প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈত টেলিফোনিত বাৰ্চালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

দুয়োগৰাকী নেতাই চলিত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰি অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে

আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত মত বিনিময় কৰে

प्रविष्टि तिथि: 16 APR 2025 5:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে আজি এক টেলিফোনিক বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই ডিজিটেলাইজেচন, বহনক্ষমতা আৰু গতিশীলতাৰ ক্ষেত্ৰকে ধৰি দুয়োখন দেশৰ মাজত চলিত সহযোগিতাৰ পৰ্যালোচনা কৰে। কোৱাণ্টাম, ৫জি-৬জি, এআই আৰু চাইবাৰ-নিৰাপত্তাৰ ক্ষেত্ৰকে ধৰি অংশীদাৰিত্বক আৰু অধিক শক্তিশালী আৰু গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে।

ইউক্ৰেইনৰ পৰিস্থিতিকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো নেতাসকলে মত বিনিময় কৰে। ৰাষ্ট্ৰপতি ষ্টাবে ভাৰত-ইউৰোপীয় ইউনিয়নৰ ঘনিষ্ঠ সম্পৰ্ক আৰু অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক এফটিএ সমাপ্ত কৰাৰ বাবে ফিনলেণ্ডৰ সমৰ্থন প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই ভৱিষ্যতেও যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।

******

MJPS/SR/SKS/DB


(रिलीज़ आईडी: 2122528) आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam