প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে যৌথভাৱে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে

Posted On: 12 MAR 2025 3:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে আজি যৌথভাৱে মৰিচাছৰ ৰেডুইটত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অব পাব্লিক ছাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে। ভাৰত-মৰিচাছ উন্নয়ন অংশীদাৰিত্বৰ অধীনত ৰূপায়ণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে মৰিচাছত সামৰ্থ্য বিকাশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

২০১৭ চনৰ বুজাবুজি চুক্তিৰ অধীনত ৪৭.৪ মিলিয়ন মাৰ্কিন ডলাৰৰ অনুদানৰ পুঁজিৰে নিৰ্মিত এই অত্যাধুনিক প্ৰতিষ্ঠানটোৱে বিভিন্ন মন্ত্ৰালয়, ৰাজহুৱা কাৰ্যালয়, অৰ্ধৰাজ্যিক সংস্থা আৰু চৰকাৰী উদ্যোগসমূহৰ মৰিচাছৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। প্ৰশিক্ষণৰ বাহিৰেও প্ৰতিষ্ঠানটোৱে ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে কাম কৰিব, গৱেষণা, শাসন অধ্যয়ন আৰু ভাৰতৰ সৈতে প্ৰতিষ্ঠানিক সংযোগৰ পোষকতা কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আইটিইচি আৰু ভাৰত চৰকাৰৰ বৃত্তি পোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে, যিসকলে পূৰ্বে ভাৰতত প্ৰশিক্ষণ আৰু শিক্ষা গ্ৰহণ কৰিছে। এই সামৰ্থ্য বিকাশৰ আদান-প্ৰদানসমূহে দুয়োখন ৰাষ্ট্ৰৰ মাজত জনসাধাৰণৰ মাজত থকা শক্তিশালী সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰিছে।

গ্ল’বেল চাউথৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি এই প্ৰতিষ্ঠানটোৱে ভাৰত মহাসাগৰ অঞ্চলত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকা আৰু ভাৰত-মৰিচাছৰ ব্যাপক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ইয়াৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰে।

 

***

MJPS/ST/HS


(Release ID: 2111056) Visitor Counter : 16