তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ২০২৫ এনিমেচন ফিল্ম মেকাৰছ চেলেঞ্জে ঘোষণা কৰিলে শীৰ্ষ ৪২ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ নাম
ৱেভছ- এ মূল এনিমেচন, ভিএফএক্স, এআৰ/ভিআৰ আৰু ভাৰ্চুৱেল প্ৰডাকচনৰ এক বিশ্বব্যাপী প্ৰদৰ্শনীক আগস্থানত উপৱিষ্ট কৰিছে
ৱেভছ ২০২৫ ত নিজৰ প্ৰকল্পসমূহ উপস্থাপন কৰিব এনিমেচন ছবি নিৰ্মাণ প্ৰতিযোগিতাৰ প্ৰতিভাৱান চূড়ান্ত প্ৰতিযোগীসকলে
Posted On:
19 APR 2025 12:03PM
|
Location:
PIB Guwahati
ৱেভছ ২০২৫ৰ ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ছিজন-১’ৰ অংশ হিচাপে অনুষ্ঠিত হৈ থকা এনিমেচন ফিল্ম মেকাৰছ প্ৰতিযোগিতা (এ এফ চি)ৰ চূড়ান্ত প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰা হৈছে। এনিমেচনৰ সমগ্ৰ বৰ্ণালীত মৌলিক কাহিনী কথনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি, পৰম্পৰাগত এনিমেচন, ভিএফএক্স, অগমেণ্টেড ৰিয়েলিটি (এআৰ)/ভাৰ্চুৱেল ৰিয়েলিটি (ভিআৰ) আৰু ভাৰ্চুৱেল প্ৰডাকচনক সামৰি লোৱা শ্ৰেষ্ঠ ৪২টা প্ৰকল্পই চূড়ান্ত ৰাউণ্ডত স্থান লাভ কৰিছে। এই প্ৰতিভাৱান অংশগ্ৰহণকাৰীসকলে এতিয়া ২০২৫ চনৰ ১মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছ শীৰ্ষ সন্মিলনৰ সময়ত নিজৰ মূল প্ৰকল্পসমূহ উপস্থাপন কৰাৰ সুযোগ পাব।শীৰ্ষ ৩ গৰাকী বিজয়ীয়ে প্ৰত্যেকেই ৫ লাখ টকা পৰ্যন্ত নগদ পুৰস্কাৰ লাভ কৰিব।
শীৰ্ষ ৪২ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ নিৰ্বাচন ডান্সিং এটমছ দলৰ নেতৃত্বত ৱেভছ দলৰ সহযোগত ৯ মাহৰ কঠোৰ মূল্যায়ন প্ৰক্ৰিয়াৰ ফল। অংশগ্ৰহণকাৰীসকলৰ নিষ্ঠাবান প্ৰচেষ্টাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জুৰী সদস্যসকলকলৈ গঠিত এটা সন্মানীয় পেনেলে স্বীকৃতি প্ৰদান কৰে, জুৰীৰ ভিতৰত অন্তৰ্ভুক্ত আছিল:
● অনু সিং
● ফাৰুখ ধোণ্ডী
● ডেন ছাৰ্টো
● জেমছ নাইট
● জন নাগেল
● জিয়ানমাৰ্কো চেৰা
● ইন্দু ৰামচন্দনী
মুম্বাইত নিজৰ মূল প্ৰকল্প উপস্থাপন কৰাৰ সুযোগ লাভ কৰা প্ৰতিভাৱান চূড়ান্ত প্ৰতিযোগী কেইগৰাকী হ’ল- অভিজিত ছাক্সেনা, অনিকা ৰাজেশ, অনিৰ্বাণ মজুমদাৰ, অনুজ কুমাৰ চৌধাৰী, অৰুন্ধতী সৰকাৰ, আত্ৰেয়ী পোদ্দাৰ, ভগত সিং ছাইনী, ভাগ্যশ্ৰী সতপথী, বিমল পোদ্দাৰ, কেথৰিনা ডায়েন উইৰাস্বতী এছ, গদাম জগদীশ প্ৰসাদ যাদৱ, গাৰ্গী গাউথে, হৰিশ নাৰায়ণ আয়েৰ, হৰ্ষিতা দাস, হীৰক জ্যোতি নাথ, ঈশা চান্দনা, জেকলিন চি চিং, জ্যোতি কল্যাণ ছুৰা, খম্বোৰ বাটেই খৰজানা, কিশোৰ কুমাৰ কেদাৰী, কিৰুথিকা ৰামসুব্ৰমণিয়ান, মকম নেহা, মাৰ্তান্দ আনন্দ উগালমুগলে, নন্দন বালকৃষ্ণন, পিযুষ কুমাৰ, প্ৰশান্ত কুমাৰ নাগাদাসী, প্ৰসেনজিৎ সিংহ, ৰিচা ভুটানী, ঋষভ মহন্ত, ৰোহিত ছাংখলা, সন্ধ্ৰা মেৰী, সংগীতা পোদ্দাৰ, ছেগুন চেমচন, শ্ৰীয়া বিনায়ক পোৰে, শ্ৰেয়া সচদেৱ, শ্ৰীকান্ত এছ মেনন, শ্ৰীকান্ত ভোগী, শুভম তোমৰ, শ্বেতা সুভাষ মৰাথে, সুন্দৰ মহালিংম, সুকংকন ৰায়, ত্ৰিপৰ্ণা মৈতি, তুহিন চন্দা, বামসী বন্দৰু, ভেট্ৰিভেয়াৰে।
তেওঁলোকৰ প্ৰকল্পৰ সম্ভাৱ্য অৰ্থনৈতিক প্ৰভাৱ উল্লেখযোগ্য, প্ৰতিখন এনিমেটেড ভিএফএক্স বৈশিষ্ট্যপূৰ্ণ ছবিয়ে ১০০-৩০০ ব্যক্তিৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৱেভছ এএফচি ২০২৫- এ ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিনিয়োগক প্ৰতিনিধিত্ব কৰিছে, যিয়ে চাকৰি সৃষ্টি আৰু বিশ্বব্যাপী সুযোগক উদগনি যোগাইছে। প্ৰতিযোগিতাখনৰ উচ্চাকাংক্ষাই আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰডাকচনক উদগনি যোগোৱালৈকে বিস্তৃত হৈ আছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত আৰু ডান্সিং এটমছৰ নেতৃত্বত এই যুগান্তকাৰী বিশ্বব্যাপী পদক্ষেপে প্ৰথমবাৰৰ বাবে এভিজিচি খণ্ডৰ চাৰিওটা উলম্বক এনে প্ৰতিযোগিতাত এটা ছাতিৰ তলত প্ৰতিনিধিত্ব কৰা হৈছে।
ৱেভছ এএফচি ২০২৫-এ প্ৰচুৰ সঁহাৰি লাভ কৰিছে, বিশ্বজুৰি অপেছাদাৰী অনুৰাগী, প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী আৰু অভিজ্ঞ পেছাদাৰীসকলৰ পৰা প্ৰায় ১৯০০টা পঞ্জীয়ন আৰু ৪১৯টা বৈচিত্ৰ্যপূৰ্ণ প্ৰৱেশ লাভ কৰিছে। এই উৎসাহী অংশগ্ৰহণে এনিমেচন উদ্যোগৰ ভিতৰত সজীৱ সৃষ্টিশীল কণ্ঠ চিনাক্তকৰণ আৰু লালন-পালনৰ ক্ষেত্ৰত প্ৰতিযোগিতাখনৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰিছে।
প্ৰতিভা প্ৰদৰ্শনৰ বাহিৰেও এই পদক্ষেপে সকলো পৰ্যায়তে মেণ্টৰশ্বিপক অগ্ৰাধিকাৰ দিছে। চূড়ান্ত নিৰ্বাচন যিয়েই নহওক কিয়, সকলো প্ৰতিযোগীয়ে একাডেমী বঁটা বিজয়ী গুণীত মংগা, প্ৰশংসিত প্ৰযোজক শ্বোবু ইয়াৰলাগাড্ডা আৰু সৰস্বতী বুয়ালাৰ দৰে বিখ্যাত উদ্যোগৰ ব্যক্তিসকলৰ নেতৃত্বত অমূল্য মাষ্টাৰক্লাছৰ দ্বাৰা উপকৃত হৈছিল। এই অধিৱেশনসমূহত পিচিং দক্ষতা পৰিশোধন আৰু উদ্যোগটোৰ জটিলতাসমূহ নেভিগেট কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই প্ৰকল্পসমূহ বিভিন্ন অ’টিটি প্লেটফৰ্ম আৰু উদ্যোগৰ মূল খেলুৱৈসকলৰ আগত উপস্থাপন কৰা হ’ব। ডান্সিং এটমছ ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাপক সৰস্বতী বুয়ালাই এই শীৰ্ষ-৪২টা প্ৰকল্পৰ বাবে সহযোগিতা সহজ কৰি তুলিবলৈ ১৭খন দেশৰ (অষ্ট্ৰেলিয়া, বাংলাদেশ, ব্ৰাজিল, কানাডা, চীন, কলম্বিয়া, ফ্ৰান্স, জাৰ্মানী, ইজৰাইল, ইটালী, কোৰিয়া, নিউজিলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰাছিয়া, স্পেইন, যুক্তৰাজ্য) দূতাবাসৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। এই প্ৰকল্পসমূহৰ প্ৰচাৰৰ উদ্দেশ্যে বিশিষ্ট বিতৰকসকলৰ সৈতেও বৈঠকৰ দিন ধাৰ্য কৰা হৈছে। শীৰ্ষ ৪২টা প্ৰকল্পই ১২খন বৈশিষ্ট্যপূৰ্ণ ছবি, ৯খন টিভি ধাৰাবাহিক, ৩খন এ আৰ/ভি আৰ অভিজ্ঞতা, আৰু ১৮খন চুটি ছবিকে ধৰি এক বৈচিত্ৰ্যপূৰ্ণ বৰ্ণালীক প্ৰতিনিধিত্ব কৰিছে, যিয়ে সম্ভাৱ্য দৰ্শক আৰু সহযোগীসকলক এক সমৃদ্ধ বৈচিত্ৰ্য প্ৰদান কৰে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সমৰ্থনে এ এফ চি ৱেভছ ২০২৫ক বৰ্তমানৰ উচ্চতালৈ উন্নীত কৰাত সহায় কৰিছে। এনিমেচন, ভিএফএক্স, এ আৰ/ভিআৰ, আৰু ভাৰ্চুৱেল প্ৰডাকচন খণ্ডৰ ভিতৰত মৌলিক গল্প কথনৰ লালন-পালনৰ বাবে সমৰ্পণে অমূল্য সম্পদ আৰু স্বীকৃতি প্ৰদান কৰিছে, যিয়ে উদীয়মান প্ৰতিভাক এক উল্লেখযোগ্য মঞ্চক শক্তিশালী কৰিছে। এই প্ৰতিযোগিতা আৰু ইয়াৰ কঠোৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰু সমৃদ্ধিশালী শিক্ষণৰ সুযোগ, এনিমেচনৰ গতিশীল জগতখনত ভাৰতৰ সৃষ্টিশীল সম্ভাৱনাক লালন-পালন কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিছে। প্ৰতিটো নিৰ্বাচিত প্ৰৱেশে এক অনন্য আখ্যান আগবঢ়ায় আৰু বাধ্যতামূলক আন্তঃৰাষ্ট্ৰীয় দাখিলকে ধৰি বিভিন্ন সৃষ্টিশীল পদ্ধতি প্ৰদৰ্শন কৰে। এক কথাত ক'বলৈ গ'লে এনিমেচন, ভিএফএক্স, এআৰ/ভিআৰ, আৰু ভাৰ্চুৱেল প্ৰডাকচন কাহিনী কোৱাৰ ভৱিষ্যত ৱেভছ এএফচি ২০২৫ ত উন্মোচিত হ'ব।
ৱেভছৰ বিষয়ে
মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান ৱেভছ ভাৰত চৰকাৰে ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মহাৰাষ্ট্ৰৰ মুম্বাইত আয়োজন কৰিব।
আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সৃষ্টিকৰ্তা, বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলন খনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডত অৰিহণা যোগাবলৈ আপোনাক বিশ্বব্যাপী এখন মঞ্চ প্ৰদান কৰিব।
ৱেভছ-এ ভাৰতৰ সৃষ্টিশীল শক্তিৰ উত্থান ঘটাবলৈ সাজু হৈছে। সমল সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ৱেভছে ইয়াৰ স্থান উন্নত কৰিব। ইয়াত গুৰুত্ব প্ৰদান কৰা উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, আৰু এক্সটেণ্ডেড ৰিয়েলিটি।
কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক
পিআইবি টীম ৱেভছৰ শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক
আহক, আমি সকলোৱে একেলগে এই যাত্ৰাৰ অংশীদাৰ হওঁ! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক
***
PIB TEAM WAVES 2025 | Sriyanka/Parshuram| DM
Release ID:
(Release ID: 2122935)
| Visitor Counter:
30
Read this release in:
Telugu
,
Khasi
,
English
,
Urdu
,
Nepali
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam