WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কল্পনা কৰা ৱেভছ মনোৰঞ্জন উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ: শ্বাহৰুখ খান

এয়া টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ বাবে সুলভ মূল্যৰ চিনেমাৰ অভিজ্ঞতা সৃষ্টিৰ সময়: শ্বাহৰুখ খান

ৱেভছ হৈছে সকলো মিডিয়া প্লেটফৰ্মক একত্ৰিত কৰাৰ এক সময়োপযোগী পদক্ষেপ: দীপিকা পাডুকন

ভাৰতৰ শক্তিয়ে আগন্তুক বছৰবোৰত ৱেভছৰ সৈতে পৰৱৰ্তী জাঁপ মাৰিবলৈ সাজু হৈছে: কৰণ জোহৰ

 Posted On: 01 MAY 2025 6:50PM |   Location: PIB Guwahati

 

মনোৰঞ্জন উদ্যোগটোক আৰু অধিক শক্তিশালী কৰাৰ সম্ভাৱনা বহন কৰা   ৱেভছ শীৰ্ষ সন্মিলনৰ ধাৰণা আৰু একত্ৰিতকৰণৰ মনোভাৱৰ  বাবে অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্বাহৰুখ খানে চলচ্চিত্ৰ জগতৰ হৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ উল্লেখ কৰে যে এই মঞ্চ উদ্যোগটোৰ বাবে অতি প্ৰাসংগিক আৰু বিভিন্ন দিশত চৰকাৰৰ পৰা প্ৰয়োজনীয় সহযোগিতা আৰু সহায় আগবঢ়াবলৈ সক্ষম হ'ব।

ভাৰতে ছবিৰ শ্বুটিং গন্তব্যস্থান হিচাপে বহন কৰা  অপৰিসীম সম্ভাৱনাৰ বিষয়ে  খানে কয়  যে ভাৰতে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ‘শ্বুট ইন ইণ্ডিয়া’ৰ পৰৱৰ্তী গন্তব্যস্থান হ’ব পাৰে সেয়া এতিয়া প্ৰমাণ হৈছে। তদুপৰি, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংস্থা আৰু উদ্যোগসমূহৰ সৈতে বিভিন্ন ধৰণৰ চুক্তিয়ে ভাৰতৰ মনোৰঞ্জন উদ্যোগক গঢ় দিয়া আৰু শক্তিশালী কৰাত কিদৰে বহুখিনি আগবাঢ়িব পাৰিব সেই বিষয়েও তেওঁ গুৰুত্ব আৰোপ কৰে।

 

খানে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ দৰ্শকৰ বাবে ভাৰতীয় চিনেমাক অধিক সুলভ কৰি তোলাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। তেওঁ এই চহৰসমূহলৈ একক পৰ্দাৰ চিনেমাৰ অভিজ্ঞতা অনাৰ ধাৰণাৰ বিষয়ে কয় , যিয়ে ছবিসমূহক বৃহৎ দৰ্শকৰ মাজলৈ লৈ যোৱাত সহায় কৰিব।

 

অভিনেত্ৰী দীপিকা পাডুকনেও ৱেভছৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি  এয়া সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ বিভিন্ন মাধ্যমক একত্ৰিত কৰি সময়োপযোগী পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ  কয় যে এই খণ্ডৰ বিভিন্ন উলম্বই এতিয়ালৈকে কম অভিসৰণৰ সৈতে কাম কৰি আছে,  আনহাতে ৱেভছৰ পৰিসৰ বহল আৰু ইয়াত ফিল্ম, অ’টিটি, এনিমেচন, এআই আৰু অন্যান্য অত্যাধুনিক  প্ৰযুক্তি একত্ৰিত হৈছে৷

 

ৱেভ শীৰ্ষ সন্মিলনৰ প্ৰথম দিনটোত  ভাষণ আগবঢ়াই  অভিনেতা শ্বাহৰুখ খান আৰু দীপিকা পাডুকনে ‘দ্য জাৰ্নি: ফ্ৰম আউটছাইডাৰ টু ৰুলাৰ’ শীৰ্ষক এক  অধিৱেশনত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ সৈতে  মত বিনিময় কৰে। তেওঁলোকে চলচ্চিত্ৰ জগতৰ যাত্ৰা আৰু নিজৰ বাবে কেনেকৈ এটা নিৰ্দিষ্ট স্থান  কৰিব পাৰিছে সেই বিষয়ে মন্তব্য কৰে৷শ্বাহৰুখ খানে ‘বাহিৰ-ভিতৰ’ টেগ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি যুৱক-যুৱতীসকলক চলচ্চিত্ৰ জগতখনক আন যিকোনো বৃত্তিৰ দৰেই গণ্য কৰিবলৈ আহ্বান জনায়, য’ত কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ কোনো বিকল্প নাই।

 

ছ’চিয়েল মিডিয়া আৰু ইমেজ মেনেজমেণ্টৰ সময়ত মনোৰঞ্জন উদ্যোগৰ পৰিৱৰ্তিত গতিশীলতাৰ বিষয়ে কৈ  খানে নতুনকৈ অহাসকলক কেৱল নিজৰ ইমেজত গুৰুত্ব দিয়াতকৈ নিজৰ দক্ষতাৰ বিষয়ত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে। পাডুকনে লগতে কয় যে এতিয়া সময় হৈছে তেওঁলোকৰ অনন্য শক্তি আৰু ক্ষমতাৰ জৰিয়তে নিজকে পৃথক কৰা।

 

সামৰণি ভাষণত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে ভাৰতক এক শক্তি বুলি অভিহিত কৰে,  যিয়ে আগন্তুক বছৰবোৰত ৱেভছৰ সৈতে পৰৱৰ্তী জাঁপ মাৰিবলৈ  সাজু হৈছে।

 

PIB TEAM WAVES 2025 | Rajith/ Shuchita/ Darshana |DM


Release ID: (Release ID: 2125982)   |   Visitor Counter: 34