বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰ্থনৈতিক জৰীপ ২০২৪-২৫ ৰ প্ৰস্তাৱনা

প্ৰস্তাৱনাটোৱে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ বিষয়বস্তু হিচাপে নিয়ন্ত্ৰণমুক্তকৰণক ৰেখাঙ্কিত কৰিছে

ভাৰতে এক প্ৰতিযোগিতামূলক আৰু উদ্ভাৱনীমূলক অৰ্থনীতি হ'বলৈ অধিক ঘৰুৱা আৰু বিদেশী বিনিয়োগ আকৰ্ষিত কৰা, উদগণি দিয়া আৰু সুবিধা প্ৰদানৰ বাবে সৰ্বাধিক প্ৰয়াস কৰিব লাগিব: অৰ্থনৈতিক সমীক্ষা

"ভাৰতে নিৰ্গমন প্ৰশমনতকৈ জলবায়ু পৰিৱৰ্তনৰ অভিযোজনত গুৰুত্ব দিব লাগিব"

জৰীপে সমগ্ৰ ভাৰতৰ শীৰ্ষ শিক্ষানুষ্ঠানসমূহত উৎকৃষ্টতাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ স্থাপনৰ পৰামৰ্শ দিয়ে

জৰীপটোৱে অতি-সংসাধিত খাদ্যৰ আশংকাজনক ব্যৱহাৰ সন্দৰ্ভত সন্মুখৰ লেবেলিং-ৰ কঠোৰ নিয়ম প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতীয় যুৱক-যুৱতীসকলৰ মানসিক, আৱেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তা প্ৰতিপালন কৰাৰ পোষকতা কৰে

Posted On: 31 JAN 2025 2:18PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫ৰ প্ৰস্তাৱনাত অভূতপূৰ্ব গোলকীয় প্ৰত্যাহ্বানৰ মাজত অৰ্থনৈতিক বিকাশ আৰু নিযুক্তি ত্বৰান্বিত কৰাৰ বাবে নিয়ন্ত্ৰণ বিধি হ্ৰাস কৰি শাসনৰ প্ৰতি দাৰ্শনিক দৃষ্টিভংগীত গুৰুত্ব প্ৰদানৰ বাবে যুক্তি প্ৰদৰ্শন কৰা হৈছে।

জৰীপৰ প্ৰস্তাৱনাত দেখা গৈছে যে বিশ্বখন প্ৰত্যাশিত গতিতকৈ অধিক দ্ৰুতগতিৰে বিকশিত হৈছে, ২০২৪ বৰ্ষত সমগ্ৰ বিশ্বত ৰাজনৈতিক আৰু অৰ্থনৈতিক অনিশ্চয়তা দেখা  দিছিল, বিশেষকৈ ইউৰোপত এনে অনিশ্চয়তা বিশেষভাবে প্ৰকট হৈ পৰিছিল। সেই একে সময়তে  তিনিখন  বৃহৎ গণতন্ত্ৰৰ দেশ - ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইণ্ডোনেছিয়াত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

নিয়ন্ত্ৰণমুক্তকৰণ উদ্দীপক

অৰ্থনৈতিক সমীক্ষাত যুক্তি দিয়া হৈছে, "পথৰ পৰা আঁতৰি যোৱা আৰু ব্যৱসায়বোৰক তেওঁলোকৰ মূল অভিযানত গুৰুত্ব দিবলৈ দিয়াটো হৈছে এক গুৰুত্বপূৰ্ণ অৱদান যিটো দেশৰ চৰকাৰসমূহে উদ্ভাৱনক উত্সাহিত কৰা আৰু প্ৰতিযোগিতাসুলভতাক উত্সাহিত কৰিবলৈ কৰিব পাৰে।"

 

জৰীপটোৱে পৰৱৰ্তী দুটা দশকত বিকাশৰ গড় বৃদ্ধি কৰিবলৈ এক নিয়ন্ত্ৰণমুক্তকৰণ উদ্দীপক নিৰ্ধাৰণ কৰিছে যাৰ বাবে জনগাঁথনিগত লভ্যাংশ প্ৰাপ্ত কৰাৰ প্ৰয়োজন।

জৰীপটোৱে আৰু যুক্তি দিয়ে যে চৰকাৰে বিপদাশংকা-ভিত্তিক নিয়ামক গ্ৰহণ কৰিব লাগিব আৰু নিয়মাৱলীসমূহৰ সঞ্চালন নীতি 'নিদোষী প্ৰমাণিত নোহোৱালৈকে দোষী' ৰ পৰা 'দোষী প্ৰমাণিত নোহোৱালৈকে নিৰ্দোষী' লৈ সলনি কৰিব লাগিব। অপব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ আঁচনিসমূহত কাৰ্যকৰী পৰিস্থিতিৰ স্তৰ যোগ দিয়াৰ ফলত সেইবোৰ অবোধ্য হৈ পৰে আৰু নিয়মাৱলী অপ্ৰয়োজনীয়ভাৱে জটিল হৈ পৰে, যি তেওঁলোকক তেওঁলোকৰ মূল উদ্দেশ্য আৰু অভিপ্ৰায়ৰ পৰা অধিক আঁতাৰলৈ লৈ যায়।

জৰীপটোৱে তথ্য প্ৰযুক্তি খণ্ড আৰু বাংগালুৰুত আৰম্ভ হোৱা ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ দৰে পৰিমাপৰ অৰ্থনীতি প্ৰাপ্ত কৰাৰ বাবে এক বিশ্বাস-আধাৰিত সমাজ গঢ়ি তোলাতো গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ দ্বাৰা, জৰীপটোত কোৱা হৈছে, "এইটো এটা ভাল বাজি যে ভাৰতৰ ৰাইজে প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতলৈ যোৱাৰ পথত সেইবোৰক সুযোগলৈ পৰিৱৰ্তন কৰিব।

 

কৌশলগত বিনিয়োগৰ সুবিধা প্ৰদান কৰা

বিকাশ, বিকশিত আৰু উদীয়মান বজাৰ অৰ্থনীতিৰ পৰিস্থিতি বিজ্ঞানত, জৰীপটোত কোৱা হৈছে যে দ্ৰুত বিশ্ব বাণিজ্য বিকাশৰ যুগ পাৰ হৈ গৈছে আৰু ভাৰতে এক প্ৰতিযোগিতামূলক আৰু উদ্ভাৱনীমূলক অৰ্থনীতি হ'বলৈ অধিক ঘৰুৱা আৰু বিদেশী বিনিয়োগ আকৰ্ষিত কৰা, উদগণি দিয়া আৰু সুবিধা প্ৰদানৰ বাবে সৰ্বাধিক প্ৰচেষ্টা কৰাৰ প্ৰয়োজন আছে। জৰীপটোৱে লগতে পৰামৰ্শ দিয়ে যে ঘৰুৱা যোগান-শৃংখলা ক্ষমতা আৰু স্থিতিস্থাপকতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ কৌশলগত বিনিয়োগে দীৰ্ঘম্যাদী সময়ত সহায় কৰিব।

গোলকীয় প্ৰত্যাহ্বানসমূহৰ বাস্তৱতা উল্লেখ কৰি, জৰীপটোৰ প্ৰস্তাৱনাত কোৱা হৈছে যে অনাগত বছৰবোৰত ঘৰুৱা বিকাশৰ কাৰকসমূহ বাহ্যিক প্ৰত্যাহ্বানতকৈ তুলনামূলকভাৱে অধিক গুৰুত্বপূৰ্ণ হ'ব।

জলবায়ু পৰিৱৰ্তন আৰু শক্তি পৰিৱৰ্তন

জৰীপটোৱে জলবায়ু পৰিৱৰ্তনৰ পটভূমিত প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰাত আৰু বৰ্তাই ৰখাত শক্তি সুৰক্ষা আৰু শক্তি সামৰ্থ্যৰ ক্ষেত্ৰত ৰাজহুৱা নীতিৰ ভূমিকাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। জৰীপটোৱে ভাৰতক জীৱাশ্ম ইন্ধনৰ পৰা আঁতৰত শক্তি পৰিৱৰ্তন আৰু বৈচিত্ৰ্যকৰণৰ বাবে নিজৰ পথ নিৰ্ধাৰণ কৰাৰ বাবে যুক্তি দিছে কিয়নো প্ৰচুৰ নৱীকৰণযোগ্য শক্তি আৰু কয়লাৰ বাবে বৈদ্যুতিক গতিশীলতাই অৰ্থনৈতিক অৰ্থ বহন কৰে। অধিক গুৰুত্বপূৰ্ণভাৱে, জৰীপটোৱে যুক্তি দিয়ে, ভাৰতৰ বিশাল আকাৰ আৰু সীমিত ভূমি উপলব্ধতাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা পৰিবহন হৈছে কাৰ্যকৰী শক্তি পৰিৱৰ্তনৰ বাবে এক অধিক দক্ষ বিকল্প।

 

জৰীপটোত উল্লেখ কৰা হৈছে যে ভাৰতৰ শক্তি পৰিৱৰ্তন পৰিকল্পনা ভৌগোলিক দুৰ্বলতাৰ প্ৰতি সতৰ্ক হ'ব লাগিব আৰু গুৰুত্বপূৰ্ণ আমদানিৰ বাবে বাহ্যিক উৎসসমূহৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা গভীৰ হোৱাটো পৰিহাৰ কৰিব লাগিব। জৰীপটোৱে ভাৰতক নিৰ্গমন প্ৰশমনতকৈ অভিযোজনত গুৰুত্ব দিয়াৰ যুক্তি দিছে।

 

দক্ষতা আৰু শিক্ষা

জৰীপটোত কোৱা হৈছে যে ভাৰতৰ যুৱপ্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তা, দক্ষতা আৰু শিক্ষাৰ দৰে প্ৰযুক্তিগত অগ্ৰগতিৰ সুবিধা ল'বলৈ এখোজ আগুৱাই থাকিবলৈ সক্ষম কৰিব লাগিব আৰু যুৱসকলক নিযুক্তিত ইয়াৰ সাম্ভাব্য বিৰূপ প্ৰভাৱ হ্ৰাস বা আনকি আঁতৰ কৰিবলৈ প্ৰযুক্তিগত বিকাশতকৈ, আনকি নিযুক্তি বৃদ্ধিত সহায় কৰিব পাৰে। জৰীপটোৱে সূৰ্যোদয় খণ্ডত ব্যক্তিগত খণ্ডৰ উদ্ভাৱন আৰু আৰ এণ্ড ডি ক অনুপ্ৰেৰিত কৰাৰ বাবে ১ লাখ কোটি টকাৰ বিত্তীয় পুঁজিৰে সমগ্ৰ ভাৰতৰ শীৰ্ষ শিক্ষানুষ্ঠানসমূহত কৃত্ৰিম বুদ্ধিমত্তাৰ উত্কৰ্ষতাৰ কেন্দ্ৰ(চিঅই) স্থাপনৰ পৰামৰ্শ দিয়ে।

 

 

কৃত্ৰিম বুদ্ধিমত্তা

এআই সকলো সমাধানৰ বাবে সমানে প্ৰযোজ্য নহয় আৰু ই সকলো দেশৰ বাবে দ্ব্যর্থহীনভাৱেও প্ৰযোজ্য নহয়, বিশেষকৈ ভাৰতৰ দৰে শ্ৰমিক সমৃদ্ধ দেশৰ বাবে বুলি কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ক্ষেত্ৰত এক সন্তুলিত দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে জৰীপটোৱে যুক্তি প্ৰদান কৰে ।

 

স্বাস্থ্যকৰ আহাৰ: স্বাস্থ্যকৰ জীৱনযাপন

ভাৰতৰ অতি-সংসাধিত খাদ্যৰ বৰ্ধিত আৰু উদ্বেগজনক ব্যৱহাৰৰ পটভূমিত (উচ্চ চৰ্বি, নিমখ আৰু চেনী বা এইচএফএছএছ), জৰীপটোৱে ভাৰতীয় যুৱক-যুৱতীসকলৰ বিশাল সম্ভাৱনা মুকলি কৰাৰ বাবে কঠোৰ ফ্ৰণ্ট-অফ-দ্য-পেক লেবেল নিয়ম প্ৰৱৰ্তনৰ জৰিয়তে মানসিক, আৱেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তা প্ৰতিপালন কৰাৰ পোষকতা কৰে। জৰীপটোত কোৱা হৈছে যে এই পৰিঘটনাটো হ্ৰাস কৰিবলৈ বিশ্বজুৰি স্ব-নিয়ন্ত্ৰণ অকাৰ্যকৰী হৈছে।

 

মহিলা, কৃষক, যুৱ আৰু দৰিদ্ৰলোকসকলৰ বাবে নীতিগত প্ৰাথমিকতা

জৰীপটোত উল্লেখ কৰা হৈছে যে মহিলা, কৃষক, যুৱ আৰু অৰ্থনৈতিক কাৰ্যকলাপত দৰিদ্ৰ লোকসকলৰ উৎপাদনশীল আৰু বৰ্ধিত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰাটো হৈছে সামগ্ৰিক উন্নয়ন নীতিৰ লিটমাছ পৰীক্ষা। যুৱসকলৰ বাবে, জৰীপটোৱে শিক্ষা, দক্ষতা, আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্যত বিনিয়োগত গুৰুত্ব দিয়াৰ বাবে যুক্তি দিয়ে। দৰিদ্ৰ লোকসকলৰক সৱলীকৰণৰ জৰিয়তে তেওঁলোকৰ উপাৰ্জন আৰু জীৱন ধাৰণৰ মান উন্নত কৰি অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰলৈ অনাৰ বাবে জৰীপটোৱে তেওঁলোকৰ জীৱিকা আৰু সুযোগ উন্নত কৰাৰ বাবে লক্ষ্যযুক্ত সমৰ্থন প্ৰদান কৰাৰ যুক্তি দিয়ে। মহিলাসকলৰ বাবে জৰীপটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আইনী আৰু নিয়ামক বাধাবোৰ, যিয়ে সুবিধাজনক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও শ্ৰমিক শক্তিত তেওঁলোকৰ অংশগ্ৰহণ পিছুৱাই ৰাখে, আঁতৰ কৰাৰ পোষকতা কৰে।

 

ঔদ্যোগিক কাৰ্যকলাপ

জৰীপটোত 'ব্যৱসায় কৰাৰ সহজতা'ৰ মাপকাঠি আৰু ঔদ্যোগিক কাৰ্যকলাপৰ স্তৰত উচ্চ সূচকাংক লাভ কৰা ৰাজ্যসমূহৰ মাজত ইতিবাচক সম্পৰ্ক উল্লেখ কৰা হৈছে, আৰু লগতে কোৱা হৈছে যে উচ্চাকাংক্ষী ৰাজ্যসমূহে তেওঁলোকৰ ঔদ্যোগিকৰণৰ হাৰ বৃদ্ধি কৰিব লাগিব।

 

জৰীপটোৱে চৰকাৰী হস্তক্ষেপৰ জৰিয়তে এয়াৰ-কণ্ডিচনাৰত উৎপাদন-সংযোজিত ইনচেণ্টিভ আঁচনিৰ দৰে স্বদেশীকৰণৰ সফলতাৰ কাহিনীও উদযাপন কৰে।

বাহ্যিক খণ্ডৰ প্ৰত্যাহ্বান

জৰীপটোৱে ভাৰতৰ ৰপ্তানি হ্ৰাস কৰা আৰু কাৰেণ্ট একাউণ্টৰ ঘাটি বৃদ্ধি কৰাৰ সম্ভাৱনা থকা প্ৰতিবন্ধক বাণিজ্য নীতিৰ ভাবুকিৰ দৰে অদূৰ ভৱিষ্যতে ভাৰতে সন্মুখীন হ'বলগীয়া প্ৰত্যাহ্বানসমূহৰ পূৰ্বানুমানো কৰিছে।

****

NB/KMN/KB

 

 

 


(Release ID: 2098028) Visitor Counter : 33