তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ, ২০২৫-ৰ পূৰ্বে সংবাদ মাধ্যমৰে আলোচনাত মিলিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ
ৱেভছক উদ্যোগটোৱে পৰিচালিত কৰিছে; চৰকাৰে অনুঘটকৰ ভূমিকা পালন কৰিছেঃ শ্ৰী অশ্বিনী বৈষ্ণৱ
ভাৰতৰ ক্ৰিয়েটিভ অৰ্থনীতিৰ বৰ্ধনলৈ ব্যাপক সঁহাৰিঃ ১ লাখ+ পঞ্জীয়ন, ৭৫০ শীৰ্ষ পৰ্য্যায়ৰ ক্ৰিয়েটৰে নিজ-নিজ সৃষ্টিৰাজি প্ৰদৰ্শন কৰিব
ৱেভছে স্কেলেবল ক্ৰিয়েটিভ সমাধানৰ বাবে ক্ৰিয়েটৰ, ক্ৰেতা আৰু বজাৰৰ মাজত এক গ্ল’বেল কানেক্টৰ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী
Posted On:
19 APR 2025 7:03PM
|
Location:
PIB Guwahati
ক্ৰিয়েটৰসকল আৰু তেওঁলোকৰ অৰ্থনীতিৰ জগতখন মৌলিক পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয়। ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত অনুষ্ঠিতব্য প্ৰথম বিশ্ব অডিঅ’ ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES)ৰ প্ৰাকক্ষণত আজি সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় অনুষ্ঠানত মন্ত্ৰীজনে এইদৰে কয়। উক্ত মত-বিনিময় অনুষ্ঠানত প্ৰায় ২০ টা ৰাষ্ট্ৰীয় তথা আঞ্চলিক সংবাদ গোষ্ঠীয়ে অংশগ্ৰহণ কৰে। ইয়াত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰাজি সম্পৰ্কে আলোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিৰ আগমনৰ লগে-লগে নতুন মডেলে পুৰণি মডেলৰ স্থান লৈছে, যিয়ে সুযোগৰ লগতে প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। মিডিয়া জগতখনৰ ৰূপ সলনি হৈ আছে বুলিও তেওঁ কয় আৰু নতুন মডেলৰ প্ৰতি সঁহাৰি জনোৱাৰ সামূহিক প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এটা উদাহৰণ দাঙি ধৰি তেওঁ কয় যে কন্টেন্ট যুগুতৰ বাবে বৃহৎ ষ্টুডিঅ’ৰ প্ৰয়োজনীয়তা আজি নোহোৱা হৈ পৰিছে। আজি ঝাৰখণ্ড বা কেৰালাৰ কোনো দূৰ্গম গাঁৱৰো এজন ক্ৰিয়েটৰে উন্নত মানৰ সৃষ্টি কৰি লাখ-লাখ ভিউ লাভ কৰিব পাৰে।

তেওঁ উল্লেখ কৰে যে ক্ৰিয়েটৰ অৰ্থনীতিৰ দ্ৰুত বৰ্ধন ঘটিছে। মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ছফ্ট পাৱাৰক বিশ্বজুৰি প্ৰচাৰেৰে ক্ৰিয়েটৰসকলৰ কাম-কাজ আৰু অৰ্থনীতিলৈ তেওঁলোকৰ অৱদানক স্বীকাৰ কৰিছে। ৱেভছ-এ নিজকে মিডিয়া আৰু এন্টাৰটেইনমেন্টৰ ক্ষেত্ৰত এখনি বিশ্ব মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, যেনেকৈ ডাভোছে অৰ্থনৈতিক নীতিৰ বাবে এখনি বিশ্ব মঞ্চ হিচাপে কাম কৰে, তেওঁ লগতে কয়।
ভাৰতৰ ক্ৰিয়েটিভ অৰ্থনীতিয়ে ব্যাপক উদ্দীপনা লাভ কৰিছে, ৱেভছ, ২০২৫-ত অংশগ্ৰহণৰ অৰ্থে ১ লাখৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। ইয়াত শীৰ্ষ উদ্ভাৱকসকলক বঁটাৰে সন্মানিত কৰা হ’ব, ইয়াৰ জৰিয়তে বিকশিত ৱৰ্ল্ড মিডিয়া আৰু এন্টাৰটেইনমেন্ট বাতাবৰণত তেওঁলোকৰ অৱদানক উদযাপন কৰা হ’ব। শ্ৰী বৈষ্ণৱে কয়, আমি বিশ্বখনক আমাৰ ক্ৰিয়েটৰসকলৰ সৈতে সংযোগ কৰাৰ এটা উপায়ৰ অন্বেষণ কৰিছোঁ। ৱেভছে স্কেলেবল ক্ৰিয়েটিভ সমাধানৰ বাবে ক্ৰিয়েটৰ, ক্ৰেতা আৰু বজাৰৰ মাজত এক গ্ল’বেল কানেক্টৰ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ৱেভছ-ৰ জৰিয়তে ক্ৰেতা আৰু বিক্ৰেতাসকলে এখনি মঞ্চ লাভ কৰিব, য'ত ক্ৰিয়েটৰসকলে তেওঁলোকৰ কন্টেন্ট প্ৰদৰ্শন কৰিব পাৰিব আৰু ফাৰ্মসমূহে মানসম্পন্ন ক্ৰিয়েটিভ কামৰ উৎস লাভ কৰিব পাৰিব।
এই মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণেৰে ভিন্ন সংবাদ গোষ্ঠীৰ মুৰব্বীসকলে চৰকাৰক অভিনন্দন জনায় কয় যে এই প্ৰচেষ্টাই ৱেভছ-ৰ ৰূপত নীতি নিৰ্ধাৰক, ক্ৰিয়েটৰ, উদ্যোগৰ অগ্ৰদূত, টেক অগ্ৰদূত আৰু মিডিয়া আৰু এন্টাৰটেইনমেন্ট (M&E) খণ্ডৰ ষ্টাৰ্ট আপসমূহক একেখন মঞ্চতে সমবেত কৰিবলৈ এক নতুন ধাৰণাৰ প্ৰৱৰ্তন কৰিছে।
ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে সকলো অংশগ্ৰহণকাৰী আৰু বিশিষ্ট ব্যক্তিক আদৰণি জনাই মিডিয়া বাতাবৰণৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত সামূহিক আলোচনাৰ তাৎপৰ্য্য সম্পৰ্কে আলোকপাত কৰে। তেওঁ প্লেটফৰ্মসমূহৰ অংশীদাৰসকলৰ সৈতে সংযোগ স্থাপনাৰ্থে মন্ত্ৰালয়ৰ অংগীকাৰত গুৰুত্ব আৰোপ কৰে আৰু ৱেভছ, ২০২৫-ৰ পূৰ্বে সংবাদ গোষ্ঠীসমূহৰ এনে সক্ৰিয় অংশগ্ৰহণ কাৰ্য্যৰ শলাগ লয়।
*****
Dharmendra Tewari/Virat Majboor/Navin Sreejith/SB
Release ID:
(Release ID: 2122980)
| Visitor Counter:
61
Read this release in:
Odia
,
English
,
Gujarati
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam