বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ক্ষুদ্ৰ আৰু লঘু উদ্যোগীসকলৰ সবলীকৰণৰ ১০টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই (পিএমএমৱাই)

প্ৰধানমন্ত্ৰীৰ "পূঁজিহীনক পূঁজিৰে সমৃদ্ধ কৰা"ৰ দৃষ্টিভংগীৰে আৰম্ভ কৰা পিএমএমৱাইয়ে আনুষ্ঠানিক প্ৰতিষ্ঠানিক ঋণ লাভৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ক্ষুদ্ৰ উদ্যোগসমূহলৈ জামিনমুক্ত ঋণ প্ৰদান কৰি আহিছে: কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী ড. নিৰ্মলা সীতাৰমণ


কেৱল ভাৰততে নহয়, বিশ্বজুৰি পিএমএমৱাই অন্যতম উল্লেখযোগ্য পদক্ষেপ, যাৰ লক্ষ্য হৈছে উদ্যোগীকৰণক প্ৰসাৰিত কৰা: কেন্দ্ৰী ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী


পিএমএমৱাইয়ে অকৰ্পৰেট আৰু অকৃষি আয় সৃষ্টিকাৰী কাৰ্য্যকলাপৰ বাবে ২০ লাখ টকা পৰ্যন্ত সহজ জামিনবিহীন ঋণ প্ৰদান কৰে


পিএমএমৱাই-এ ৫২.৩৭ কোটি ঋণৰ জৰিয়তে ৩৩.৬৫ লাখ কোটি টকাৰ ওপৰত ধন প্ৰদান কৰি ঋণ লোৱাসকলৰ মাজত আত্মবিশ্বাসৰ ভাৱ জগাই তুলিছে

Posted On: 08 APR 2025 11:27AM by PIB Guwahati

২০১৫ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগীসকলক সবলীকৰণৰ ১০টা গৌৰৱময় বছৰ অতিক্ৰম  কৰিলে। বিত্তীয় অন্তৰ্ভুক্তিক লাভাৱান্বিত কৰাৰ লক্ষ্যৰে পিএমএমৱাইয়ে অকৰ্পৰেট আৰু অকৃষি আয় সৃষ্টিকাৰী কাৰ্য্যকলাপৰ বাবে ১০ লাখ টকা পৰ্যন্ত সহজ জামিনবিহীন ঋণ প্ৰদান কৰিছিল। উচ্চাকাংক্ষী উদ্যোগীসকলৰ বাবে সমৰ্থন শক্তিশালী কৰিবলৈ বিত্তমন্ত্ৰীয়ে ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটৰ সময়ত সেই ঋণৰ পৰিমাণ  ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।এই নতুন সীমা ২০২৪ চনৰ ২৪ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়।এই ঋণসমূহ বেংক, এনবিএফচি, এমএফআই আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হয়।

 

নতুনকৈ ঘোষণা কৰা ঋণ শিতানত তৰুণ প্লাছ শিতান বিশেষভাৱে সেইসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলে পূৰ্বে তৰুণ শ্ৰেণীৰ অধীনত ঋণৰ সুবিধা লৈছে আৰু সফলতাৰে সেই ঋণ  পৰিশোধ কৰিছে, যাৰ ফলত তেওঁলোকে ১০ লাখৰ পৰা ২০ লাখ টকাৰ ভিতৰত ধন লাভ কৰিব পাৰিব। ইয়াৰ উপৰি ক্ষুদ্ৰ গোটৰ বাবে ঋণ নিশ্চয়তা পুঁজিয়ে (চিজিএফএমইউ) এতিয়া এই বৰ্ধিত ঋণৰ বাবে নিশ্চয়তা  প্ৰদান কৰিব, যিয়ে ভাৰতত এক শক্তিশালী উদ্যোগী পৰিৱেশ তন্ত্ৰক সংবৰ্ধিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিব।

 

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহে (এমএছএমই) আনুষংগিক একক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে এই গোটসমূহে  বৃহৎ উদ্যোগসমূহৰ পৰিপূৰক আৰু দেশৰ সৰ্বাংগীন ঔদ্যোগিক বৃদ্ধিত যথেষ্ট অৰিহণা যোগাই আহিছে। এই উদ্যোগসমূহে অৰ্থনীতিৰ বিভিন্ন খণ্ডত নিজৰ উপস্থিতি নিৰন্তৰভাৱে সম্প্ৰসাৰিত কৰাৰ লগতে  ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ চাহিদা পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ সামগ্ৰী আৰু সেৱা আগবঢ়াই আহিছে।

 

এম এছ এম ইসমূহৰ বাবে ঋণৰ উপলব্ধতা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে, যিটো প্ৰযুক্তি আৰু তথ্য-চালিত ঋণ প্ৰদানৰ পদ্ধতিৰ উন্নতিৰ দ্বাৰা পৰিচালিত হৈছে। এম এছ এম ইসমূহৰ ঋণৰ সুবিধা লাভ কৰাত সহায় কৰা এটা উল্লেখযোগ্য চৰকাৰী পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, যি আঁচনিক “পুঁজিবিহীনৰ পুঁজি”ৰ বাবে উৎসৰ্গিত আঁচনি হিচাপে উপযুক্তভাৱে অভিহিত কৰা হৈছে।

 

পিএমএমৱাইৰ দশম সফল বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ  মন্ত্ৰী শ্ৰীমতী . নিৰ্মলা সীতাৰমণে কয়, “প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল। কঠোৰ পৰিশ্ৰমী ক্ষুদ্ৰ উদ্যোগী আৰু প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলক সৱলীকৰণৰ উদ্দেশ্যে আঁচনি মুকলি কৰা হৈছিল।প্ৰধানমন্ত্ৰীৰ "পুঁজিবিহীনৰ বাবে পুঁজি" লেখীয়া দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ এই আঁচনিখনে সময়মতে  সুলভ বিত্তীয় সাহায্যৰ ব্যৱধান দূৰ কৰিবলৈ আনুষ্ঠানিক প্ৰতিষ্ঠানিক ঋণ লাভৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উদ্যোগসমূহৰ বাবে  জামিনমুক্ত ঋণ সম্প্ৰসাৰণ কৰিছিল

 

লাখ লাখ লোকক সবলীকৰণ আৰু অন্তৰ্ভুক্তিৰ লক্ষ্য  পূৰণৰ ক্ষেত্ৰত পিএমএমৱাইৰ ভূমিকাক আলোকপাত কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় , “৫২ কোটিতকৈ অধিক মুদ্ৰা ঋণ একাউণ্টলৈ ৩৩.৬৫ লাখ কোটি টকাতকৈ অধিক অনুমোদন জনোৱাৰ লগে লগে এই আঁচনিখনে কোটি কোটি উদ্যোগী, বিশেষকৈ সমাজৰ প্ৰান্তীয় স্তৰৰ উদ্যোগীৰ আকাংক্ষাক নতুন ডেউকা প্ৰদান কৰিছে। 

 

২০১৫ চনৰ পৰা প্ৰধানমন্ত্ৰীৰসবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসমন্ত্ৰক সাৰোগত কৰি   অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু বিচিৰ অন্তৰ্গত  বিভিন্ন প্ৰান্তীয় সম্প্ৰদায়ক ১১.৫৮ লাখ কোটি টকাৰ মুদ্ৰা ঋণ অনুমোদন কৰা হৈছে

 

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী . নিৰ্মলা সীতাৰমণে মহিলা উদ্যোগীকৰণ আৰু অৰ্থনৈতিক বৃদ্ধিৰ ইন্ধন যোগোৱাৰ ক্ষেত্ৰত  আঁচনিখনৰ প্ৰভাৱৰ কথা উল্লেখ কৰি ইয়াৰ প্ৰশংসা কৰে আৰু  কয়, “এয়া মন কৰিবলগীয়া যে মুঠ মুদ্ৰা ঋণ একাউণ্টৰ প্ৰায় ৬৮% মহিলাসকলক অনুমোদন জনোৱা হৈছে, যিটো মহিলাসকলৰ বাবে সৱলীকৰণৰ আহিলা হৈ পৰিছে আৰু মহিলাসকলক দেশৰ  অৰ্থনৈতিক বিকাশৰ বাবে সক্ষম কৰি তুলিছে আৰু পৰৱৰ্তী প্ৰজন্মৰ মহিলা উদ্যোগীসকলক অনুপ্ৰাণিত কৰিছে।

২০২৪-২৫ চনৰ বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি যোৱা বছৰ এই আঁচনিত  তৰুণ-প্লাছ শিতানৰ প্ৰৱৰ্তনেৰে ২০ লাখ টকাৰ ঋণৰ সীমা বৃদ্ধি কৰি  উদ্যোগীসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাৰ বিকাশ সাধন কৰাত অধিক সহায় কৰিব।

 

এই উপলক্ষে্য কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পংকজ চৌধাৰীয়ে কয়, “প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কেৱল ভাৰততে নহয়, বিশ্বজুৰিও অন্যতম উল্লেখযোগ্য পদক্ষেপ হিচাবে বিবেচিত হৈছে ।বিত্তীয় অন্তৰ্ভুক্তি চৰকাৰৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ, কিয়নো সৰ্বাংগীন বৃদ্ধি লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।পিএমএমৱাইয়ে এক মঞ্চ প্ৰদান কৰি ক্ষুদ্ৰ উদ্যোগীসকলক বেংক, এনবিএফচি, আৰু এমএফআইৰ পৰা ঋণ লাভ কৰাত সহায়কৰি আহিছে।”

 

‘আঁচনিখন আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে ভাৰতৰ ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰাটো ভাৰতৰ অৰ্থনীতিৰ বিকাশ আৰু সমৃদ্ধিৰ অন্যতম ফলপ্ৰসূ উপায়।এই আঁচনিখনে বিপুল সংখ্যক উদ্যোগীক গুৰুত্বপূৰ্ণ আৰ্থিক সাহায্য প্ৰদান কৰিছে, তেওঁলোকক ব্যৱসায় স্থাপন আৰু পৰিচালনাত সহায় কৰিছে আৰু তেওঁলোকৰ মনত  আৰ্থিক সুৰক্ষাৰ ভাৱ জগাই তুলিছে।

সমগ্ৰ দেশতে বিশেষকৈ অনুসূচিত জাতি/ জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী (ঋণ হিতাধিকাৰীৰ ৫০%) আৰু মহিলা (ঋণৰ হিতাধিকাৰীৰ ৬৮%)কে ধৰি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ বাবে আত্মনিয়োগৰ সুযোগ সৃষ্টি কৰিছে।” ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে কয়।

 

মুদ্ৰা আঁচনিৰ প্ৰভাৱৰ বিষয়ত আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে ” মুদ্ৰা যোজনাৰ মূল উদ্দেশ্য হৈছে "পুঁজি লাভ নকৰাসকলৰ বাবে পূঁজিৰ ব্যৱস্থা কৰা।" ঋণ লোৱাসকলে তেওঁলোকৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ দ্বাৰা সক্ষম হৈ সৰ্বাংগীন বৃদ্ধিৰ মুখ দেখিছে। এনেদৰে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত ইয়াৰ ত্বৰান্বিত যাত্ৰাক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।”

 

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ (পিএমএমৱাই)  জৰিয়তে আৰ্থিক অন্তৰ্ভুক্তি প্ৰদানৰ গৌৰৱময় ১০ বৰ্ষপূৰ্তি উদযাপনৰ সময়ত আহক আমি আঁচনিখনৰ কিছুমান প্ৰধান বৈশিষ্ট্য আৰু কৃতিত্বৰ বিষয়ত চকু ফুৰাওঁ:

দেশত বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যসূচী ৰূপায়ণৰ বাবে তিনিটা স্তম্ভৰ বিষয়ত জোৰ দিয়া হৈছে, সেইবোৰ হৈছে

 

১/ বেংকিং নোহোৱাসকলক  বেংকিঙৰ সুবিধা দিয়া

 

2. অসুৰক্ষিতসকলক সুৰক্ষিত কৰা

 

৩/ পুঁজিবিহীনৰ বাবে ধন আগবঢ়োৱা

 

এই তিনিটা লক্ষ্য প্ৰযুক্তি আৰু বহু অংশীদাৰৰ সহযোগিতামূলক পদ্ধতি গ্ৰহণৰ জৰিয়তে পূৰণ কৰা হৈছে, একে সময়তে সেৱাৰ পৰা বাহিৰত থকা আৰু অভাৱগ্ৰস্তসকলকো সেৱা আগবঢ়োৱা হৈছে।

 

বিত্তীয় ব্যৱস্থাৰ তিনিটা স্তম্ভৰ ভিতৰত এটা - পুঁজিহীনক পুঁজি প্ৰদান কৰা, পিএমএমৱাইৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তিৰ পৰিৱেশ তন্ত্ৰত প্ৰতিফলিত হৈছে, যিটো ক্ষুদ্ৰ/লঘু উদ্যোগীসকলক  ঋণ লাভৰ বাবে জামিন মুক্তভাবে প্ৰৱেশ প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৰূপায়ণ কৰা হৈছে।

 

পিএমএমৱাইৰ মূল বৈশিষ্ট্যসমূহ:

 

 

  • মুদ্ৰা আঁচনিৰ ঋণ এতিয়া চাৰিটা শিতানত আগবঢ়োৱা হ’ব , সেইবোৰ হৈছে, ‘শিশু’, ‘কিশোৰ’, ‘তৰুণ’ আৰু নতুনকৈ সংযোজিত শিতান ‘তৰুণ প্লাছ’ ।যিবোৰ শিতানে ঋণ লোৱাসকলৰ বৃদ্ধি বা উন্নয়নৰ পৰ্যায় তথা পুঁজিৰ প্ৰয়োজনীয়তাক বুজায়: -
  • শিশু: ৫০,০০০/- টকা পৰ্যন্ত ঋণ সামৰি লোৱা।
  • কিশোৰ: ৫০,০০০/- টকাৰ ওপৰৰ  আৰু   লাখ টকালৈ ঋণ সামৰি লোৱা।
  • তৰুণ: ৫ লাখ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত ঋণ সামৰি লোৱা।

 

তৰুণ প্লাছঃ  ১০ লাখ টকাৰ পৰা ২০ লাখ টকা পৰ্যন্ত ঋণ সামৰি লোৱা।

 

 

এনে ঋণে কৃষিৰ সৈতে জড়িত কাৰ্য্যকলাপ যেনে হাঁহ-কুকুৰা, দুগ্ধ, আৰু মৌপালন আদিকে ধৰি সমগ্ৰ উৎপাদন, বাণিজ্য আৰু সেৱা খণ্ডৰ  বিত্তীয় সাহায্য আৰু কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা সামৰি লয়।

সুতৰ হাৰ আৰ বি আইৰ নিৰ্দেশনা অনুসৰি নিয়ন্ত্ৰিত হয়, য’ত কাৰ্য্যকৰী মূলধনৰ সুবিধাৰ বাবে নমনীয় পৰিশোধৰ চৰ্ত থাকে।

 

  • প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ২১.০৩.২০২৫ তাৰিখলৈ সাফল্য

 

 

মহিলা ঋণগ্ৰহণকাৰীঃ শিশু শ্ৰেণীৰ অধীনত মুঠ .৪৯ লাখ কোটি, কিশোৰৰ অধীনত .৯০ লাখ কোটি, আৰু তৰুণ শ্ৰেণীৰ অধীনত .৮৫ লাখ কোটি টকা  প্ৰদান কৰা হৈছে।https://static.pib.gov.in/WriteReadData/userfiles/image/image0012JVB.jpg

সংখ্যালঘু ঋণগ্ৰহণকাৰী: শিশুৰ অধীনত .২৫ লাখ কোটি, কিশোৰৰ অধীনত .৩২ লাখ কোটি, আৰু তৰুণৰ অধীনত .৫০ লাখ কোটি টকা  বিতৰণ কৰা হৈছে।https://static.pib.gov.in/WriteReadData/userfiles/image/image0028AX7.jpg

নতুন উদ্যোগী / একাউণ্ট:

শিশু শ্ৰেণীঃ ৮.২১ কোটি একাউণ্টৰ অনুমোদিত ধন ২.২৪ লাখ কোটি আৰু বিতৰণ কৰা ধন ২.২০ লাখ কোটি টকা।

কিশোৰ শ্ৰেণীঃ ২.০৫ কোটি একাউণ্টত ৪.০৯ লাখ কোটি টকা অনুমোদিত আৰু ৩.৮৯ লাখ কোটি ₹ প্ৰদান কৰা হৈছে।তৰুণ শ্ৰেণীঃ ৪৫ লাখ একাউণ্টৰ অনুমোদিত ধন ৩.৯৬ লাখ কোটি আৰু টকা ৩.৮৩ লাখ কোটি টকা প্ৰদান কৰা হৈছে।https://static.pib.gov.in/WriteReadData/userfiles/image/image003APSH.jpg

 

 

শ্ৰেণী অনুসৰি বিভাজন:- (ঋণৰ সংখ্যা আৰু অনুমোদিত ধনৰাশি)

শ্ৰেণী

ঋণৰ সংখ্যা অনুসৰি শতাংশ

অনুমোদিত পৰিমাণ অনুসৰি শতাংশSanctioned

শিশু

৭৮%

৩৫%

কিশোৰ

২০%

৪০%

তৰুণ

২%

২৫%

তৰুণ প্লাছ

০%

০%

মুঠ

১০০%

১০০%

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image004MHSC.jpg

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image005M0R9.jpghttps://static.pib.gov.in/WriteReadData/userfiles/image/image006ISH7.jpg

ভিড-১৯ মহামাৰীৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাহিৰে আঁচনিখন আৰম্ভ হোৱাৰ পৰাই লক্ষ্যত উপনীত হৈছে।

 

বছৰ অনুসৰি অনুমোদনৰ পৰিমাণ তলত দিয়া ধৰণৰ :-

 

বিত্তীয় বৰ্ষ

অনুমোদিত ঋণৰ সংখ্যা(কোটি টকাত)           অনুমোদিত ধনৰাশি (লাখ কোটি টকাত) (in Crore)

Amount Sanctioned

(Rs. in Lakh Crore)

২০১৫-১৬ চন

৩.৪৯                                  ১.৩৭

1.37

২০১৬-১৭

৩.৯৭                                  ১.৮০

1.80

২০১৭-১৮

৪.৮১                                   ২.৫৪

2.54

২০১৮-১৯

৫.৯৮                                   ৩.২২

3.22

২০১৯-২০

৬.২৩                                  ৩.৩৭

3.37

২০২০-২১

৫.০৭                                   ৩.২২

3.22

২০২১-২২

৫.৩৮                                  ৩.৩৯

3.39

২০২২-২৩

৬.২৪                                   ৪.৫৬

4.56

২০২৩-২৪

৬.৬৭                                  ৫.৪১

5.41

২০২৪-২৫

(২১.০৩.২০২৫ তাৰিখলৈ) *

৪.৫৩                                   ৪.৭৭

4.77

মুঠ

৫২.৩৭                                                            ৩৩.৬৫

33.65

https://static.pib.gov.in/WriteReadData/userfiles/image/image007TRWS.jpg

বিশেষ পদক্ষেপ:

 

পিএমএমৱাইৰ অধীনত ঋণ নিশ্চিত কৰিবলৈ ২০১৬ চনত মাইক্ৰ’ ইউনিটৰ বাবে ক্ৰেডিট গ্যাৰাণ্টী ফাণ্ড (চিজিএফএমইউ) স্থাপন কৰা হৈছিল।

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত শিশু ঋণৰ ওপৰত ২% সুত সাহায্য প্ৰদান কৰা হৈছিল, যাৰ ফলত যোগ্য ঋণগ্ৰহণকাৰীৰ ঋণৰ খৰচ হ্ৰাস পাইছিল।

 

ভাৰতে পিএমএমৱাইৰ ১০ গৌৰৱময় বছৰ উদযাপন কৰাৰ সময়তে চৰকাৰৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছে যে “বেংকিং নকৰাসকলক বেংকিং কৰা হৈছে”, “অসুৰক্ষিতসকলক সুৰক্ষিত কৰা হৈছে,” আৰু “পূঁজিবিহীনসকলক পুঁজি প্ৰদান কৰা হৈছে ,” বিত্তীয় অন্তৰ্ভুক্তিক লালন-পালন কৰা আৰু উদ্যোগীকৰণৰ সপোনক সমৰ্থন কৰা।

****

NB/AD


(Release ID: 2120246)