ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত খাদী আৰু গ্ৰামোদ্যোগ আয়োগে গঢ়িলে নতুন অভিলেখ

স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগৰ ব্যৱসায়ে অতিক্ৰম কৰিলে ১ লাখ ৭০ হাজাৰ কোটি টকা


কেভিআইচিৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰে প্ৰকাশ কৰিলে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাময়িক তথ্য

বিগত ১১ বছৰত ৩৪৭% বৃদ্ধিৰে উৎপাদন চাৰিগুণলৈ পাইছে বৃদ্ধি আৰু ৪৪৭% শতাংশ বৃদ্ধিৰে বিক্ৰী পাঁচগুণলৈ উন্নত

১১ বছৰত মুঠ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ৪৯.২৩% ঐতিহাসিক বৃদ্ধি, কেভিআইচিয়ে ১.৯৪ কোটি ব্যক্তিক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ সক্ষম হৈছে

খাদী গ্ৰামোদ্যোগ ভৱন নতুন দিল্লীৰ টাৰ্ণঅভাৰে প্ৰথমবাৰৰ বাবে ১১০.০১ কোটি টকাৰে অভিলেখ সৃষ্টি কৰিছে

Posted On: 21 APR 2025 3:35PM by PIB Guwahati

 

দেশৰ আত্মনিৰ্ভৰশীলতাৰ মনোভাৱক  সুন্দৰ ৰূপত প্ৰতিফলিত কৰি খাদী আৰু গ্ৰামোদ্যোগ খণ্ডই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ (MSME) নিৰ্দেশনাত বিগত ১১ বছৰত নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয় বিভাগটোৱে কোটি কোটি গাঁওবাসীৰ জীৱনলৈও আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। পূজনীয়  বাপুৰ উত্তৰাধিকাৰ খাদী এতিয়া কেৱল কাপোৰ হিচাবে নহয়, বৰঞ্চ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ গঢ়াৰ প্ৰতীক হিচাবেও পৰিগণিত হৈছে। সোমবাৰে নতুন দিল্লীৰ ৰাজঘাটত অৱস্থিত কাৰ্যালয়ত খাদী আৰু গ্ৰামোদ্যোগৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাময়িক তথ্য প্ৰকাশ কৰাৰ সময়ত এই মন্তব্য কৰে  কেভিআইচিৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰে। তেওঁ প্ৰকাশ কৰা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত কেভিআইচিয়ে উৎপাদন, বিক্ৰী আৰু নতুন নিয়োগ সৃষ্টিৰে নতুন অভিলেখ গঢ়িছে। যোৱা ১১ বছৰত বিক্ৰী ৪৪৭ শতাংশ, উৎপাদন ৩৪৭ শতাংশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ৪৯.২৩ শতাংশ বৃদ্ধি পাইছে।  ২০২৩-২৪ বিত্তীয় বৰ্ষত ২০১৩-১৪ চনৰ তুলনাত বিক্ৰী ৩৯৯.৬৯% আৰু উৎপাদন ৩১৪.৭৯% বৃদ্ধি পাইছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।

 

অধ্যক্ষ শ্ৰী মনোজ কুমাৰে লগতে কয় যে কেভিআইচিৰ এই উৎকৃষ্ট প্ৰদৰ্শনে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ সংকল্প বাস্তৱায়িত কৰাৰ লগতে ভাৰতক বিশ্বৰ তৃতীয় অৰ্থনীতি হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ এই ঐতিহাসিক সাফল্যৰ কাৰণ পূজনীয়  বাপুৰ প্ৰেৰণা, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা নিশ্চয়তা, এম এছ এম মন্ত্ৰালয়ৰ পথ প্ৰদৰ্শন আৰু দেশৰ দুৰ্গম গাঁৱসমূহত কৰ্মৰত কোটি কোটি শিপিনীৰ অক্লান্ত কষ্টৰ ফল বুলি কয়।  কেভিআইচিৰ অধ্যক্ষগৰাকীয়ে কয় যে খাদী আৰু গ্ৰামোদ্যোগৰ  ২০১৩-১৪ বিত্তীয় বৰ্ষত সামগ্ৰীৰ উৎপাদন আছিল ২৬১০৯.০৭ কোটি টকা, ই ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩৪৭ শতাংশ বৃদ্ধিৰ সৈতে প্ৰায় চাৰিগুণ উন্নত  হৈ ১১৬৫৯৯.৭৫ কোটি টকালৈ বৃদ্ধি পাইছে। যদিও ২০১৩-১৪ বিত্তীয় বৰ্ষত বিক্ৰী আছিল ৩১১৫৪.১৯ কোটি টকা, ই ৪৪৭ শতাংশৰ অভূতপূৰ্ব বৃদ্ধিৰ সৈতে প্ৰায় পাঁচগুণ বৃদ্ধি হৈ ২০২৪-২৫ বিত্তীয় বৰ্ষত ১৭০৫৫১.৩৭ কোটি টকাত উপনীত হৈছে, যি এতিয়ালৈকে হোৱা সৰ্বাধিক বিক্ৰী।   

 

সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় কৰি তেওঁ কয় যে বিগত ১১ বছৰত খাদী কাপোৰৰ উৎপাদনতো অভূতপূৰ্ব বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যদিও ২০১৩-১৪ বিত্তীয় বৰ্ষত খাদী কাপোৰৰ উৎপাদন আছিল ৮১১.০৮ কোটি টকাৰ, ই ৩৬৬ শতাংশ বৃদ্ধি পাইছিল আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত চাৰে চাৰিগুণ বৃদ্ধি হৈ ৩৭৮৩.৩৬ কোটি টকালৈ বৃদ্ধি পাইছিল, যি এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। খাদী কাপোৰৰ বিক্ৰীৰ ক্ষেত্ৰতো যথেষ্ট বৃদ্ধি লক্ষ্য কৰা হৈছে।যদিও ২০১৩-১৪ বিত্তীয় বৰ্ষত ইয়াৰ বিক্ৰী মাত্ৰ ১০৮১.০৪ কোটি টকাৰ আছিল, ই ২০২৪-২৫ বিত্তীয় বৰ্ষত ৫৬১ শতাংশ বৃদ্ধিৰ সৈতে প্ৰায় চাৰে ছয় গুণ বৃদ্ধি হৈ ৭১৪৫.৬১ কোটি টকালৈ বৃদ্ধি পাইছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৃহত্তৰ মঞ্চৰ পৰা খাদীৰ প্ৰচাৰ কৰাৰ ফলত খাদী কাপোৰ বিক্ৰীত তেনে প্ৰচাৰৰ  যথেষ্ট প্ৰভাৱ পৰিছে বুলি তেওঁ লগতে কয়।

 

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্দেশ্য সন্দৰ্ভত মন্তব্য কৰি  তেওঁ কয় যে কেভিআইচিৰ প্ৰধান উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত সৰ্বাধিক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা। এই ক্ষেত্ৰতো কেভিআইচিয়ে বিগত ১১ বছৰত অভিলেখ গঢ়িছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত  নিয়োগ ১.৩০ কোটি হোৱাৰ বিপৰীতে ২০২৪-২৫ চনত ৪৯.২৩ শতাংশ বৃদ্ধিৰে ১.৯৪ কোটিলৈ বৃদ্ধি পাইছে। নতুন দিল্লীৰ খাদী আৰু গ্ৰামোদ্যোগ ভৱনৰ ব্যৱসায়ো অভূতপূৰ্বভাবে বৃদ্ধি পাইছে। যদিও ২০১৩-১৪ বিত্তীয় বৰ্ষত ভৱনৰ ব্যৱসায় আছিল ৫১.০২ কোটি টকা, ই প্ৰায় গুণ বৃদ্ধি পাইছিল আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ১১৫ শতাংশ বৃদ্ধিৰ সৈতে ১১০.০১ কোটি টকাত উপনীত হৈছিল। প্ৰধানমন্ত্ৰী নিযুক্তি উৎপাদন কাৰ্যসূচী (পিএমইজিপি) আঁচনি আৰম্ভ হোৱাৰ পৰা, মুঠ ১০১৮১৮৫ টা  গোট স্থাপন কৰা হৈছে, যাৰ বাবে ভাৰত চৰকাৰে ৭৩৩৪৮.৩৯ কোটি টকাৰ ঋণৰ বিপৰীতে ২৭১৬৬.০৭ কোটি টকাৰ  ৰাজসাহায্য বিতৰণ কৰিছে। এতিয়ালৈকে পিএমইজিপিৰ জৰিয়তে ৯০,০৪,৫৪১ গৰাকী  লোকে নিযুক্তি লাভ কৰিছে।

 

 

তেওঁ কয় যে গ্ৰামোদ্যোগ বিকাশ যোজনা আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ সৰ্বাধিক সংখ্যক লোকক কৰ্মসংস্থাপন প্ৰদানৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে কেভিআইচিয়ে কেভিআইচিয়ে ২০২১-২২ বিত্তীয় বৰ্ষত ২৫.৬৫ কোটি টকাৰ বাজেট ২০২৫-২৬ বিত্তীয় বৰ্ষত ১৩৪ শতাংশ বৃদ্ধি কৰি ৬০ কোটি টকালৈ অৰ্থাৎ দুগুণতকৈও অধিক কৰিছে। এতিয়ালৈকে ৩৯২৪৪ টা বৈদ্যুতিক মৃৎশিল্পৰ চকা, ২২৭০৪৯ টা মৌ পালনৰ বাকচ আৰু মৌ কলনী, ২৩৪৪  টা স্বয়ংক্ৰিয় আৰু পেডেল চালিত ধূপ কাঠি নিৰ্মাণ যন্ত্ৰ, গ্ৰামোদ্যোগ বিকাশ যোজনাৰ অধীনত ৭৭৩৫ টা জোতা নিৰ্মাণ আৰু মেৰামতি টুলকিট, ৯৬৪ টা কাগজৰ প্লেট আৰু ডোনা নিৰ্মাণ যন্ত্ৰ, ৩৪৯৪ টা এচি, মোবাইল, চিলাই, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ টুলকিট, ৪৫ টা টাৰ্ণউড, আৱৰ্জনা , কাঠৰ কাৰুশিল্প, কাঠৰ পুতলা নিৰ্মাণ যন্ত্ৰৰ লগতে ২৩৬৭ টা পাম গুড়, তেল পেৰা ঘানি আৰু তামোল প্ৰক্ৰিয়াকৰণ যন্ত্ৰ বিতৰণ কৰা হৈছে।  যদি আমি যোৱা তিনিটা বিত্তীয় বৰ্ষৰ কথা কওঁ তেন্তে  ২০২২-২৩ত ২৯৮৫৪ টা, ২০২৩-২৪  বিত্তীয় বৰ্ষত মুঠ ২২২৮৪  টা যন্ত্ৰ আৰু সঁজুলি বিতৰণ কৰা হৈছিল আৰু ২০২৪-২৫  বিত্তীয় বৰ্ষত সৰ্বাধিক ৩৭২১৮ টা যন্ত্ৰ আৰু সঁজুলি বিতৰণ কৰা হৈছিল। গ্ৰামোদ্যোগ বিকাশ যোজনাৰ অধীনত, কেভিআইচিয়ে এতিয়ালৈকে মুঠ ২৮৭৭৫২ টা যন্ত্ৰ, টুলকিট আৰু সঁজুলি বিতৰণ কৰি এক স্বাৱলম্বী ভাৰত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

মহিলা সবলীকৰণৰ দিশত উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি তেওঁ  কয় যে যোৱা ১০ বছৰত কেভিআইচিৰ ১৮টা বিভাগীয় আৰু ১৭টা অবিভাগীয় প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ৭,৪৩,৯০৪গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে, ইয়াৰে ৫৭.৪৫ শতাংশ অৰ্থাৎ ৪,২৭,৩৯৪গৰাকী মহিলা। ইয়াৰ উপৰি লাখ খাদী শিপিনীৰ ৮০ শতাংশই মহিলা। যোৱা ১১ বছৰত খাদী শিপিনীৰ মজুৰি ২৭৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে যোৱা তিনি বছৰত ১০০ শতাংশ বৃদ্ধি পাইছে।

 

SK/DM


(Release ID: 2123680)