ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

‘ৰাষ্ট্ৰপতি ভৱন বিমৰ্শ শৃংখলা’ৰ অধীনত অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা ভাগ-বতৰা কৰে

Posted On: 06 FEB 2025 8:15PM by PIB Guwahati

কিংবদন্তী ক্ৰিকেটাৰ শ্ৰী শচীন তেণ্ডুলকাৰে আজি (৬ ফেব্ৰুৱাৰী, ২০২৫) তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি আৰু শ্ৰী তেণ্ডুলকাৰে অমৃত উদ্যানৰ এক চমু ভ্ৰমণো কৰে।

পিছত, ৰাষ্ট্ৰপতি ভৱনৰ উদ্যোগ আয়োজিত ‘ৰাষ্ট্ৰপতি ভৱন বিমৰ্শ শৃংখলা’ৰ অধীনত এক মত-বিনিময় অধিবেশনত শ্ৰী তেণ্ডুলকাৰে এজন ক্ৰিকেটাৰ হিচাপে তেওঁৰ নিজৰ যাত্ৰাৰ পৰা অনুপ্ৰেৰণাদায়ক বাৰ্তাসমূহ ভাগ-বতৰা কৰে। বিভিন্ন স্কুল আৰু কলেজৰ উদ্যমী খেলুৱৈ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা এই অধিবেশনত তেওঁ দলগত কাম, আনৰ যত্ন লোৱা, আনৰ সফলতা উদযাপন কৰা, কঠোৰ পৰিশ্ৰম, মানসিক আৰু শাৰীৰিক দৃঢ়তা বিকাশ আৰু জীৱন গঠনৰ আন বহুতো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভৱিষ্যতৰ খেলৰ তাৰকাসকল আটাইতকৈ দুৰৱৰ্তী অঞ্চল আৰু জনজাতীয় সম্প্ৰদায় আৰু কম সুবিধাপ্ৰাপ্ত অঞ্চলৰ পৰা উলাই আহিব।

 

*****


MJPS/SR/AA


(Release ID: 2103398) Visitor Counter : 22