প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ছেপাক টাক্ৰ বিশ্ব কাপ, ২০২৫-ত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়ৰ বাবে পুৰুষৰ ৰেগু টীমক অভিনন্দন জনায়

পোষ্ট কৰা হৈছে: 26 MAR 2025 3:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছেপাক টাক্ৰ বিশ্ব কাপ, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় ছেপাক টাক্ৰ টীমটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেখেতে লগতে এই ক্ৰীড়াত ভাৰতলৈ প্ৰথমটো সোণৰ পদক কঢ়িয়াই অনাৰ বাবেও টীমটোক প্ৰশংসা কৰে।

এক্সৰ এটা প’ষ্টত তেখেতে কয়ঃ

‘ছেপাক টাক্ৰ বিশ্বকাপ, ২০২৫-ত অসাধাৰণ ক্ৰীড়া উৎকৰ্ষতা প্ৰদৰ্শনৰ বাবে আমাৰ টীমটোক অভিনন্দন জনালোঁ! টীমটোৱে ৭ টা পদক অৰ্জন কৰিছে। পুৰুষৰ ৰেগু টীমে ভাৰতলৈ প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনি ইতিহাস সৃষ্টি কৰিলে।

এই দৰ্শনীয় প্ৰদৰ্শনে বিশ্বজুৰি ছেপাক টাক্ৰৰ ক্ষেত্ৰখনত ভাৰতৰ এটি আশাব্যঞ্জক ভৱিষ্যতক সূচিত কৰিছে।”

***

MJPS/SR/SB
 


(ৰিলিজ আই ডি : 2115374) অতিথি কক্ষ : 49