@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

WAVES ২০২৫ ত অনুষ্ঠিত হ’ব ভাৰতৰ সৰ্ববৃহৎ কোছপ্লে’ চেম্পিয়নশ্বিপ, পপ-সংস্কৃতি আৰু সৃষ্টিশীলতাৰ সমাহাৰ

 Posted On: 30 MAR 2025 11:13AM |   Location: PIB Guwahati

ক্ৰিয়েটাৰ্ছ ষ্ট্ৰীট আৰু এপিকো কনে তেলেংগানা চৰকাৰ, আইচিএ ইণ্ডিয়ান কমিক্স এছ’চিয়েশ্যন, ফৰবিডেন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (এমইএআই), তেলেংগানা ভিএফএক্স এনিমেচন এণ্ড গেমিং এছ’চিয়েশ্যন (টিভিএজিএ), আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগিতাত আয়োজন কৰিছে ভাৰতৰ আটাইতকৈ সন্মানীয় ৱেভছ কোছপ্লে’ চেম্পিয়নশ্বিপ। ১ৰ পৰা ৪ মে’, ২০২৫ লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট চমুকৈ WAVES ত অনুষ্ঠিত হ’বলগীয়া এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত প্ৰদৰ্শিত হ’ব দেশৰ আটাইতকৈ প্ৰতিভাৱান কচপ্লেয়াৰসকলৰ অনুপম অনুষ্ঠানৰ লগতে পপ সংস্কৃতিৰ ক্ষেত্ৰখনত তেওঁলোকে দেখুওৱা সৃষ্টিশীলতা, নিষ্ঠা আৰু অনিৰ্বচনীয় কাৰুকাৰ্য্য।

ৱেভছ কোছপ্লে’ চেম্পিয়নশ্বিপ সন্দৰ্ভত

WAVES কোছপ্লে’ চেম্পিয়নশ্বিপৰ লক্ষ্য হৈছে ভাৰতৰ সমৃদ্ধিশালী কোচপ্লে’ সমুদায়ক তেওঁলোকৰ দক্ষতা, সৃষ্টিশীলতা, আৰু পপ সংস্কৃতিৰ প্ৰতি থকা অনুৰাগ প্ৰদৰ্শনৰ বাবে এক বিশ্বমানৰ মঞ্চ প্ৰদান কৰি সমগ্ৰ খণ্ডটোক শক্তিশালী কৰা। দেশৰ সম্প্ৰসাৰিত মনোৰঞ্জন আৰু এভিজিচি-এক্সআৰ (AVGC-XR) খণ্ডৰ সৈতে সংগতি ৰাখি এই চেম্পিয়নশ্বিপে সাজ-পোছাকৰ ডিজাইন, প্ৰদৰ্শন, আৰু চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত আত্মপ্ৰকাশ আৰু উদ্ভাৱনক প্ৰসাৰিত কৰে।

প্ৰতিযোগিতাৰ মুখ্য দিশবোৰ

  • গ্ৰেণ্ড ফিনালে: ৮০-১০০ গৰাকী চূড়ান্ত প্ৰতিযোগীয়ে WAVES ২০২৫ৰ মঞ্চত উপস্থিত দৰ্শকৰ সমূখত তেওঁলোকৰ কোছপ্লে’ উপস্থাপন কৰিব।
  • বিচাৰকমণ্ডলী: খণ্ডটোৰ সন্মানীয় বিশেষজ্ঞ, আন্তঃৰাষ্ট্ৰীয় অতিথি আৰু কোছপ্লে’ পেছাদাৰীসকল বিচাৰক হিচাপে উপস্থিত থাকিব।
  • বৈচিত্ৰময় শাখা: শাখাসমূহ হ’ব ভাৰতীয় পৌৰাণিক কাহিনী, পপ সংস্কৃতি, এনিমে, মাংগা, ডিচি, মাৰ্ভেল, আৰু অন্যান্য।

বৈশ্বিক প্ৰচাৰৰ সুযোগ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভৰ সুযোগ।

  • প্ৰাইজমানি: ডেৰ লক্ষাধিক টকাৰ প্ৰাইজমানি জিকাৰ সুযোগ।

প্ৰতিযোগিতাৰ পদ্ধতি আৰু বাচনিৰ মাপকাঠী

  1. অনলাইন পঞ্জীয়ন আৰু বিচাৰকমণ্ডলীৰ পৰ্যালোচনা – কচপ্লেয়াৰসকলে অনলাইনযোগে নিজৰ অংশগ্ৰহণ পত্ৰ জমা দিব, যিবোৰ বিচাৰকমণ্ডলীয়ে পৰ্যালোচনা কৰিব।
  2. চূড়ান্ত বাচনি – শীৰ্ষ ৮০-১০০ গৰাকী কোছপ্লেয়াৰক বাচনি কৰা হ’ব আৰু তেওঁলোকক ই-মেইলযোগে জনোৱা হ’ব।
  3. WAVES 2025 ত লাইভ চেম্পিয়নশ্বিপ – ফাইনেলিষ্টসকলে সম্পূৰ্ণ কোছপ্লে’ত ৰেম্প-ৱাক কৰিব, লগতে তেওঁলোকে উপস্থাপন কৰিব তেওঁলোকৰ শ্ৰেষ্ঠতম প’জ আৰু শিল্প প্ৰদৰ্শন।
  4. বিচাৰকমণ্ডলীৰ মূল্যায়ন আৰু বিজয়ীৰ নাম ঘোষণা – বিচাৰকমণ্ডলীৰ সকলো মূল্যায়ন মাপকাঠীৰ ওপৰত ভিত্তি কৰি বিভিন্ন শাখাৰ বিজয়ীসকলক মুকুট পিন্ধোৱা হ’ব।

গুৰুত্বপূৰ্ণ তাৰিখবোৰ

● পঞ্জীয়ণ আৰম্ভ হোৱাৰ তাৰিখ - ২৮ মাৰ্চ, ২০২৫

    • দাখিলৰ অন্তিম তাৰিখ - ৭ এপ্ৰিল ২০২৫
    • WAVES কোছপ্লে’ চেম্পিয়নশ্বিপ গ্ৰেণ্ড ফিনালে - ১ ৰ পৰা ৪ মে’ ২০২৫

 

অধিক বিৱৰণ আৰু পঞ্জীয়নৰ তথ্যৰ বাবে ভিজিট কৰক -  https://creatorsstreet.in/.
পঞ্জীয়ণ লিংক
- https://forms.office.com/r/xpeg7sDASm

WAVES সন্দৰ্ভত

ভাৰত চৰকাৰে ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈকে প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুম্বাইত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডৰ বাবে এক উল্লেখযোগ্য অনুষ্ঠান বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট চমুকৈ WAVES ৰ আয়োজন কৰিব।

আপুনি এগৰাকী উদ্যোগীয়েই হওক অথবা উ্দ্যোগখণ্ডৰ পেছাদাৰী, বিনিয়োগকাৰীয়েই হওক ক্ৰিয়েটৰ অথবা উদ্ভাৱক, এই ৱেভছ শীৰ্ষক সন্মিলনখনে আপোনাক প্ৰদান কৰিব সংযোগ, সহযোগিতা, উদ্ভাৱন, আৰু এম এণ্ড ই খণ্ডৰ ভৱিষ্যত গঢ় দিবলৈ এটা আগশাৰীৰ বিশ্বজনীন প্লেটফৰ্ম।

WAVES ৰ লক্ষ্য হৈছে ভাৰতৰ সৃষ্টিশীল দক্ষতা প্ৰদৰ্শন কৰা, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ইয়াৰ ভূমিকাক অধিক শক্তিশালী কৰা। এই সন্মিলনত সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ’, চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, ঔগমেণ্টেড ৰিয়েলিটি (এআৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভিআৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)কে ধৰি মূল উদ্যোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

কোনো প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে ইয়াত ক্লিক কৰক

পিআইবি টীমWAVES ৰ সকলো শেহতীয়া ঘোষণা সন্দৰ্ভত অৱগত হৈ থাকিবলৈ WAVES ৰ বাবে এতিয়াই পঞ্জীয়ণ কৰক।

***

PIB TEAM WAVES 2025 | Rabee/ Nikita/Parshuram Kor| 77


Release ID: (Release ID: 2116795)   |   Visitor Counter: 89