প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী তামিল সংগমম ২০২৫ৰ অংশ হ’বলৈ আহ্বান জনায়
प्रविष्टि तिथि:
15 FEB 2025 9:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কাশী তামিল সংগমম ২০২৫ ৰ অংশ হ'বলৈ আহ্বান জনাইছে।
শ্ৰী মোদীয়ে কয় যে কাশী তামিল সংগমম আৰম্ভ হৈছে। কাশী আৰু তামিলনাডুৰ মাজত কালজয়ী সভ্যতামূলক বন্ধনৰ উদযাপন এই মঞ্চই যুগ যুগ ধৰি প্ৰবাহমান আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগসমূহক একত্ৰিত কৰে, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
“কাশী তামিল সংগমম আৰম্ভ হৈছে…
কাশী আৰু তামিলনাডুৰ মাজত কালজয়ী সভ্যতামূলক বন্ধনৰ উদযাপন এই মঞ্চই যুগ যুগ ধৰি প্ৰবাহমান আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগসমূহক একত্ৰিত কৰে। ই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আত্মাকো উজ্জ্বল কৰি তোলে।
মই আপোনালোক সকলোকে কাশী তামিল সংগমম ২০২৫ৰ অংশ হ’বলৈ আহ্বান জনাইছোঁ!
@KTSangamam”
**********
MJPS/ST
(रिलीज़ आईडी: 2104009)
आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam