তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ ২০২৫: ২৩৩ টা পানীৰ এটিএমৰ জৰিয়তে ৪০ লাখৰো অধিক তীৰ্থযাত্ৰীক ২৪/৭ ঘণ্টাই বিশুদ্ধ খোৱাপানীৰ যোগান

পৰিৱেশ সুৰক্ষা আৰু বিশুদ্ধ পানী যোগানৰ বাবে প্লাষ্টিকমুক্ত পৰিবেশৰ মাজত খোৱাপানী বিতৰণৰ ব্যৱস্থা

Posted On: 05 FEB 2025 7:14PM by PIB Guwahati

 

প্ৰয়াগৰাজত  অনুষ্ঠিত মহাকুম্ভ ২০২৫ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ তীৰ্থযাত্ৰীৰ বাবে  বিশুদ্ধ খোৱাপানীৰ  ব্যৱস্থা কৰা হৈছে। মেলা  অনুষ্ঠিত হোৱা অঞ্চলত মুঠ ২৩৩ টা পানীৰ এটিএম স্থাপন কৰা হৈছে। এই জল এটিএমসমূহ  কোনো ধৰণৰ বাধা নোহোৱাকৈ ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ আছে। এই জল এটিএম সমূহৰ জৰিয়তে তীৰ্থযাত্ৰীসকলে দৈনিক আৰ অ'  প্ৰক্ৰিয়াৰে  বিশুদ্ধ কৰা  পানী লাভ কৰি আছে। চৰকাৰী তথ্য অনুসৰি ২০২৫ চনৰ ২১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ ভিতৰত এই জল  এটিএমৰ জৰিয়তে ৪০ লাখতকৈ অধিক তীৰ্থযাত্ৰী উপকৃত হৈছে।

 

তীৰ্থযাত্ৰীসকলৰ সুবিধা সুনিশ্চিত কৰিবলৈ প্ৰশাসনে এই পানীৰ এটিএমৰ জৰিয়তে খোৱাপানীৰ বিনামূলীয়া বিতৰণ কৰাটো  নিশ্চিত কৰিছে। প্ৰথম অৱস্থাত এই সেৱা প্ৰতি লিটাৰত ১ টকা  হাৰত উপলব্ধ আছিল, য’ত তীৰ্থযাত্ৰীসকলে হয় মুদ্ৰাৰ জৰিয়তে বা  ইউ পি আই স্কেনিং ব্যৱহাৰ কৰি আৰ অ’ পানীৰ বাদত মূল্য পৰিশোধ কৰিব  পাৰিছিল। অৱশ্যে এই সেৱা এতিয়া সম্পূৰ্ণ বিনামূলীয়া কৰা  হৈছে,  যাতে তীৰ্থযাত্ৰীসকলে কোনো অসুবিধা নোহোৱাকৈ বিশুদ্ধ পানী লাভ কৰিব পাৰে। প্ৰতিটো পানীৰ এটিএমত এজন অপাৰেটৰ নিয়োগ  কৰা  হৈছে, যিয়ে তীৰ্থযাত্ৰীসকলে বুটাম টিপিলেই বিশুদ্ধ পানী  লাভ কৰাটো নিশ্চিত কৰিছে। ফলত  তীৰ্থযাত্ৰীসকলে পানী লাভ কৰাত কোনো অসুবিধা পোৱা নাই আৰু নিৰ্মল বিশুদ্ধ পানীৰ  যোগান বিনা বাধাই অব্যাহত আছে ।

 

 

 

মহাকুম্ভত স্থাপন কৰা পানীৰ এটিএমসমূহ আধুনিক প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে৷ এনে পানীৰ এটিএমসমূহৰ  কাম-কাজ সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু মসৃণ হৈ আছে । এই মেচিনসমূহত চেন্সৰ ভিত্তিক নিৰীক্ষণ ব্যৱস্থাও ৰখা হৈছে৷ যি ব্যৱস্থাই  যিকোনো কাৰিকৰী ত্ৰুটি তৎক্ষণাত ধৰা পেলাব পাৰে। যদি কোনো কাৰিকৰী সমস্যাৰ সৃষ্টি হয়, তেন্তে জল নিগমৰ কাৰিকৰী ক্ষেত্ৰৰ লোকসকলে  দ্ৰুতভাৱে সেইবোৰ সমাধান কৰি তীৰ্থযাত্ৰীসকলক নিৰৱচ্ছিন্নভাৱে পানী যোগান নিশ্চিত কৰিব পাৰিছে। মহাকুম্ভত বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ সমাগম হোৱাৰ  পৰিপ্ৰেক্ষিতত প্ৰতিটো পানীৰ এটিএমত দৈনিক ১২,০০০ৰ পৰা ১৫,০০০ লিটাৰ আৰ অ’ পানী যোগান ধৰা হৈছে। সকলো পানীৰ এটিএম  চিম ভিত্তিক প্ৰযুক্তিৰে সজ্জিত আৰু এইবোৰ  প্ৰশাসনৰ কেন্দ্ৰীয় নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকে।

 

এই প্ৰযুক্তিয়ে মুঠ পানীৰ ব্যৱহাৰ, পানীৰ স্তৰ ব্যৱস্থাপনা, পানীৰ গুণাগুণ  আৰু বিতৰণৰ পৰিমাণৰ নিৰন্তৰ নিৰীক্ষণ সক্ষম কৰি তুলিছে। প্ৰতিবাৰেই কোনো তীৰ্থযাত্ৰীয়ে পানীৰ এটিএম ব্যৱহাৰ কৰাৰ সময়ত এক লিটাৰ বিশুদ্ধ পানী বিতৰণ কৰা হৈছে। বিগত কুম্ভৰ অনুষ্ঠানত সংগম আৰু অন্যান্য ঘাটৰ আশে-পাশে প্লাষ্টিকৰ বটল আৰু অন্যান্য আৱৰ্জনাসমূহে ভয়াৱহ  সমস্যাৰ সৃষ্টি কৰিছিল৷   এইবাৰ প্ৰশাসনে কেৱল বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰাই নহয় পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে।

 

 

 

মহাকুম্ভ প্ৰশাসনে নিশ্চিত কৰিছে যে সমগ্ৰ অনুষ্ঠানটোত পানীৰ এটিএমসমূহ কোনো ধৰণৰ বাধা নোহোৱাকৈ চলিব। যিকোনো সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু পানীৰ এটিএমসমূহ নিয়মিতভাৱে নিৰীক্ষণ কৰিবলৈ বিশেষ কাৰিকৰী দল গঠন কৰা হৈছে। তদুপৰি ভৱিষ্যতে কুম্ভ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানত তীৰ্থযাত্ৰীসকলে যাতে বিশুদ্ধ খোৱাপানী সহজে লাভ কৰিব পাৰে তাৰ বাবে প্ৰশাসনে আৰু অধিক ফলপ্ৰসূ  পদক্ষেপ গ্ৰহণৰ  কথা চিন্তা কৰিছে। এই পদক্ষেপে মহা কুম্ভ ২০২৫ অনুষ্ঠানটোক অধিক সুবিধাজনক, নিৰাপদ আৰু পৰিৱেশ অনুকূল কৰি তুলিছে৷ লগতে ই  ভৱিষ্যতে এনে  অনুষ্ঠানৰ বাবে এক ঐতিহাসিক আৰু আদৰ্শ স্বৰূপ হৈ পৰিছে৷


(Release ID: 2100307) Visitor Counter : 28