বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট, ২০২৫-২৬: জাহাজ আৰু বিমান খণ্ডলৈ উদ্দীপনা
২৫,০০০ কোটি টকাৰ সামুদ্ৰিক উন্নয়ন পুঁজিৰ প্ৰস্তাৱ
অহা ১০ বছৰত ১২০ নতুন গন্তব্যস্থানক সংযোগেৰে ৪ কোটি যাত্ৰীক পৰিবহণৰ বাবে সংশোধিত উড়ান আঁচনি
বিহাৰৰ বাবে গ্ৰীণফিল্ড বিমানবন্দৰ আৰু পশ্চিম কোশী কেনেল প্ৰকল্প
Posted On:
01 FEB 2025 1:11PM by PIB Guwahati
সামুদ্ৰিক উদ্যোগলৈ দীৰ্ঘ-ম্যাদী বিত্তীয় সাহায্যৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২৫,০০০ কোটি টকাৰ কৰ্পাছৰে সামুদ্ৰিক উন্নয়ন পুঁজি গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। আজি সংসদত বাজেট ভাষণত এই কথা ঘোষণাৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে এই কৰ্পাছ সামুদ্ৰিক উদ্যোগলৈ সমৰ্থন আৰু প্ৰতিযোগিতাক উৎসাহিতকৰণৰ বাবে বিতৰণ কৰা হ’ব। এই পুঁজিত চৰকাৰৰ ৪৯ শতাংশ পৰ্য্যন্ত অংশ থাকিব আৰু বাকীখিনি বন্দৰ আৰু ব্যক্তিগত খণ্ডৰপৰা আহৰণ কৰা হ’ব।
বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে ব্যয়ৰ অসুবিধা দূৰ কৰিবলৈ জাহাজ নিৰ্মাণৰ বিত্তীয় সাহায্য নীতিৰ সংস্কাৰ সাধন কৰা হ’ব। ইয়াত চাৰ্কুলাৰ অৰ্থনীতিক উৎসাহিত কৰিবলৈ ভাৰতীয় য়াৰ্ডত শ্বীপ ব্ৰেকিঙৰ বাবে ক্ৰেডিট নোটো অন্তৰ্ভুক্ত হ’ব। ইয়াৰ উপৰিও নিৰ্দিষ্ট আকাৰৰ ওপৰৰ বৃহৎ জাহাজসমূহকো আন্তঃগাঁথনি সমন্বিত মাষ্টাৰ তালিকা (HML)ত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ জনোৱা হৈছে। কেন্দ্ৰীয় বাজেটত জাহাজৰ পৰিসৰ, শ্ৰেণী আৰু ক্ষমতা বৃদ্ধিৰ বাবে ‘জাহাজ নিৰ্মাণ ক্লাষ্টাৰ’ৰ সুবিধা স্থাপনৰো প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ভিতৰত সমগ্ৰ বাতাবৰণৰ বিকাশ সাধনৰ বাবে অতিৰিক্ত আন্তঃগাঁথনিৰ সুবিধা, দক্ষতা আৰু প্ৰযুক্তি অন্তৰ্ভুক্ত হ’ব। জাহাজ নিৰ্মাণৰ সময় দীঘলীয়া বুলি উল্লেখেৰে বিত্তমন্ত্ৰীয়ে জাহাজ নিৰ্মাণৰ বাবে কেঁচামাল, উপাংশ, ব্যৱহৃত সামগ্ৰী বা অংশৰ ওপৰত বেছিক কাষ্টম ডিউটি ৰেহাই আৰু দহ বছৰলৈ অব্যাহত ৰখাৰ প্ৰস্তাৱ আগবঢ়ায়।
আঞ্চলিক সংযোগ আঁচনি উড়ানক প্ৰশংসা কৰি শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে উড়ানে ১.৫ কোটি মধ্যবিত্ত লোকক ক্ষীপ্ৰ ভ্ৰমণৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম কৰিছে। এই আঁচনিখনে ৮৮ টা বিমানবন্দৰক সংযোগেৰে ৬১৯ টা পথ কাৰ্য্যকৰী কৰিছে। এই সফলতাৰে অনুপ্ৰাণিত হৈ এক পৰিৱৰ্তিত উড়ান আঁচনিৰ শুভাৰম্ভ কৰা হ’ব, যিয়ে ১২০ নতুন গন্তব্যস্থানলৈ আঞ্চলিক সংযোগৰ বৰ্ধন ঘটাব আৰু অহা ১০ বছৰত ৪ কোটি যাত্ৰীক পৰিবহণ কৰিব। এই আঁচনিয়ে পাৰ্বত্য, আকাংক্ষী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জিলাসমূহৰ হেলিপেড আৰু ক্ষুদ্ৰ বিমানবন্দৰসমূহকো সহায় কৰিব। তেওঁ চৰকাৰে অধিক মূল্যৰ নষ্ট হ’ব পৰা উদ্যান শস্যকে প্ৰমুখ্য কৰি এয়াৰ কাৰ্গ’ৰ বাবে আন্তঃগাঁথনি আৰু গুদামৰ সুবিধাৰ বৰ্ধন ঘটাব বুলি অৱগত কৰে। কাৰ্গ’ স্ক্ৰিনিং আৰু কাষ্টম প্ৰট’কলসমূহো সুশৃংখলিতকৰণেৰে ব্যৱহাৰকাৰী-অনুকূল কৰি তোলা হ’ব।
বিহাৰৰ আন্তঃগাঁথনিক উদ্দীপনা যোগাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পৰিপূৰণৰ বাবে বিহাৰত গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়। বিহাৰৰ মিথিলাঞ্চলত ৫০,০০০ হেক্টৰৰো অধিক ভূমিত খেতি কৰা বৃহৎ সংখ্যক কৃষক ৰাইজক উপকৃতকৰণৰ অৰ্থে পশ্চিম কোশী কেনেল ইআৰএম প্ৰকল্পৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হ’ব।
****
NB/KSY/PSF/SB
(Release ID: 2098735)
Visitor Counter : 10
Read this release in:
Telugu
,
Khasi
,
English
,
Urdu
,
Marathi
,
Hindi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam