তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ২০২৫ত ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ছিজন-১ত গেমিঙৰ সৈতে শিক্ষাৰ সংপৃক্তকৰণ
আপোনাৰ চহৰখনৰ বিষয়ে আপুনি ভালদৰে জানেনে? আহক আৰু খেলক চিটি কুৱেষ্ট: শ্বেড্ছ অৱ ভাৰত খেলক আৰু ভাৰতীয় চহৰসমূহৰ বিষয়ে আপোনাৰ জ্ঞান জুখি চাওঁক, কৃতিত্ব আৰু প্ৰত্যাহ্বানৰ জড়িয়তে ৱেভছ ২০২৫ ত স্বীকৃতি লাভ কৰক
এছডিজি সজাগতা আৰু আঞ্চলিক গৌৰৱক প্ৰসাৰিত কৰা চহৰ-নিৰ্দিষ্ট কাৰ্ডৰ সৈতে প্ৰতিযোগিতাত ভাগ লওঁক আৰু শিকক; ৫৬খন ভাৰতীয় চহৰৰ শক্তি আৰু বিশ্বব্যাপী সামগ্ৰিক বহনক্ষমতাৰ বিষয়ে অন্বেষণ কৰক
উদ্ভাৱনীমূলক গেমিঙে বহনক্ষম উন্নয়নক প্ৰতিফলিত কৰে: ভাৰতৰ চিটি কুৱেষ্ট-শ্বেডছে আইআইটি বম্বেৰ ই-ছামিট ২০২৫ত এছডিজিৰ কাৰ্য্যক আলোকপাত কৰিছে, যিয়ে যুৱক-যুৱতীসকলক অধিক হাৰত আকৰ্ষণ কৰিব
Posted On:
10 FEB 2025 3:17PM by PIB Guwahati
যদি আপোনাৰ নিজৰ চহৰখনৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ৰ অগ্ৰগতিৰ বিষয়ে গভীৰ জ্ঞান আছে, তেন্তে ইয়াক কেন্দ্ৰ কৰি আপোনাৰ ৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি পোৱাৰ সুযোগ আছে। বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (WAVES) ২০২৫-এ চহৰ এখনৰ বহনক্ষমতাৰ প্ৰচেষ্টা, প্ৰত্যাহ্বান আৰু কৃতিত্বসমূহ বুজি পোৱা ব্যক্তিসকলৰ বাবে এক অনন্য সুযোগ প্ৰদান কৰিছে।

'চিটি কুৱেষ্ট: শ্বেডছ অৱ ভাৰত', এয়া এক অভিনৱ শিক্ষামূলক খেল, ৱেভছ ২০২৫ ৰ অধীনত চলি থকা ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ এয়া এক মূল উপাদান। ইয়াত দেশৰ ৫৬খন চহৰৰ শক্তি আৰু প্ৰত্যাহ্বানসমূহ অন্বেষণ কৰাৰ লগতে শৈশৱত কাৰ্ডেৰে খেলা খেলৰ আনন্দক পুনৰুজীৱিত কৰি তুলিব।
এই মঞ্চই বহনক্ষম ভৱিষ্যতৰ দিশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা চহৰসমূহক উজ্জ্বল কৰি তুলিবলৈ এক বিশেষ সুবিধা প্ৰদান কৰিব। নগৰীয়া বহনক্ষমতাৰ চেম্পিয়ন হিচাপে থিয় দিয়ক আৰু চহৰখনৰ এছডিজি যাত্ৰাৰ বিষয়ে আপোনাৰ জ্ঞানৰ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰক। ২০২৫ চনৰ ১-৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছ ২০২৫ ত এই খেলৰ বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হ’ব।
খেলবিধৰ বিষয়ে
চিটি কুৱেষ্ট গেমটো একক খেলুৱৈৰ ফৰ্মেটত প্ৰস্তুত কৰা হৈছে, হয় য'ত খেলুৱৈগৰাকীয়ে চিটি কাৰ্ডৰ ডেক ব্যৱহাৰ কৰি কম্পিউটাৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিখন কাৰ্ডত ছটা পেৰামিটাৰ আছে, যাৰ ফলত খেলুৱৈসকলে বিভিন্ন পৰিসংখ্যাৰ ভিত্তিত চহৰসমূহ তুলনা কৰিব পাৰিব, যেনে ক্ষুধা সূচকাংক, সুস্বাস্থ্য আৰু কল্যাণ আৰু লিংগ সমতা আদি । ই ১৫টা বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ক অনুসৰণ কৰিব আৰু নিটি আয়োগৰ নগৰ সূচকাংক (২০২১) ব্যৱহাৰ কৰি ৫৬খন চহৰৰ শীৰ্ষ ৬টা বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) ব্যৱহাৰ কৰা হ'ব।।
ইন্টাৰেক্টিভ গেমপ্লেৰ জৰিয়তে খেলুৱৈসকলক ভাৰতৰ ৫৬খন চহৰৰ উন্নয়নমূলক প্ৰত্যাহ্বান আৰু কৃতিত্বৰ বিষয়ে জ্ঞান দিয়া হ'ব৷ ই বহনক্ষম পদ্ধতিৰ প্ৰভাৱৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
খেলুৱৈসকলে চিটি কুৱেষ্টৰ জৰিয়তে প্ৰতিখন চহৰৰ বৈশিষ্ট্যসমূহ অন্বেষণ কৰাৰ লগতে তেওঁলোকে ব্যক্তিগত আৰু সামূহিক কাৰ্য্যৰে বিশ্বব্যাপী ভাৰতৰ সামগ্ৰিক বহনক্ষমতাৰ প্ৰদৰ্শনত কেনেদৰে যথেষ্ট প্ৰভাৱ পেলাব পাৰে সেই বিষয়েও অন্তৰ্দৃষ্টি লাভ কৰিব৷
চিটিকুৱেষ্ট গেমটো সকলো বয়সৰ সকলো ব্যক্তিৰ অংশগ্ৰহণৰ বাবে মুকলি থাকিব৷ যি গেমে তেওঁলোকক নতুনত্বৰ সৈতে নষ্টালজিক কাৰ্ড গেমৰ অভিজ্ঞতাৰ মাজত পুনৰ ডুব যোৱাৰ সুযোগ দিব৷ এই গেমে লগতে তেওঁলোকক ভাৰতৰ চহৰসমূহৰ বিষয়ে অধিক জানিবলৈ সুযোগ প্ৰদান কৰিব। এই খেলখনত ৰাষ্ট্ৰীয় আৰু চহৰ-নিৰ্দিষ্ট দুয়োটা বৈশিষ্ট্য থাকিব, যিয়ে খেলুৱৈসকলৰ মাজত সুস্থ প্ৰতিযোগিতাক অনুপ্ৰাণিত কৰিব আৰু বিভিন্ন অঞ্চলৰ পৰা প্ৰতিযোগিক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিব। খেলুৱৈসকলে নিজৰ গৃহ চহৰৰ বাবে চাইন আপ কৰিব পাৰে, যাৰ ফলত নিজৰ সমাজ খন আৰু স্থানীয় গৌৰৱৰ বিষয়ে অনাবিল আনন্দৰ ভাৱ সৃষ্টি হ'ব।
চিটি কুৱেষ্ট: আই আই টি বম্বেৰ ই-ছামিট ২০২৫ৰ প্ৰজ্জ্বলিত মনবোৰ
যোৱা সপ্তাহত ই-চেল আই আই টি বম্বেৰ বাৰ্ষিক ফ্লেগশ্বিপ ইভেণ্ট সদ্য সমাপ্ত ই-ছামিট ২০২৫ত প্ৰদৰ্শিত হৈছিল ‘চিটি কুৱেষ্ট: শ্বেডছ অৱ ভাৰত’ শীৰ্ষক এডু-গেম ৷ যিয়ে ভাৰতৰ ৫৬খন চহৰক বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ৰ ভিত্তিত তুলনা কৰিছিল। অনুষ্ঠানটোৰ সৈতে জড়িত আছিল অতুলনীয় শক্তি, উৎসাহী মন, অন্তহীন উত্তেজনা আৰু দুদিনত ৩০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ এক লক্ষ্যণীয় সমাবেশ।
আই আই টি বম্বেৰ ই-ছামিট ২০২৫ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত চিটি কুৱেষ্টক পৰিচালিত কৰা ই গেমিং ফেডাৰেচনে (ই জি এফ) গেমিং, ষ্টাৰ্টআপ, আৰু উদীয়মান প্ৰযুক্তিৰ বিষয়ত মূল আলোচনা পৰিচালনা কৰিছিল। এই অধিৱেশনে আধুনিক উদ্যোগীৰ মনোভাব গঢ় দিয়াত গেমিং উদ্যোগ আৰু উদ্ভাৱনীমূলক প্ৰযুক্তিয়ে গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকাৰ বিষয়ে আলোকপাত কৰা হৈছিল৷
শীৰ্ষ সন্মিলনৰ মূল ব্যক্তিসকলৰ ভিতৰত আছিল নন্দন নিলেকানী, অনুপম মিট্টল, আৰু সোণম ৱাংচুক। চিটি কুৱেষ্টে আইআইটিবিৰ ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি আগন্তুক বিশ্ব অডিঅ’ ভিজুৱেল মনোৰঞ্জন শীৰ্ষ সন্মিলন ২০২৫ৰ লগতে ক্ৰিয়েট ইন ইণ্ডিয়া ছিজন ১ চেলেঞ্জৰ বাবে নতুন দিশৰ মুকলি কৰিছে৷
আই আই টি বম্বেত ইন্টাৰেক্টিভ গল্প কথনৰ জৰিয়তে এছ ডি জিৰ সংযোগ
চিটি কুৱেষ্টে ভাৰতীয় চহৰসমূহৰ বিষয়ে ইন্টাৰেক্টিভ গল্প কথনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব আৰু এছডিজিৰ বিশ্ব ৰেংকিঙত ভাৰতৰ প্ৰদৰ্শন যথেষ্ট উন্নত কৰিবলৈ দৈনন্দিন কাৰ্য্যৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব৷
চিটি কুৱেষ্ট ট্ৰাম্প কাৰ্ডৰ জৰিয়তে ইজনে সিজনৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ গৃহ চহৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰোমাঞ্চকৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। নিৰ্বাচিত বিজয়ীসকলক দিনটোৰ প্ৰতি ঘণ্টাত চিটি কুৱেষ্ট ডেকৰ বিশেষ সংস্কৰণ প্ৰদান কৰা হয়।
চিটি কুৱেষ্টৰ সাৰাংশ: শ্বেডছ অৱ ভাৰত:
উদ্ভাৱনীমূলক গেমপ্লে: খেলুৱৈসকলে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে, কৌশলগত চিন্তাধাৰা ব্যৱহাৰ কৰি চহৰসমূহে এছডিজিসমূহ লাভ কৰাত কেনে কাৰকে অৰিহণা যোগায় সেই বিষয়ে মূল্যায়ন কৰিব৷ ই সম্প্ৰদায় আৰু নাগৰিকৰ গৌৰৱৰ ভাৱনাক উদ্ভাসিত কৰিব৷
ব্যৱধান দূৰ কৰা: চিটি কুৱেষ্টে কেনেকৈ খেলৰ নীতি আৰু জনসাধাৰণৰ অংশগ্ৰহণক ফলপ্ৰসূভাৱে সেতুবন্ধন কৰিব পাৰে, ভাৰতৰ যুৱক-যুৱতীসকলক বহনক্ষম উন্নয়নৰ দিশত শিক্ষিত কৰি তুলিব পাৰে আৰু এই বিষয়ত প্ৰেৰণা যোগোৱাৰ বাবে এক আকৰ্ষণীয় পদ্ধতি আগবঢ়ায়।
ৱেভছ ২০২৫
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে'লৱে, ইলেক্ট্ৰ'নিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আগন্তুক বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন (WAVES 2025)ৰ তাৰিখ আৰু স্থান ঘোষণা কৰিছে। সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰীৰ স্থান হিচাপে গঢ়ি তুলিবলৈ আয়োজন কৰা এই বিশেষ অনুষ্ঠান ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈকে মুম্বাইত অনুষ্ঠিত হ’ব।
ৱেভছৰ পৰামৰ্শদাতা ব’ৰ্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে এই ঘোষণা কৰে৷ এই অনুষ্ঠানৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ সৃষ্টিশীল কৰ্মৰ শক্তি কেন্দ্ৰ হিচাবে পৰিগণিত কৰা ৷ এই সন্মিলনে বিশ্বৰ শীৰ্ষ সংবাদ মাধ্যমৰ চিইঅ’, বৃহৎ মনোৰঞ্জনৰ উল্লেখনীয় ব্যক্তি আৰু সমগ্ৰ বিশ্বৰ সৃষ্টিশীল মনক একত্ৰিত কৰিব৷ এয়া মনোৰঞ্জন, সৃষ্টিশীলতা আৰু সংস্কৃতিৰ ক্ষেত্ৰত এক লক্ষ্যণীয় সমাবেশ হিচাবে পৰিগণিত হ'ব৷
বৰ্তমান এই গেমটো গুগল প্লেৰ জৰিয়তে এণ্ড্ৰইড ডিভাইচত বিনামূলীয়াকৈ উপলব্ধ, যিয়ে দেশজুৰি খেলুৱৈসকলক গুৰুত্বপূৰ্ণ সামাজিক বিষয়সমূহৰ সৈতে জড়িত হ’বলৈ এক মঞ্চ প্ৰদান কৰাৰ লগতে নগৰীয়া বিকাশ আৰু বহনক্ষমতাৰ বিষয়ে সামূহিক স্তৰত বুজাবুজি বৃদ্ধিত অৰিহণা যোগাব।
(Release ID: 2102187)
Visitor Counter : 19
Read this release in:
Odia
,
English
,
Khasi
,
Gujarati
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam