তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
গ্ল'বেল মিডিয়া ডাইলগ ২০২৫: ৱেভছত সদস্য ৰাষ্ট্ৰসমূহে ঘোষণাপত্ৰৰ জড়িয়তে এআইৰ যুগত সৃষ্টিশীলতাক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে পৰম্পৰা আৰু ঐতিহ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ সন্মতি প্ৰকাশ
ৱেভছৰ ঘোষণা পত্ৰই উদীয়মান প্ৰযুক্তিৰ দায়িত্বশীল প্ৰয়োগক প্ৰসাৰিত কৰি ডিজিটেল বিভাজনক সেতুবন্ধন কৰিব বিচাৰে, একে সময়তে পক্ষপাতিত্ব হ্ৰাস, বিষয়বস্তুৰ গণতান্ত্ৰিককৰণ আৰু নৈতিকতাক অগ্ৰাধিকাৰ দিয়াৰো পোষকতা
ৱেভছ ঘোষণাপত্ৰই জনসাধাৰণক একত্ৰিত কৰিবলৈ, সাংস্কৃতিক পদ্ধতিসমূহৰ বিনিময়ক প্ৰসাৰিত কৰিবলৈ, বিশ্বব্যাপী আন্তঃসংযোগী বজাৰসমূহত উদ্ভাৱন আৰু স্থিতিস্থাপকতাক গভীৰ কৰিবলৈ সংবাদ মাধ্যম তথা মনোৰঞ্জনৰ শক্তিক দৃঢ় কৰাৰ কথা কোৱা হৈছে
প্ৰাসংগিক দক্ষতা বিকাশৰ জৰিয়তে যুৱ প্ৰতিভাক সৃষ্টিশীল সহযোগিতাৰ যুগৰ বাবে সাজু কৰা হৈছে: বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ
সহ-উৎপাদন চুক্তি, যৌথ পুঁজি আৰু সৃষ্টিশীলতাৰ বিশ্বজনীন সাঁকো খন ধাৰণাৰ এক্সপ্ৰেছৱে’লৈ প্ৰসাৰিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে: তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ
Posted On:
02 MAY 2025 3:20PM
|
Location:
PIB Guwahati
“সৃষ্টিশীলতাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত বিশ্বজনীন সহযোগিতাই হৈছে উত্তম পথ, একে সময়তে ইজনে সিজনৰ আন্তঃ সাংস্কৃতিক সংবেদনশীলতাক বুজি পোৱাটোও প্ৰয়োজনীয় কথা।” সম্প্ৰতি মুম্বাইত চলি থকা বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন (WAVES 2025)ত অনুষ্ঠিত হোৱা গ্ল’বেল মিডিয়া ডাইলগৰ বহু মতামতৰ ভিতৰত এয়াও হৈছে এটা অন্যতম মত। দেশসমূহৰ মাজত সৃষ্টিশীল স্থানসমূহ প্ৰসাৰিত কৰাটোৱেই এই সন্মিলনৰ উদ্দেশ্য।কাৰণ এনে প্ৰসাৰেই আমাৰ সামূহিক অগ্ৰগতিৰ চাবিকাঠি ধৰি ৰাখিছে। যিটো সময়ত আমি সকলোৱে ডিজিটেল বিভাজন দূৰ কৰাৰ পথত ভৰি দিছো, এতিয়া ৱেভছৰ মজিয়াত আলোচনাত অংশগ্ৰহণ কৰা বিভিন্ন দেশে সেই কথা ভালদৰে অনুভৱ কৰিছে। ক্ৰমান্বয়ে বিশ্বায়নৰ দিশে ধাৱমান হোৱা সংবাদ মাধ্যমৰ বৰ্তমানৰ পৰিৱেশৰ মাজত বিশ্ব শান্তি আৰু সম্প্ৰীতি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰসমূহৰ ভূমিকাৰ বিষয়ত আলোচনাত গুৰুত্ব লাভ কৰে। এই আলোচনাৰ মাজতে সদস্য ৰাষ্ট্ৰসমূহে ৱেভছ ঘোষণাপত্ৰও গ্ৰহণ কৰে।

গ্ল’বেল মিডিয়া ডাইলগে এই আৱেগক প্ৰতিধ্বনিত কৰিছে যে সমগ্ৰ বিশ্বৰ সংস্কৃতিক চিত্ৰিত কৰা ছবিসমূহে মানুহক ক্ৰমে ইজনে-সিজনৰ কাষ চপাই অনাৰ ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা বহন কৰিছে। ৱেভছৰ এই আলোচনাত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহে এই ক্ষেত্ৰত ভাৰতীয় ছবিৰ ভূমিকাক শলাগ লৈছে। গল্প কথনৰ এক মনোৰঞ্জনমূলক ফৰ্মেট হিচাপে ছবিবোৰে ইজনে সিজনৰ লগত সহযোগিতাৰ মনোভাব বৃদ্ধি কৰাত এক শক্তি হিচাপে কাম কৰিছে। গল্প কথনৰ কলাৰ সৈতে প্ৰযুক্তিৰ সংগমেৰে মনোৰঞ্জন জগতখনক পুনৰ সংজ্ঞায়িত কৰাৰ লগে লগে ব্যক্তিগত কাহিনীবোৰো সমল সৃষ্টিকৰ্তাৰ অৰ্থনীতিৰ এক শক্তিশালী ভেটি হিচাবে পৰিগণিত হৈছে। কেইখনমান সদস্য ৰাষ্ট্ৰই “দায়বদ্ধ সাংবাদিকতা”ৰ প্ৰয়োজনীয়তাৰ বিষয়তো নিজৰ মত ব্যক্ত কৰিছে। তেওঁলোকে অনুভৱ কৰিছে যে ৱেভছৰ মঞ্চতেই পাৰস্পৰিক সহযোগিতাৰ মাধ্যমেৰে আমাৰ সন্মুখত দেখা দিয়া সমস্যাসমূহৰ সমাধান কৰিব পৰা যাব।
ৱেভছ ২০২৫ শীৰ্ষ সন্মিলনক বিশ্ব সমাজৰ বাবে এক অণুবিশ্ব বুলি অভিহিত কৰি ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে এই সন্মিলনত সমল সৃষ্টিকৰ্তা, নীতি নিৰ্ধাৰক, অভিনেতা, লেখক, প্ৰযোজক আৰু শিল্পীসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ ভৱিষ্যতৰ পথ নিৰ্দেশনা প্ৰস্তুতৰ বিষয়ত আলোচনা কৰাৰ সুবিধা দিছে।
ভাষণ প্ৰসংগত ড০ জয়শংকৰে গ্ল’বেল মিডিয়া ডাইলগ ২০২৫ত বিবেচনাধীন বিষয়সমূহতো মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে শক্তিশালী সাংস্কৃতিক ঐতিহ্য থকা বিশ্বৰ সাংস্কৃতিক পথাৰ খন আজি ৰূপান্তৰিত হৈছে। আমাৰ পৰম্পৰা, ঐতিহ্য, ধাৰণা, অনুশীলন আৰু সৃষ্টিশীলতাক আমি শক্তিশালী কৰি তোলাটো এতিয়া অতি প্ৰয়োজনীয় হৈ পৰিছে বুলিও তেওঁ কয়।
বৈদেশিক দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰযুক্তি আৰু পৰম্পৰাই একেলগে হাতত হাত ধৰি চলিব লাগিব, কিয়নো প্ৰযুক্তিয়ে আমাৰ বিশাল ঐতিহ্যৰ প্ৰতি সজাগতাৰ দিশটোক শক্তিশালী কৰিব পাৰে আৰু ইয়াৰ প্ৰতি সচেতনতা গভীৰ কৰিব পাৰে, বিশেষকৈ নৱ প্ৰজন্মৰ বাবে প্ৰযুক্তিয়ে তেনে কৰিব পাৰে। জয়শংকৰে লগতে কয় -"প্ৰাসংগিক দক্ষতা বিকাশৰ জৰিয়তে সৃষ্টিশীল সহযোগিতাৰ যুগৰ আৰম্ভনিৰ বাবে যুৱ প্ৰতিভাক সাজু কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। উদ্ভাৱন হৈছে বিকশিত ভাৰতক গঢ়ি তোলাৰ মূল চাবিকাঠি"।
এআইৰ উদীয়মান যুগৰ প্ৰসংগত ড০ জয়শংকৰে উল্লেখ কৰে যে সম্ভাৱনাসমূহ এতিয়া কল্পনাৰ বাহিৰলৈ গৈছে, এনে পৰিস্থিতিত উদীয়মান প্ৰযুক্তিসমূহৰ দায়িত্বশীল ব্যৱহাৰৰো প্ৰয়োজন আছে। একে সময়তে পক্ষপাতিত্ব হ্ৰাস কৰা, বিষয়বস্তুক গণতান্ত্ৰিককৰণ কৰা আৰু ইয়াৰ নৈতিকতাক অগ্ৰাধিকাৰ দিয়া উচিৎ। তেওঁ কয় “এখন বিশ্বজোৰা কৰ্মক্ষেত্ৰ আৰু বিশ্বজোৰা কৰ্মশক্তিৰ বাবে মানসিকতা, কাঠামো, নীতি আৰু পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে”। মন্ত্ৰীগৰাকীয়ে বিশ্বৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ সন্মুখীন দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ বিষয়ত আলোচনা কৰাৰ মঞ্চ হিচাপে ৱেভছৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰে।

আলোচনাচক্ৰ খনৰ আদৰণি ভাষণত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে সংস্কৃতিয়ে সৃষ্টিশীলতাক অনুপ্ৰাণিত কৰে ,যিয়ে সীমান্তৰ সিপাৰৰ মানুহকো সংযোগ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তিয়ে আমি আমাৰ কাহিনী বৰ্ণনা কৰাৰ ধৰণক পুনৰ গঢ় দিছে। ইয়াৰ লগে লগে কন্টেন্ট সৃষ্টি আদিৰ ক্ষেত্ৰতো দ্ৰুত পৰিৱৰ্তন ঘটিছে। আমি এনে এটা বিন্দুত উপনীত হৈছো, য’ত আমি স্থানীয় বিষয়বস্তু সৃষ্টিৰ বাবে উদগনি যোগাব লাগিব।
৭৭খন দেশৰ প্ৰতিনিধিক সপোনৰ চহৰ মুম্বাইলৈ আদৰণি জনাই শ্ৰী বৈষ্ণৱে সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু কয় যে উমৈহতীয়া সফলতাৰ বাবে আমি সহ-উৎপাদন সন্ধি, যৌথ পুঁজি আৰু এনে এক ঘোষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । যিয়ে আমাক ডিজিটেল বিভাজন, ভ্ৰাতৃত্ববোধ, বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ পোষকতা কৰাত সহায় কৰে। এইদৰে আমি সৃষ্টিশীলতাৰ বিশ্বব্যাপী সাঁকো খন বহল কৰি ধাৰণাসমূহ সৰু পথৰ পৰা এক্সপ্ৰেছৱে’লৈ প্ৰসাৰিত কৰিব লাগিব ।
আলোচনাৰ সময়ত জ্যেষ্ঠ মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলেও নিজৰ মতামত প্ৰকাশ কৰে। ভাৰতে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহক ৩২ টা ক্ৰিয়েট ইন ইণ্ডিয়া প্ৰত্যাহ্বানৰ বিষয়ে অৱগত কৰে। ইয়াৰ জড়িয়তে ৱেভছৰ প্ৰথম ছিজনত সমগ্ৰ বিশ্বৰ পৰা ৭০০ৰো অধিক শীৰ্ষ সৃষ্টিকৰ্তাক চিনাক্ত কৰা হৈছে। ভাৰতে সদস্যসকলক অৱগত কৰে যে পৰৱৰ্তী সংস্কৰণৰ পৰা এই প্ৰত্যাহ্বানসমূহ ২৫টা ভাষাত পৰিচালিত হ’ব যাতে সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ভাষাত সৃষ্টিশীল প্ৰতিভা চিনাক্ত কৰিব পৰা যায়। এনে পদক্ষেপে তেওঁলোকক ৱেভছৰ মঞ্চত তেওঁলোকৰ সৃষ্টিশীল বিষয়বস্তু প্ৰদৰ্শন কৰাত সহায় কৰিব।

এই অনুষ্ঠানত শোভাবৰ্ধন কৰা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুকে ধৰি ভাৰত চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল।
For official updates on realtime, please follow us:
On X :
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
On Instagram:
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
PIB TEAM WAVES 2025 | Dharmendra Tewari/Rajith/Virat/Athira/Lekshmipriya/ Darshana | DM
Release ID:
(Release ID: 2126305)
| Visitor Counter:
27
Read this release in:
English
,
Khasi
,
Urdu
,
Marathi
,
Nepali
,
Hindi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam