পোষ্ট কৰা হৈছে:
07 FEB 2025 5:59PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতত ড্ৰাগছ ছিণ্ডিকেটৰ বিৰুদ্ধে যুঁজত এক বৃহৎ অগ্ৰগতিৰ বিষয়ে এক্স প্লেটফৰ্মত পোষ্ট কৰে, য’ত বিশেষকৈ মুম্বাইত নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৱে (এনচিবি) এটা দুৰ্ধৰ্ষ ড্ৰাগছ নেটৱৰ্ক নষ্ট কৰাৰ কথা উল্লেখ কৰা হৈছে। তেওঁ গুৰুত্বসহকাৰে কয় যে এই সফলতা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ড্ৰাগছমুক্ত ভাৰত (নিছা মুক্ত ভাৰত)ৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিবলৈ গ্ৰহণ কৰা ওপৰৰ পৰা তললৈ সৰ্বত্ৰ অনুসন্ধানমূলক পদ্ধতিৰ ফলপ্ৰসূতাৰ প্ৰমাণ।
এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে লিখিছে, “ভাৰতে শূন্য সহনশীলতাৰে ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰিছে। মুম্বাইত অতি উচ্চমানৰ কোকেইন, গাঞ্জা, আৰু ভাং জব্দ কৰাৰ লগতে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰো কৰিছে। ড্ৰাগছমুক্ত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিবলৈ গ্ৰহণ কৰা সৰ্বত্ৰ অনুসন্ধানমূলক পদ্ধতিৰ সফলতাৰ প্ৰমাণ এইটোৱেই। এই বৃহৎ সফলতাৰ বাবে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ দলটোক অভিনন্দন।”
এই সাফল্য হৈছে এনচিবিৰ মুম্বাইৰ দলটোৱে ২০২৫ চনৰ জানুৱাৰী মাহত ২০০ গ্ৰাম কোকেইন জব্দ কৰাৰ পৰা সংগ্ৰহ কৰা বিভিন্ন উৎস অনুসৰণ কৰি লাভ কৰা এক সংহত প্ৰচেষ্টাৰ ফল। সেই গোচৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কাম কৰি, আৰু উচ্চ কাৰিকৰী আৰু মানৱ চোৰাংচোৱাৰ সুন্দৰ ব্যৱহাৰেৰে এনচিবিৰ মুম্বাই মণ্ডল ইউনিটে এই নিষিদ্ধ সামগ্ৰীৰ উৎস বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ২০২৫ চনৰ ৩১ জানুৱাৰীত তেওঁলোকে মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ পৰা ১১.৫৪০ কিলোগ্ৰাম অতি উচ্চমানৰ কোকেইন, ৪.৯ কিলোগ্ৰাম হাইব্ৰিড ষ্ট্ৰেইন হাইড্ৰ’পনিক গাঞ্জা, ২০০ পেকেট (৫.৫ কেজি) ভাংৰ গুটি, আৰু ১,৬০,০০০ টকা সফলতাৰে উদ্ধাৰ কৰে।
এই ক্ষেত্ৰত মুম্বাইৰ এটা আন্তঃৰাষ্ট্ৰীয় কুৰিয়ৰ এজেন্সীৰ পৰা প্ৰাৰম্ভিক জব্দ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল, য’ত অষ্ট্ৰেলিয়ালৈ যোৱা এটা পাৰ্চেল ধৰা পেলোৱা হৈছিল। এনচিবি এমজেউই-এ এই সমগ্ৰ যোগান শৃংখলটোৰ শিপাৰ সন্ধান তীব্ৰতৰ কৰি তুলি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়।
এই পৰ্যন্ত চলোৱা তদন্তত প্ৰকাশ পাইছে যে বিদেশৰ পৰা এদল ব্যক্তিয়ে এই ছিণ্ডিকেট পৰিচালনা কৰি আছে। জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ কিছুমান আমেৰিকাৰ পৰা মুম্বাইলৈ প্ৰেৰণ কৰা হৈছিল আৰু কুৰিয়ৰ সেৱা, সৰু মালবাহী, আৰু মানৱ বাহকৰ জৰিয়তে ভাৰত আৰু বিদেশৰ একাধিক ৰিচিভাৰলৈ প্ৰেৰণ কৰি থকা হৈছিল। এই গোচৰৰ সৈতে জড়িত ব্যক্তিসকলে ইজনে সিজনৰ আগত বেনামী হৈ থাকে আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দৈনন্দিন যোগাযোগৰ বাবে ছদ্মনাম ব্যৱহাৰ কৰে।
এই গোচৰত এই পৰ্যন্ত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও ড্ৰাগছ ছিণ্ডিকেটৰ মূল শিপা আৰু আগলৈ কিমান বিয়পিছে তাৰ সম্ভেদ উলিয়াবলৈ তদন্ত অব্যাহত আছে।
*****
Raj Kumar / Vivek / Ashutosh / Priyabhanshu / Pankaj