বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

মাৰ্চ ২০২৪ পৰ্যন্ত কাৰ্যকৰী হৈছে ৭.৭৫ কোটি কিষাণ ক্ৰেডিট কাৰ্ড: অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫

সংশোধিত সূত ৰেহাই আঁচনিৰ অধীনত ১ লাখ কোটিৰো অধিক দাবীৰ মীমাংসা কৰা হৈছে, উপকৃত হৈছে ৫.৯ কোটি কৃষক

তৃণমূল পৰ্যায়ৰ ঋণৰ পৰিমাণ ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ ৮.৪৫ লাখ কোটি টকাৰ পৰা ২৫.৪৮ লাখ কোটি টকালৈ বৃদ্ধি হৈছে

তৃণমূল পৰ্যায়ৰ ঋণৰ ভিতৰত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ অংশ ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৩-২৪চনলৈ ৪১ শতাংশৰ পৰা ৫৭ শতাংশলৈ বৃদ্ধি হৈছে

বিত্তীয় বৰ্ষ ২৬ ত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত নামভৰ্তি কৰা কৃষকৰ সংখ্যা ২৬ শতাংশ বৃদ্ধি হৈছে

প্ৰধানমন্ত্ৰী কিষাণ-ৰ অধীনত ১১ কোটিৰো অধিক কৃষক উপকৃত হৈছে, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত নামভৰ্তি কৰা কৃষকৰ সংখ্যা হৈছে ২৩.৬১ লাখ (অক্টোবৰ, ২০২৪ পৰ্যন্ত)

কৃষিৰ উদ্দেশ্যে ড্ৰোন প্ৰাপ্ত কৰিবলৈ নিৰ্বাচিত হৈছে ১৫০০০ মহিলা এছএইচজি

কৃষি বিপণন আন্তঃগাঁথনি: ৪৮৬১১ ভঁৰাল আন্তঃগাঁথনি প্ৰকল্পলৈ অনুমোদন, ৪,৭৯৫.৪৭ কোটি টকাৰ ৰাজসাহায্য বিতৰণ কৰা হৈছে

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ অন্তৰ্ভুক্ত হৈছে

Posted On: 31 JAN 2025 1:44PM by PIB Guwahati

কৃষি উৎপাদনশীলতা আৰু উপাৰ্জন উন্নত কৰাৰ বাবে সকলো কৃষক, বিশেষকৈ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু সমাজৰ দুৰ্বল শ্ৰেণীক পৰ্যাপ্ত ঋণ সমৰ্থন প্ৰদান কৰাটো হৈছে অতি গুৰুত্বপূৰ্ণ কথা বুলি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫ত এই কথা উল্লেখ কৰিছে।

 

অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ মাৰ্চ মাহ পৰ্যন্ত দেশখনত ৭.৭৫ কোটি কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) একাউণ্ট কাৰ্যকৰী হৈছে আৰু ইয়াৰ কেয়া ঋণৰ পৰিমাণ হৈছে ৯.৮১ লাখ কোটি টকা। ৩১ মাৰ্চ ২০২৪ তাৰিখ পৰ্যন্ত মীন পালন আৰু পশুপালন কাৰ্যকলাপত ক্ৰমে ১.২৪ লাখ কেচিচি আৰু ৪৪.৪০ লাখ কেচিচি জাৰী কৰা হৈছে।

 

সংশোধিত সূত ৰেহাই আঁচনি

 

বিত্তীয় বৰ্ষ ২৫-ৰ পৰা আৰম্ভ কৰি এমআইএছ দাবীসমূহ দ্ৰুত আৰু অধিক দক্ষভাৱে গ্ৰহণ কৰিবলৈ আৰু নিষ্পত্তি কৰাৰ বাবে কিষাণ ৰিন পৰ্টেল (কেআৰপি)ৰ জৰিয়তে সংশোধিত সূত ৰেহাই আঁচনি (এমআইএছ)ৰ অধীনত দাবী মীমাংসাকৰণ প্ৰক্ৰিয়া ডিজিটাইজ কৰা হৈছে। ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ১লাখ কোটিৰো অধিক দাবীৰ মীমাংসা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। বৰ্তমান এমআইএছ-কেচিচি আঁচনিৰ অধীনত লাভান্বিত হোৱা প্ৰায় ৫.৯ কোটি কৃষকক কেআৰপি-ৰ জৰিয়তে ঠিকনা বিচাৰি উলিওৱা হৈছে। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক অধিক সমৰ্থন আগবঢ়াবলৈ বেঙ্কবোৰে কৃষিকে ধৰি প্ৰাথমিকতাপূৰ্ণ  খণ্ডবোৰত তেওঁলোকৰ এডজাষ্টেড নেট বেঙ্ক ক্ৰেডিট (এএনবিচি) বা ক্ৰেডিট সমতুল্য পৰিমাণৰ অফ-বেলেন্স শ্বীট এক্সপোজাৰ (চিইওবিই)ৰ যিটোৱেই অধিক হয় আৱণ্টন কৰিব লাগিব। উপৰোক্ত সকলো পদক্ষেপে অ-প্ৰতিষ্ঠানিক ঋণ উৎসৰ ওপৰত নিৰ্ভৰশীলতা ১৯৫০ চনৰ ৯০ শতাংশৰ পৰা বিত্তীয় বৰ্ষ ২২-ত প্ৰায় ২৫.০ শতাংশলৈ হ্ৰাস কৰিছে।

 

তৃণমূল পৰ্যায়ৰ ঋণ

 

কৃষিৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ ঋণ (জিএলচি)য়েও ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ১২.৯৮ শতাংশ চিএজিআৰৰ সৈতে আকৰ্ষণীয় বিকাশ দেখুৱাইছে। জিএলচি ২০১৪-১৫ বৰ্ষত ৮.৪৫ লাখ কোটি টকাৰ পৰা ২০২৩-২৪ বৰ্ষত ২৫.৪৮ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ অংশ ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ ৩.৪৬ লাখ কোটি টকা (৪১ শতাংশ)ৰ পৰা ১৪.৩৯ লাখ কোটি (৫৭ শতাংশ)টকালৈ যথেষ্ট বৃদ্ধি পাইছে।

 

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

 

ৰাজ্য চৰকাৰ আৰু বীমাকৰ্তাসকলৰ অংশগ্ৰহণ ২০২০-২১ বৰ্ষৰ ২০ আৰু ১১ ৰ পৰা ২০২৫ বিত্তীয় বৰ্ষত ক্ৰমে ২৪ আৰু ১৫ লৈ বৃদ্ধি হৈছে। ইয়াৰ উপৰিও, এই হস্তক্ষেপবোৰে আগৰ বছৰবোৰৰ তুলনাত কিস্তিৰ হাৰ ৩২ শতাংশ হ্ৰাস কৰাত অৰিহণা যোগাইছে। ফলস্বৰূপে, বিত্তীয় বৰ্ষ ২৪ৰ সময়ছোৱাত নামভৰ্তি কৰা কৃষকৰ সংখ্যা ৪ কোটিত উপনীত হৈছে, যি বিত্তীয় বৰ্ষ ২৩ৰ সময়ছোৱাত ৩.১৭ কোটিৰ পৰা ২৬ শতাংশৰে অধিক। বীমাকৃত এলেকাও বিত্তীয় বৰ্ষ ২৪-ত ৬০০ লাখ হেক্টৰলৈ সম্প্ৰসাৰিত হৈছিল, যি বিত্তীয় বৰ্ষ ২০২৩-ৰ ৫০০ লাখ হেক্টৰৰ পৰা ১৯ শতাংশৰ বৃদ্ধিক প্ৰতিফলিত কৰে।

 

প্ৰধানমন্ত্ৰী-কিষাণ আৰু প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা

 

কৃষকসকলক প্ৰত্যক্ষ উপাৰ্জনৰ বাবে সমৰ্থন প্ৰদান কৰা পিএম-কিষাণ আৰু কৃষকসকলৰ বাবে পেঞ্চন আঁচনি আগবঢ়োৱা প্ৰধানমন্ত্ৰী কিষাণ মান্ধান যোজনা (পিএমকেএমৱাই)ৰ দৰে চৰকাৰী পদক্ষেপে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাত আৰু তেওঁলোকৰ সামাজিক সুৰক্ষা জালৰ পৰিসৰ বৃদ্ধি কৰাত সফলতাৰে অৰিহণা যোগাইছে। পিএম-কিষান-ৰ অধীনত ১১ কোটিতকৈয়ো অধিক কৃষক উপকৃত হৈছে আৰু ২০২৪ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত ২৩.৬১ লাখ কৃষকে পিএমকেএমওৱাই-ৰ অধীনত নামভৰ্তি কৰিছিল। এই প্ৰচেষ্টাবোৰৰ উপৰিও, অএনঅআৰচি উদ্যোগৰ অধীনত ই-কেওৱাইচি অনুপালন আৰু ই-এনডব্লিউআৰ বিত্তীয় আঁচনিৰ বাবে ঋণ গেৰাণ্টী আঁচনিৰ দৰে সংস্কাৰবোৰে ঐতিহাসিকভাৱে কৃষি খণ্ডক ক্ষতিগ্ৰস্ত কৰা প্ৰণালীগত অদক্ষতাবোৰ নিষ্পত্তি কৰে।

Chapter 9-02.jpg

 

খাদ্য ব্যৱস্থাপনা: খাদ্য সুৰক্ষা সক্ষম কৰা

 

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে চৰকাৰে দীৰ্ঘদিন ধৰি ৰাজহুৱা বিতৰণ প্ৰণালী (পিডিএছ) আৰু লক্ষ্যযুক্ত পিডিএছ (টিপিডিএছ), ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ) ২০১৩ আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএ)ৰ জৰিয়তে খাদ্য সুৰক্ষাৰ দৃষ্টিভংগীৰ এক মৌলিক পৰিৱৰ্তন চিহ্নিত কৰিছে। এনএফএছএ আইনে আইনীভাৱে গ্ৰাম্য জনসংখ্যাৰ ৭৫ শতাংশ পৰ্যন্ত আৰু নগৰীয়া জনসংখ্যাৰ ৫০ শতাংশ পৰ্যন্ত খাদ্যশস্য প্ৰাপ্ত কৰাৰ অধিকাৰ প্ৰদান কৰে, লক্ষ্যযুক্ত ৰাজহুৱা বিতৰণ প্ৰণালীৰ অধীনত যি ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮১.৩৫ কোটি লোকৰ বাবে আহে। সেয়েহে, উচ্চ ৰাজসাহায্যযুক্ত খাদ্যশস্য প্ৰাপ্ত কৰাৰ বাবে জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ লোকক আইনৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। পিএমজিকেএ-ৰ অধীনত বিনামূলীয়া খাদ্য শস্যৰ আৱণ্টন প্ৰায় ৮০ কোটি হিতাধিকাৰীৰ বাবে নিয়মীয়া আৱণ্টনৰ উপৰিও ১ জানুৱাৰী ২০২৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পিএমজিকেএওৱাই-ৰ অধীনত আৰু পাঁচ বছৰৰ বাবে বিনামূলীয়া খাদ্যশস্যৰ ব্যৱস্থাই ৰাষ্ট্ৰীয় খাদ্য আৰু পুষ্টি সুৰক্ষাৰ মোকাবিলা কৰাৰ বাবে চৰকাৰৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি আৰু দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।

 

 

কৃষি যান্ত্ৰিককৰণ:

কৃষি যান্ত্ৰিককৰণৰ উপ-অভিযান

 

 

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে কৃষি যান্ত্ৰিককৰণৰ উপ-অভিযান-য়ে ৰাজ্য চৰকাৰসমূহক কৃষি যন্ত্ৰৰ সৈতে সম্পৰ্কিত প্ৰশিক্ষণ আৰু প্ৰদৰ্শন, কাষ্টম হায়াৰিং চেণ্টাৰ (চিএইচচি) স্থাপন কৰা, আৰু কৃষকসকলক বিভিন্ন কৃষি সঁজুলি আহৰণত সহায় কৰাত সহায় কৰে। ৩১ ডিচেম্বৰ পৰ্যন্ত এই পদক্ষেপৰ অধীনত ২৬,৬৬২ টা চিএইচচি স্থাপন কৰা হৈছে, কেৱল বিত্তীয় বৰ্ষ ২৫-তে ১৩৮ টা চিএইচচি স্থাপন কৰা হৈছে।

 

মহিলা আত্ম-সহায়ক গোটলৈ ড্ৰোনেৰে উদগণি

 

চৰকাৰে মহিলা এছএইচজিসমূহক ড্ৰোন প্ৰদান কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ অনুমোদিত আঁচনি এখনৰ প্ৰচাৰ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ১৫০০০ নিৰ্বাচিত মহিলা এছএইচজি-য়ে কৃষকসকলক কৃষিৰ উদ্দেশ্যে ভাড়া সেৱা আগবঢ়োৱা, যাৰ ভিতৰত আছে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা। ড্ৰোনৰ ব্যয়ৰ ৮০ শতাংশ আৰু সম্পৰ্কিত আনুষঙ্গিক মাচুলৰ কেন্দ্ৰীয় বিত্তীয় সাহায্য, সৰ্বাধিক ৮ লাখ টকা পৰ্যন্ত, ড্ৰোন ক্ৰয়ৰ বাবে মহিলা এছএইচজি-সমূহক প্ৰদান কৰা হ'ব। এই আঁচনিয়ে এছএইচজি-সমূহক বহনক্ষম ব্যৱসায় আৰু জীৱিকাৰ সমৰ্থন প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে অতিৰিক্ত উৎপাদন কৰিব পাৰিব।

বছৰি কমেও ১ লাখ টকা উপাৰ্জন।

 

কৃষি বিপণন আন্তঃগাঁথনি

 

 

কৃষি বিপণন আন্তঃগাঁথনি উপ-আঁচনি

 

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে কৃষি বিপণন আন্তঃগাঁথনি উপ-আঁচনিৰ অধীনত, ৩১ অক্টোবৰ, ২০২৪ তাৰিখ পৰ্যন্ত ৪৮৬১১ টা ভঁৰাল আন্তঃগাঁথনি প্ৰকল্প মঞ্জুৰ কৰা হৈছে, যাৰ বাবে ৪,৭৯৫.৪৭ কোটি টকাৰ ৰাজসাহায্য বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও, এএমআই আঁচনিৰ অধীনত সহায় কৰা অন্যান্য প্ৰকাৰৰ আন্তঃগাঁথনিৰ সৈতে সম্পৰ্কিত ২১০০৪টা প্ৰকল্প মঞ্জুৰ কৰা হৈছে, যাৰ ৰাজসাহায্যৰ পৰিমাণ হৈছে ২,১২৫.৭৬ কোটি টকা।

 

স্মাৰ্ট ৱেৰহাউছ

 

চৰকাৰী শস্যৰ গুদামৰ আধুনিকীকৰণৰ বাবে চৰকাৰে ডব্লিউএফপি আৰু আইজিএমআৰআই-ৰ সৈতে অংশীদাৰিত্ব কৰি 'স্মাৰ্ট ৱেৰহাউছ' পৰিচালনা কৰে। এই ৱেৰহাউছসমূহে উষ্ণতা, আৰ্দ্ৰতা, বায়ুপ্ৰবাহ, আৰু নিগনিৰ উপদ্ৰব আদি নিৰীক্ষণ কৰিবলৈ চেন্সৰ ব্যৱহাৰ কৰে, সঞ্চয়ৰ মান উন্নত কৰিবলৈ আৰু লোকচান হ্ৰাস কৰিবলৈ বাস্তৱ-সময়ৰ তথ্য প্ৰদান কৰে।

 

***

GDH/SB/BK/KB


(Release ID: 2098331) Visitor Counter : 5