তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

এছআৰএফটিআই ছবি “এ ডল মেড আপ অৱ ক্লে” ই স্থান লাভ কৰিলে ঐতিহাসিক কান ২০২৫ত

২৩ মিনিটৰ পৰীক্ষামূলক ছবিখনে সীমা অতিক্ৰম কৰি সহযোগিতা আৰু বিশ্বব্যাপী গল্প কথনৰ উৎকৃষ্টতাক উজ্জ্বল কৰি তুলিছে

Posted On: 26 APR 2025 6:24PM by PIB Guwahati

ভাৰতীয় চিনেমাৰ বাবে গৌৰৱৰ এক মুহূৰ্তত সত্যজিৎ ৰায়  ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এছ আৰ এফ টি আই)ৰ ছাত্ৰৰ ছবি “এ ডল মেড আপ অৱ ক্লে”- ই ৭৮ সংখ্যক ফেষ্টিভেল ডি কান ২০২৫ত সন্মানীয় লা চিনেফ শিতানত আনুষ্ঠানিক নিৰ্বাচন লাভ কৰিছে।এই শাখাত একমাত্ৰ ভাৰতীয় প্ৰৱেশ হিচাপে ছবিখনে ভাৰতৰ চিনেমা শিক্ষা যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে।

ছবিখনৰ  বিষয়ে

উচ্চাকাংক্ষাৰ দ্বাৰা পৰিচালিত এজন নাইজেৰিয়ান যুৱ খেলুৱৈয়ে ভাৰতত এজন পেছাদাৰী ফুটবলাৰ হোৱাৰ সপোন পূৰণৰ বাবে পিতৃৰ মাটি বিক্ৰী কৰে। কিন্তু কেৰিয়াৰৰ অন্ত পৰাৰ পিছত তেওঁ মোহভংগ হৈ তেওঁ এখন  অচিনাকি দেশত আবদ্ধ হৈ পৰে। শৰীৰৰ  বিষ, আৱেগিক আঘাত আৰু পৰিচয় সংকটৰ মাজতে এটা সময়ত  তেওঁ নিজৰ পূৰ্বপুৰুষৰ আধ্যাত্মিক পৰম্পৰাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰে, তেওঁ  মুক্তিৰ  অৰ্থ বিচাৰি পায়। মাটিৰে নিৰ্মিত পুতলা হৈছে স্থানচ্যুতি, ক্ষতি আৰু সাংস্কৃতিক স্থিতিস্থাপকতাৰ এক শক্তিশালী অন্বেষণ।সেই কথাৰেই ছবি খনত কিছু  কথা প্ৰতীকী ৰূপত দাঙি ধৰা হৈছে।

 

এছ আৰ এফ টি আইৰ প্ৰডাচিং ফৰ ফিল্ম এণ্ড টেলিভিছন (পি এফ টি) বিভাগৰ অধীনত নিৰ্মিত এই ২৩ মিনিটৰ পৰীক্ষামূলক ছবিখনে সীমা অতিক্ৰম কৰি সহযোগিতাৰ মনোভাব প্ৰদৰ্শন কৰিছে। পিএফটিৰ ছাত্ৰ চাহিল মনোজ ইংলেৰ প্ৰযোজনা আৰু আইচিচিআৰ আফ্ৰিকান বৃত্তিৰ অধীনত ইথিওপিয়ান ছাত্ৰ কোকব গেব্ৰেহাৱেৰিয়া টেছফাইৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে বিশ্বব্যাপী চিনেমাৰ উদ্ভাৱনৰ প্ৰতি এছআৰএফটিআইৰ সমৰ্পণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।

 

কানত লা চিনেফত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰা ছবিখনে বিশ্বৰ শীৰ্ষস্থানীয় চলচ্চিত্ৰ বিদ্যালয়ৰ উদীয়মান প্ৰতিভাক উজ্জ্বল কৰি তুলিছে। এই মে’ মাহত ফ্ৰান্সত অনুষ্ঠিত হয় এই উৎসৱ।

 

সপোন, স্থিতিস্থাপকতা আৰু বিশ্বব্যাপী স্বীকৃতি

 

অধ্যাপক সুকান্ত মজুমদাৰে (ডিন, এছ আৰ এফ টি আই) এই বিষয়ত আলোকপাত কৰি কয় যে “আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যিকোনো চিনেমাৰ অভিব্যক্তি, যেতিয়া এক প্ৰতিষ্ঠিত বিশ্বব্যাপী মঞ্চত স্বীকৃতি লাভ কৰে, তেতিয়া আমি  আশ্বস্ত  হৈ পৰো।এয়া আমাৰ বাবে গৌৰৱৰ এক বৃহৎ মুহূৰ্ত, আৰু আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গৌৰৱান্বিত।মই তেওঁলোকক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জনাইছো।”

 

প্ৰযোজক চাহিল মনোজ ইংলেই  কয়  “এই প্ৰকল্পটো মহাদেশসমূহৰ মাজত এক ভাগ-বতৰা কৰা দৃষ্টিভংগী—সীমা অতিক্ৰম কৰা এক কাহিনী। কান নিৰ্বাচন হৈছে এক সপোন বাস্তৱায়িত আৰু এছ আৰ এফ টি আইৰ দেৱালৰ ভিতৰত বিশ্বব্যাপী চিন্তাধাৰাৰ প্ৰমাণ।”

 

পৰিচালক কোকব গেব্ৰেহাৱেৰিয়া টেছফাইয়ে লগতে কয়, "এই ছবিখনৰ  ব্যক্তিগত কাহিনীয়ে নতুন প্ৰত্যাহ্বানৰ অন্বেষণ  কৰা সপোন দেখাসকলৰ যাত্ৰাৰ কথা কয়, তেওঁলোক কোন সেইটো পুনৰ গঢ় দিয়ে। কানে স্থিতিস্থাপকতা আৰু অকথিত কাহিনীক উদযাপন কৰে।"

 

বিশ্বজনীন সহযোগিতা:

 

ছবিখনৰ অভিনেতা-অভিনেত্ৰী আৰু কৰ্মীয়ে এক ব্যতিক্ৰমী আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে:

প্ৰযোজক: সাহিল মনোজ ইংলে

লেখক আৰু পৰিচালক: কোকব গেব্ৰেহাৱেৰিয়া টেছফাই (ইথিওপিয়া)

ডি অ’ পি: বিনোদ কুমাৰ

সম্পাদক: হাৰু – মাহমুদ আবু নাছেৰ (বাংলাদেশ)

শব্দৰ ডিজাইন: সোহাম পাল

সংগীত সুৰকাৰ: হিমাংছু ছাইকিহ

কাৰ্যবাহী প্ৰযোজক: উমা কুমাৰী & ৰোহিত কোডেৰে

লাইন প্ৰযোজক: অবিনাশ শংকৰ ৰহুৰ্ভে

মুখ্য অভিনেতা: ইব্ৰাহিম আহমেদ (নাইজেৰিয়া)

অভিনয়: গীতা দোছী, ইব্ৰাহিম আহমেদ, ৰৱিটবান আচাৰ্য

 

এছআৰএফটিআই সম্পৰ্কে

১৯৯৫ চনত প্ৰতিষ্ঠা হোৱা এছ আৰ এফ টি আইৰ নামকৰণ কৰা হৈছে কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ নামেৰে, যিয়ে চলচ্চিত্ৰ শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ জৰিয়তে নতুন প্ৰজন্মৰ গল্পকাৰক শক্তিশালী কৰাৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে।

 

Dharmendra Tewari/ Navin Sreejith/DM


(Release ID: 2124687) Visitor Counter : 15