বিত্ত মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        ভাৰতৰ বিকাশ যাত্ৰাৰ বাবে কৃষি প্ৰথম ইঞ্জিন: বাজেট ২০২৫-২৬
                    
                    
                        বিহাৰত স্থাপন কৰা হ’ব মখানা ব’ৰ্ড
উচ্চ উৎপাদনক্ষম বীজৰ ওপৰত ৰাষ্ট্ৰীয় অভিযানৰ শুভাৰম্ভ কৰা হ’ব 
১০ লাখ জাৰ্মপ্লাজম লাইনযুক্ত দ্বিতীয় জিন বেংক স্থাপন কৰা হ’ব
কপাহৰ উৎপাদনশীলতাৰ বাবে পাঁচ বছৰীয়া অভিযান ঘোষণা
কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা ৩ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি
অসমৰ নামৰূপত স্থাপন কৰা হ’ব ১২.৭ লাখ মেট্ৰিক টন সাৰ প্লাণ্ট
আন্দামান আৰু নিকোবৰ তথা লাক্ষাদ্বীপ দ্বীপপুঞ্জত বহনক্ষম মৎস্য সংবৰ্ধনৰ বাবে নতুন অনুকূল কাঠামোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব
                    
                
                
                    Posted On:
                01 FEB 2025 1:27PM by PIB Guwahati
                
                
                
                
                
                
                 
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ০১ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে সংসদত কেন্দ্ৰীয় বাজেট ২০২৫-২৬ দাখিল কৰি ভাৰতৰ বিকাশ যাত্ৰাৰ বাবে ‘কৃষিক প্ৰথম ইঞ্জিন’ বুলি অভিহিত কৰি অন্নদাতাসকলৰ হিতৰ বাবে কৃষি ক্ষেত্ৰৰ বিকাশ আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে কেইবাটাও ব্যৱস্থা ঘোষণা কৰে।

বিহাৰত মখানা ব’ৰ্ড স্থাপনৰ চৰকাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে মখানাসমূহৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বিপণন উন্নত কৰাৰ বাবে বিহাৰত মখানা ব’ৰ্ড গঠন কৰা হ’ব। তেওঁ কয় যে এই কামত নিয়োজিত লোকসকলক এফপিঅ’ত সংগঠিত কৰা হ’ব। এই ব’ৰ্ডে মখানা কৃষকসকলক পথ প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ সহায় আগবঢ়াব আৰু লগতে সকলো প্ৰাসংগিক চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈও কাম কৰিব।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে ৰাষ্ট্ৰীয় উচ্চ উৎপাদনশীল বীজ মিছনৰ ৰূপায়ণ কৰা হ'ব, যাৰ উদ্দেশ্য হৈছে গৱেষণাৰ পৰিৱেশ তন্ত্ৰৰ প্ৰসাৰ কৰা, উচ্চ উৎপাদনশীল, কীট প্ৰতিৰোধী আৰু জলবায়ু অনুকূলনৰ গুণেৰে সম্পন্ন বীজৰ লক্ষ্যিত বিকাশ আৰু প্ৰসাৰৰ কৰাৰ লগতে ২০২৪ চনৰ জুলাই মাহৰ পৰা জাৰি কৰা বীজৰ বীজসমূহৰ ১০০ৰো অধিক প্ৰকাৰক বাণিজ্যিক স্তৰত উপলব্ধ কৰোৱা। 
তেওঁ কয় যে ভৱিষ্যতে খাদ্য আৰু পুষ্টিৰ সুৰক্ষাৰ বাবে ১০ লাখ জাৰ্মপ্লাজম লাইনযুক্ত দ্বিতীয়টো জিন বেংক স্থাপন কৰা হ’ব। ই ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডকে জিনীয় গৱেষণাৰ বাবে সংৰক্ষণৰ সহায় আগবঢ়াব।
কপাহ উৎপাদনশীলতাৰ বাবে অভিযান ঘোষণা কৰি শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে এই পাঁচ-বছৰীয়া অভিযানে কপাহ খেতিৰ উৎপাদনশীলতা আৰু বহনক্ষমতা যথেষ্ট উন্নত কৰাত সহায় কৰিব আৰু কপাহৰ অধিক দীঘলীয়া আঁহযুক্ত প্ৰকাৰসমূহৰ প্ৰসাৰ হ’ব। কৃষকসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ সৰ্বোত্তম সহায় আগবঢ়োৱা হ’ব। বস্ত্ৰ খণ্ডৰ বাবে আমাৰ ৫এফৰ সংহত দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ই কৃষকৰ আয় বৃদ্ধি কৰাত সহায় কৰিব আৰু ভাৰতৰ পৰম্পৰাগত বস্ত্ৰ খণ্ডক পুনৰুজ্জীৱিত কৰিবলৈ গুণগত কপাহৰ অবিৰত যোগান নিশ্চিত কৰিব।
প্ৰায় ৭.৭ কোটি কৃষক, মাছমৰীয়া আৰু দুগ্ধ কৃষকক হ্ৰস্বম্যাদী ঋণৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি)ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে সংশোধিত সুত ৰাজসাহায্য আঁচনিৰ অধীনত কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লোৱা ঋণৰ বাবে ঋণৰ সীমা ৩ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৫ লাখ টকা কৰাৰ কথা ঘোষণা কৰে।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে অসমৰ নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টনৰ ক্ষমতাৰে এটা সাৰ কাৰখানা স্থাপনৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই উদ্যোগটোৰ লগতে পূব অঞ্চলত নিষ্ক্ৰিয় হৈ থকা তিনিটা ইউৰিয়া উদ্যোগত পুনৰ উৎপাদন আৰম্ভ কৰিলে ইউৰিয়াৰ যোগান আৰু অধিক বৃদ্ধিৰ লগতে সাৰ উৎপাদনত স্বাৱলম্বীতা অনাত সহায়ক হ’ব।
সাগৰীয় খাদ্য ৰপ্তানিৰ সন্দৰ্ভত ৬০ হাজাৰ কোটি টকা মূল্যৰ মৎস্য উৎপাদন আৰু জলজ কৃষি ক্ষেত্ৰত বিশ্বত ভাৰতৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ হোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সামুদ্ৰিক খণ্ডৰ অব্যৱহৃত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ, আমাৰ চৰকাৰে আন্দামান আৰু নিকোবৰ তথা লাক্ষাদ্বীপৰ দৰে দ্বীপসমূহত বিশেষ গুৰুত্ব দিয়াৰ লগতে ভাৰতীয় বিশিষ্ট অৰ্থনৈতিক অঞ্চল আৰু গভীৰ সাগৰৰ পৰা বহনক্ষম মাছ ধৰা কাৰ্যক প্ৰসাৰ কৰিবলৈ অনুকূল কাঠামো গঢ়িব।
**********
NB/SK/SR
                
                
                
                
                
                (Release ID: 2099484)
                Visitor Counter : 75
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam