তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৱেভছ ভিএফএক্স চেলেঞ্জ

প্ৰতিযোগিতা কৰা, সৃষ্টি কৰা আৰু জয় কৰা হৈছে ভিএফএক্সৰ চূড়ান্ত নীতি

Posted On: 06 FEB 2025 7:47PM by PIB Guwahati

পাতনি

বিশ্ব অডিঅ' ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলনে (WAVES) মিডিয়া আৰু মনোৰঞ্জন  উদ্যোগত আলোচনা, সহযোগিতা আৰু উদ্ভাৱনক লাভাৱান্বিত কৰাৰ বাবে এক অগ্ৰণী মঞ্চ  হিচাপে কাম কৰি আহিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত ৱেভছে  এই উদ্যোগৰ সৈতে জৰিত ব্যক্তি , অংশীদাৰ  আৰু বিশ্বৰ  অংশগ্ৰহণকাৰীসকলক একত্ৰিত কৰি খণ্ডটোৰ ভৱিষ্যত গঢ় দিয়াৰ প্ৰয়াস কৰিছে।ইয়াৰ জৰিয়তে  ভাৰতত বাণিজ্যিক সুযোগসমূহক অধিক  প্ৰসাৰিত কৰাৰো পৰিকল্পনা কৰা হৈছে।

ৱেভছ-এ   আলোকপাত  কৰা এটা মূল বিষয় হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ, যি প্ৰতিযোগিতাৰ বাবে  ৭০,০০০ৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে । একেদৰে  সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ লক্ষ্যৰে ৩১খন প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। ইয়াৰে ২৫টা প্ৰত্যাহ্বান অংশগ্ৰহণৰ বাবে মুকলি হৈ আছে, য’ত ২২টা প্ৰত্যাহ্বানত  বিশ্বৰ বিভিন্ন স্থানৰ পৰা  প্ৰৱেশৰ অনুমতি দিয়া হৈছে।

 

ৱেভছ ভিএফএক্স চেলেঞ্জ

ৱেভছ ভিএফএক্স চেলেঞ্জ (WAFX) হৈছে ভাৰতৰ শীৰ্ষ ভিএফএক্স প্ৰতিভাৰ সন্ধানৰ বাবে মুকলি কৰা দেশজোৰা  প্ৰত্যাহ্বান। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু এবিএআইৰ  অংশীদাৰিত্বৰে আয়োজিত এই প্ৰত্যাহ্বানৰ উদ্বোধনী ক্ৰিয়েট ইন ইণ্ডিয়া ছিজন ১ৰ জৰিয়তে ভাৰতৰ সৃষ্টিশীল পৰিৱেশত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব ।

প্ৰতিযোগিতাৰ আভাস

বিষয়বস্তু : দৈনন্দিন  জীৱনৰ ছুপাৰহিৰো

 

এই প্ৰতিযোগিতাখনৰ বিষয়বস্তু হৈছে  ‘দৈনন্দিন  জীৱন ছুপাৰ হিৰোসকলৰ ’ৰ  বিষয়ে আলোকপাত কৰা৷ অংশগ্ৰহণকাৰীসকলক ভিজুৱেল ইফেক্ট ছিকুৱেন্স বা চুটি ছবি নিৰ্মাণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়, য'ত ছুপাৰহিৰোসকলে  হাস্যৰস আৰু সৃষ্টিশীলতাক  লৌকিকভাবে  প্ৰদৰ্শন কৰা হ'ব৷  । ছুপাৰহিৰোসকলে ঘৰৰ কাম-কাজ, দৈনন্দিন  সমস্যাবোৰ সৃষ্টিশীল আৰু হাস্যৰসিকভাৱে সমাধান কৰাৰ  পথ প্ৰদৰ্শন কৰিব৷

 

শ্ৰেণীসমূহ

 

ছাত্ৰ শ্ৰেণী: বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি (নামভৰ্তিৰ প্ৰমাণৰ প্ৰয়োজন হ'ব)।

পেছাদাৰী শ্ৰেণী: ভিএফএক্স, এনিমেচন আৰু চলচ্চিত্ৰ নিৰ্মাণৰ কাম কৰা পেছাদাৰীসকলৰ বাবে মুকলি (ফ্ৰীলান্সাৰ আৰু ষ্টুডিঅ'ৰ শিল্পী আদিকে ধৰি)।

 

প্ৰতিযোগিতাৰ গাঁথনি

 

১/ কোৱালিফায়াৰ ৰাউণ্ড

পঞ্জীয়ন: অংশগ্ৰহণকাৰীসকলে নিজৰ জ’ন নিৰ্বাচন কৰি “দৈনন্দিন  জীৱন ছুপাৰহিৰো” থিমৰ বিষয়ত  ভিত্তি কৰি ৩০ ছেকেণ্ডৰ ভিএফএক্স ভিডিঅ’ জমা দিব লাগিব।

নিৰ্বাচন: জুৰীয়ে জ’নেল প্ৰতিযোগিতাৰ বাবে প্ৰতিটো জ’নত শীৰ্ষ ১০ জন ছাত্ৰ আৰু ১০ জন পেছাদাৰীক তালিকাভুক্ত  কৰিব।

২/ মণ্ডল ভিত্তিক  প্ৰতিযোগিতা

খণ্ড প্ৰতিযোগিতাৰ স্থানঃ চণ্ডীগড় (উত্তৰ মণ্ডল), মুম্বাই (পশ্চিম মণ্ডল), কলকাতা (পূব মণ্ডল), বাংগালুৰু (দক্ষিণ মণ্ডল)।

নিৰ্বাচিত চহৰত লাইভ প্ৰতিযোগিতা (১০ ঘণ্টীয়া প্ৰত্যাহ্বান)।

প্ৰতিযোগীসকলে প্ৰদান কৰা ষ্টক ভিডিঅ', থ্ৰিডি সমল, আৰু এফএক্স  লাইব্ৰেৰী ব্যৱহাৰ কৰি এটাভিএইএক্স  ৰিল তৈয়াৰ কৰিব লাগিব।

প্ৰতিটো শাখাৰ বিজয়ীসকলে ৱেভছ ২০২৫ ৰগ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰাৰ বাবে সকলো খৰচ লাভৰ  সুযোগ লাভ কৰিব।

৩/ গ্ৰেণ্ড ফাইনেল

ৱেভছ ২০২৫ত ২৪ ঘণ্টীয়া প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিব  জ’নেল পৰ্যায়ত বিজয়ীসকলে।

প্ৰতিযোগীসকলে এটা ভিএফএক্স শ্বট তৈয়াৰ কৰিবলৈ সেউজীয়া মেট পৰ্দা, থ্ৰিডি  সমল আৰু এফএক্স লাইব্ৰেৰী ব্যৱহাৰ কৰিব।

প্ৰতিটো শাখাৰ গ্ৰেণ্ড চেম্পিয়নে লাভ কৰিব নগদ ধন আৰু অন্যান্য সামগ্ৰী

 

পঞ্জীয়ন

আগ্ৰহী অংশগ্ৰহণকাৰীসকলে ইয়াত পঞ্জীয়ন কৰি  আৰু ৱেভছ ২০২৫ত ভাৰতৰ আটাইতকৈ ডাঙৰ ভিএইএক্স  প্ৰত্যাহ্বানৰ অংশ হ’ব পাৰে!

তথ্যসূত্ৰ:

https://wavesindia.org/challenges-2025

https://wafx.abai.avgc.in/

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2096792


(Release ID: 2100577) Visitor Counter : 25