰ সম্ভৱ হয়

সকলো লক্ষ্য পৰিপূৰণেৰে অপাৰেচন সিন্দূৰ আছিল আমাৰ মাটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ জনোৱা ইতিহাসৰ অতিশয় নিখুঁত আৰু সফল অভিযান

অপাৰেচন সিন্দূৰত বিএছএফ আৰু সেনাই বিশ্বৰ সন্মুখত বীৰত্বৰ এক অতুলনীয় নিদৰ্শন দাঙি ধৰিলে

ভাৰতীয় নাগৰিক আৰু সামৰিক ঘাটিত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই ভাৰতীয় সেনাই আমাৰ ব্যাপক আক্ৰমণাত্মক ক্ষমতা প্ৰদৰ্শনেৰে পাকিস্তানৰ বিমান ঘাটি ধ্বংস কৰিছিল

আজি সমগ্ৰ বিশ্বই ভাৰতীয় সেনা জোৱানসকলৰ বীৰত্ব, আক্ৰমণাত্মক শক্তি আৰু সংযমক প্ৰশংসা কৰিছে

যেতিয়ালৈকে সীমান্তত বিএছএফ থাকিব, তেতিয়ালৈকে পাকিস্তানী সেনাই এক ইঞ্চিও আগবাঢ়িব নোৱাৰে

১৯৭১-ৰ যুদ্ধত বিএছএফ-ৰ বীৰত্ব আৰু অৱদানক ভাৰতে কেতিয়াও নাপাহৰে আৰু বাংলাদেশেও পাহৰিব নালাগে

Posted On: 23 MAY 2025 4:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত আয়োজিত সীমান্ত সুৰক্ষা বাহিনী (BSF) অভিষেক অনুষ্ঠান আৰু ৰুষ্টমজী স্মাৰক বক্তৃতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, ইন্টেলিজেন্স ব্যুৰ’ (IB)ৰ সঞ্চালক, সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

CR5_8236.JPG 

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ১৯৬৫-ৰ পৰা ২০২৫-লৈকে বিএছএফ-ৰ যাত্ৰাই প্ৰত্যাহ্বানমূলক পৰিস্থিতিত সীমিত সমলেৰে আৰম্ভ হোৱা সংস্থা এটাই বিশ্বৰ সৰ্ববৃহৎ আৰু সন্মানীয় সীমান্ত সুৰক্ষা বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিবপৰা সামৰ্থ্যকে প্ৰমাণিত কৰে। তেওঁ কয় যে বিএছএফ হৈছে দেশপ্ৰেমৰ মনোভাৱেৰে কেনেকৈ বৈশ্বিক উৎকৃষ্টতা লাভ কৰিবলৈ সকলো অসুবিধা নেওচিব পাৰি, তাৰো এক উত্তম উদাহৰণ। তেওঁ কয় যে বিএছএফ-ৰ জোৱানসকলে প্ৰতিকূল পৰিস্থিতিত প্ৰদৰ্শন কৰা দেশপ্ৰেম আৰু নিষ্ঠাৰ মনোভাৱে— সেয়া ৪৫ ডিগ্ৰীৰো অধিক তাপমানেই হওঁক বা অতি ঠাণ্ডাই হওঁক, ঘন জংঘল, ঠেক পাহাৰ বা উপকূলীয় অঞ্চলেই হওঁক— ইয়াক ফাৰ্ষ্ট লাইন অৱ ডিফেন্স হিচাপে পৰিগণিত কৰিছে। শ্ৰী শ্বাহে লগতে কয় যে দেশত প্ৰতিটো সীমান্ত সুৰক্ষিত কৰিবলৈ এটাকৈ বাহিনী মোতায়েনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিএছএফ-ৰ সামৰ্থ্যৰ ভিত্তিত ইয়াক দুই আটাইতকৈ প্ৰত্যাহ্বানমূলক বাংলাদেশ আৰু পাকিস্তান সীমান্তক সুৰক্ষিতকৰণৰ দায়িত্ব প্ৰদান কৰা হৈছে।

 CR5_8010.JPG

বিএছএফ-ৰ উত্থানত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কে.এফ. ৰুষ্টমজীয়ে আগবঢ়োৱা অৱদানক স্মৰণেৰে তেওঁ কয় যে ১৯৬৫-ৰ যুদ্ধৰ পিছত শান্তিৰ সময়ছোৱাতো সীমান্তক সুৰক্ষিত কৰিব পৰা এক শক্তিৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল, যাৰ ফলশ্ৰুতিত বিএছএফ-ক প্ৰৱৰ্তন কৰা হৈছিল, ৰুষ্টমজীয়ে ইয়াৰ প্ৰথমগৰাকী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ কয় যে ভাৰতৰ ওপৰত জাপি দিয়া ১৯৭১-ৰ যুদ্ধত বিএছএফৰ জোৱানসকলৰ বীৰত্ব আৰু অৱদানক ৰাষ্ট্ৰই কেতিয়াও নাপাহৰে আৰু বাংলাদেশেও কেতিয়াও পাহৰিব নালাগে। শ্ৰী শ্বাহে বাংলাদেশ গঠনৰ ক্ষেত্ৰতো বিএছএফে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল বুলি উল্লেখেৰে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াত সশস্ত্ৰ বাহিনীসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দি সাহসৰ এক আদৰ্শ মানদণ্ড স্থাপন কৰিছে বুলি কয়।

 CR5_7934.JPG

শ্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষাৰ সমান্তৰালভাৱে বিএছএফে অভ্যন্তৰীণ সুৰক্ষা, দুৰ্য্যোগ ব্যৱস্থাপনা আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানতো সক্ৰিয়ভাৱে অংশগ্ৰহণেৰে সফলতা লাভ কৰিছে। তেওঁ কয় যে নিৰ্বাচনেই হওঁক, ক’ভিড-১৯ মহামাৰীয়েই হওঁক, ক্ৰীড়া অনুষ্ঠানেই হওঁক, সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়াই হওঁক, বিএছএফে নিয়োগ কৰা প্ৰতিটো ফ্ৰন্টতে নিজৰ কৰ্তব্য ব্যতিক্ৰমীভাৱে ভালদৰে পালন কৰি আহিছে।

 CR3_6287.JPG

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীজনে কয় যে আজিৰ অভিষেক অনুষ্ঠানটো এনে এটা সময়ত অনুষ্ঠিত হৈছে, যি সময়ত বিএছএফ আৰু সশস্ত্ৰ বাহিনীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত শৌৰ্য্যৰ অতুলনীয় নিদৰ্শন দাঙি ধৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দৃঢ় ৰাজনৈতিক ইচ্ছা, সশস্ত্ৰ বাহিনীৰ অসাধাৰণ আক্ৰমণাত্মক ক্ষমতা আৰু সংস্থাসমূহে প্ৰদান কৰা নিৰ্ভুল চোৰাংচোৱা তথ্যৰ ফলশ্ৰুতিত অপাৰেচন সিন্দূৰ সম্ভৱ হয়। তেওঁ লগতে কয় যে দশক-দশক ধৰি আমাৰ দেশখন পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আহিছে আৰু বছৰ-বছৰ ধৰি পাকিস্তানে একাধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল, কিন্তু ইয়াৰ প্ৰতি পৰ্য্যাপ্ত প্ৰত্যুত্তৰ দিয়া হোৱা নাছিল।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪-ত শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যভাৰ গ্ৰহণ কৰোঁতে আমাৰ জোৱানসকলৰ ওপৰত প্ৰথম বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ উৰিত সংঘটিত হৈছিল আৰু পোন-প্ৰথমবাৰৰ বাবে আমি চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিলোঁ, সন্ত্ৰাসবাদীৰ গোপন স্থানলৈ গৈ উপযুক্ত প্ৰত্যুত্তৰ দিছিলোঁ। তেওঁ কয় যে আমি বিশ্বাস কৰিছিলোঁ যে এই প্ৰত্যুত্তৰে সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ অন্ত পেলাব, কিন্তু সেয়া নহ’ল আৰু পুলৱামাত আমাৰ জোৱানসকলৰ ওপৰত আন এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। সেইবাৰ ভাৰতীয় বাহিনীয়ে বিমান আক্ৰমণেৰে নিৰ্ণায়ক প্ৰত্যুত্তৰ প্ৰদানেৰে পুনৰবাৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। শ্ৰী শ্বাহে কয় যে পেহেলগামত পৰিস্থিতিৰ অধিক অৱনতি ঘটে, য’ত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে ধৰ্মক লৈ প্ৰশ্ন উত্থাপনেৰে নিৰীহ পৰ্যটকসকলক পত্নী আৰু পৰিয়ালৰ সন্মুখত নিৰ্মমভাৱে হত্যা কৰে। তেওঁ কয় যে সেই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ প্ৰদান কৰা হ’ব আৰু অপাৰেচন সিন্দূৰ ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ আছিল। তেওঁ লগতে কয় যে আজি সমগ্ৰ বিশ্বই ভাৰতীয় সেনা জোৱানসকলৰ বীৰত্ব, আক্ৰমণাত্মক শক্তি আৰু সংযমক প্ৰশংসা কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে বিশ্বৰ বহু ঠাইত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে যদিও ভাৰতে যি প্ৰত্যুত্তৰ প্ৰদান কৰিলে, সেয়া অনন্য। তেওঁ কয় যে পেহেলগামত আক্ৰমণৰ পিছত আমি অপাৰেচন সিন্দূৰ আৰম্ভ কৰোঁ আৰু কেই মিনিটমানৰ ভিতৰতে ৯ টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰোঁ, ইয়াৰে দুটা সন্ত্ৰাসবাদী সংগঠনৰ মুখ্য কাৰ্য্যালয় আছিল। তেওঁ কয় যে ভাৰতীয় বাহিনীয়ে প্ৰথম অৱস্থাত পাকিস্তানৰ সামৰিক প্ৰতিষ্ঠান বা তেওঁলোকৰ বিমান ঘাটিতো আক্ৰমণ কৰা হোৱা নাছিল, বৰঞ্চ আমাৰ মাটিত জঘন্য অপৰাধৰ বাবে দায়ী সন্ত্ৰাসবাদীৰ গোপন স্থানসমূহহে ভাঙি পেলোৱা হৈছিল। শ্ৰী শ্বাহে কয় যে আমি বিশ্বাস কৰোঁ যে এয়াই যথেষ্ট হ’ব, কিয়নো আমাৰ আক্ৰমণ কেৱল সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে। তেওঁ লগতে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীৰ ওপৰত হোৱা আক্ৰমণক নিজৰ ওপৰত আক্ৰমণ বুলি গণ্যেৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা বুলি প্ৰমাণ কৰিলে আৰু আমাৰ দেশৰ সাধাৰণ নাগৰিক তথা সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি ল’বলৈ দুঃসাহস কৰিলে। গৃহমন্ত্ৰীজনে কয় যে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা উল্লেখযোগ্য আৰু পাকিস্তানৰ আক্ৰমণে আমাৰ ক্ষতি কৰিব নোৱাৰে।

CR3_6382.JPG

শ্ৰী অমিত শ্বাহে কয় যে পাকিস্তানী সেনাই আমাৰ সাধাৰণ নাগৰিক আৰু সামৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণৰ অপচেষ্টা চলাইছিল, তেতিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ণায়ক প্ৰত্যুত্তৰ প্ৰদানেৰে সিহঁতৰ বিমান ঘাটিত আক্ৰমণেৰে আমাৰ ব্যাপক ক্ষমতা প্ৰদৰ্শন কৰে আৰু সিহঁতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক অকাৰ্য্যকৰী বুলি প্ৰমাণিত কৰিছিল। তেওঁ কয় যে সেই সময়ছোৱাতো আমি পাকিস্তানৰ কোনো অসামৰিক স্থানত আক্ৰমণ কৰা নাছিলোঁ। তেওঁ কয় যে অপাৰেচন সিন্দূৰে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ মাজৰ সম্পৰ্কক সমগ্ৰ বিশ্বৰ সন্মুখত উদঙাই দিলে। তেওঁ কয় পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰোঁতে পাকিস্তানী সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তানী সেনাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা কাৰ্য্য বিশ্বই প্ৰত্যক্ষ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে পাকিস্তানে সদায় অস্বীকাৰ কৰি অহা কথাটো এতিয়া অপাৰেচন সিন্দূৰৰ পিছত সম্পূৰ্ণৰূপে বিশ্বৰ সন্মুখত উন্মোচিত হৈছে, ভাৰতত সন্ত্ৰাসবাদীৰ কূটাঘাতত পাকিস্তানে পৃষ্ঠপোষকতা কৰাটো নিশ্চিত কৰিছে। তেওঁ কয় যে আমাৰ মাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক প্ৰতিহতকৰণৰ ইতিহাসত অপাৰেচন সিন্দূৰ হৈছে অতিশয় নিখুঁত আৰু সফল প্ৰত্যুত্তৰ। তেওঁ লগতে কয় যে আজি বিশ্বজুৰি বিশেষজ্ঞসকলে আমাৰ জোৱানসকলৰ সাহস, আক্ৰমণাত্মক ক্ষমতা আৰু সংযমক প্ৰশংসা কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সেনা আৰু বিএছএফৰ সীমান্তৰক্ষীসকলক লৈ সমগ্ৰ ৰাষ্ট্ৰ আজি গৌৰৱান্বিত। বিএছএফে সীমান্তত গুলীৰে গুলীৰ প্ৰত্যুত্তৰ জনাই প্ৰমাণ কৰিছে যে বিএছএফ থকালৈকে পাকিস্তানী সেনাই এক ইঞ্চিও আগবাঢ়িব নোৱাৰে। তেওঁ কয় যে অপাৰেচন সিন্দূৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ সফলতাও ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে অনাগত দিনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই অভিযানে অধিক গতি লাভ কৰিব আৰু আমি অধিক আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িম। তেওঁ কয় যে অপাৰেচন সিন্দূৰৰ সময়ত বিএছএফৰ জোৱান মহম্মদ ইমতিয়াজ আহমেদ আৰু দীপক চিংগাখামে মাতৃভূমিক ৰক্ষা কৰাৰ লগতে সৰ্বস্ব ত্যাগ কৰিছে। তেওঁলোকৰ নাম ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ ইতিহাসত চিৰদিনৰ বাবে সোণালী আখৰেৰে লিখা থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে বিএছএফে ভাৰতৰ ১৫ হাজাৰ কিলোমিটাৰৰো অধিক দীঘল আৰু অতিশয় প্ৰত্যাহ্বানজনক সীমান্ত সুৰক্ষিত কৰে। তেওঁ কয় যে বিগত পাঁচ বছৰত বিএছএফে একাধিক প্ৰযুক্তিগত সমাধানৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। যিসমূহ অঞ্চলত ফেন্সিং সম্ভৱ নহয়, সেইসমূহ অঞ্চলত বিএছএফে পৰীক্ষামূলকভাৱে সীমান্ত সুৰক্ষাৰ বাবে বৈশ্বিক প্ৰযুক্তিগত সমাধান প্ৰয়োগ কৰিছে। তেওঁ লগতে কয় যে বিএছএফৰ জোৱানসকলেও একাধিক অভ্যন্তৰীণ সমাধানৰ উদ্ভাৱন কৰিছে আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানজনক সীমান্ত সুৰক্ষিতকৰণৰ বাবে এই প্ৰযুক্তিগত অগ্ৰগতিয়ে অনাগত দিনত দেশখনক সুৰক্ষিত কৰি ৰখাত সহায় কৰিব। তেওঁ কয়, অপাৰেচন সিন্দূৰত বিএছএফ আৰু সেনাই বিশ্বৰ সন্মুখত সাহসৰ এক অতুলনীয় নিদৰ্শন দাঙি ধৰিলে।

শ্ৰী অমিত শ্বাহে কয় যে ১৯৬৫-ৰ ১ ডিচেম্বৰত আৰম্ভণিৰেপৰাই ২.৭৫ লাখ জোৱানেৰে বিএছএফে জল, স্থল আৰু বায়ু নিৰাপত্তা ইউনিট গঠনেৰে বিশ্বৰ সকলো সীমান্ত সুৰক্ষা বাহিনীৰ ভিতৰত আগশাৰীৰ হিচাপে নিজকে প্ৰতিষ্ঠাৰে স্বকীয় ভূমিকা ব্যতিক্ৰমীভাৱে ভালদৰে পালন কৰি আহিছে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰখনে বিএছএফ-ৰ জোৱানসকলৰ বীৰত্বক সদায় সন্মান জনাই আহিছে, বিএছএফৰ জোৱানসকলক এটা পদ্ম বিভূষণ, দুটা পদ্মভূষণ, ৭ টা পদ্মশ্ৰী, এটা মহাবীৰ চক্ৰ, ছটা কীৰ্তি চক্ৰ, ১৩ টা শৌৰ্য্য চক্ৰ, ৫৬ টা সেনা পদক আৰু ১,২৪৬ টা আৰক্ষী পদক প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত বিএছএফে প্ৰায় ১.১ লাখ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজখনক সুদৃঢ় কৰিছে। তেওঁ আৰু কয় যে বিগত পাঁচ বছৰত ৭৮ ৰো অধিক নক্সালবাদীক নিধনেৰে বিএছএফে নক্সাল বিৰোধী অভিযানৰ সফলতাত যথেষ্ট অৰিহণা যোগাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ, গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA) আৰু সমগ্ৰ ৰাষ্ট্ৰই বিএছএফৰ জোৱানসকলৰ কাষত দৃঢ়তাৰে থিয় দি আহিছে। দেশে বিএছএফৰ জোৱানসকলক বিশ্বাস আৰু সন্মান কৰে বুলি তেওঁ কয়।

*****

RK/VV/PR/PS/SB


(Release ID: 2130810)