কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে ০১-০১-২০২৫ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক মৰগীয়া ভাট্টা আৰু পেঞ্চনাৰক মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তি মুকলি কৰাত অনুমোদন দিছে

৪৮.৬৬ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ৬৬.৫৫ লাখ পেঞ্চনভোগীক ২ শতাংশ লাভ অৰ্থাৎ ৰাজকোষত বছৰি ৬৬১৪.০৪ কোটি টকাৰ সংযুক্ত প্ৰভাৱ

प्रविष्टि तिथि: 28 MAR 2025 4:15PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ০১-০১-২০২৫ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ এলাৱেন্স (ডিএ) আৰু পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফ (ডিআৰ)ৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনাইছে। মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে বৰ্তমানৰ ৫৩ শতাংশ বেচিক পে/পেঞ্চনৰ হাৰৰ তুলনাত এয়া ২ শতাংশ বৃদ্ধি।

মৰগীয়া ভাট্টা আৰু মৰগীয়া সাহায্য দুয়োটা বৃদ্ধিয়ে বছৰি ৰাজকোষত ৬৬১৪.০৪ কোটি টকাৰ সংযুক্ত প্ৰভাৱ পেলাব। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮.৬৬ লাখ কৰ্মচাৰী আৰু ৬৬.৫৫ লাখ পেঞ্চনাৰ উপকৃত হ’ব।

এই বৃদ্ধি সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা সূত্ৰ অনুসৰি কৰা হৈছে।

**********

MJPS/SKS


(रिलीज़ आईडी: 2116307) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam