গৃহ মন্ত্ৰালয়
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে ২০২৫ বৰ্ষৰ বাবে ৪টা পদ্ম বিভূষণ, ১০টা পদ্মভূষণ আৰু ৫৭টা পদ্মশ্ৰী বঁটা
प्रविष्टि तिथि:
28 APR 2025 7:20PM by PIB Guwahati
আজি ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত অনুষ্ঠিত অসামৰিক বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৫ বৰ্ষৰ বাবে ৪ টা পদ্ম বিভূষণ, ১০ টা পদ্মভূষণ আৰু ৫৭ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
এই উপলক্ষে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ লগতে কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে কাইলৈ ২৯ এপ্ৰিল, ২০২৫ তাৰিখে পুৱা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পদ্ম বঁটাপ্ৰাপকসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁলোকে ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ো পৰিদৰ্শন কৰিব।
****
RK/VV/RR/PR/PS
(रिलीज़ आईडी: 2125051)
आगंतुक पटल : 32
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam