তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰথম বিশ্ব অডিঅ' ভিজুৱেল এণ্টাৰটেইনমেণ্ট সন্মিলনৰ পূৰ্বে ইনফ্লুয়েন্সাৰ, পডকাষ্টাৰ, এনিমেচন মেকাৰ আৰু গেম ডেভেলপাৰ আদিৰ দৰে কন্টেন্ট ক্ৰিয়েটৰৰ ক্ষেত্ৰত শীৰ্ষ বঁটা ঘোষণা কৰে

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু গজেন্দ্ৰ সিং শ্বেখাৱাটে সৃষ্টিশীল বিষয়বস্তুৰ সৈতে জড়িত সমল সৃষ্টিকৰ্তা আৰু প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰিবলৈ ৱেভছ বজাৰ শীৰ্ষক ই-মাৰ্কেটপ্লেচ মুকলি কৰে

ৱেভছৰ বাবে আৰম্ভ কৰা আৰু তিনিটা ক্ৰিয়েট ইন ইণ্ডিয়া প্ৰত্যাহ্বানৰ মাজত ক্লাছিকেল এণ্ড চেমি ক্লাছিকেল মিউজিক চেলেঞ্জ ‘ৱাহ উস্তাদ’ আৰু খাদীৰ প্ৰচাৰ; পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্য প্ৰচাৰৰ বিষয়বস্তু সম্পৰ্কীয় প্ৰত্যাহ্বানো ঘোষণা কৰা হৈছে


সমল সৃষ্টিৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ৰাজধানী হিচাপে স্থান দিবলৈ আয়োজন কৰা হৈছে ৱেভছ ; বিবেকানন্দৰ বাণীৰ প্ৰতিধ্বনিৰে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ দৃষ্টিগোচৰ কৰাৰ এয়া এক প্ৰয়াসঃ শ্ৰী অশ্বিনী বৈষ্ণৱ


ৱেভছ শিল্পপ্ৰেমীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ আৰু ই ভাৰতীয় সমল সৃষ্টিকৰ্তাসকলক আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য বিশ্বৰ আগত প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিব: শ্ৰী গজেন্দ্ৰ সিং শেখাৱত

Posted On: 27 JAN 2025 7:22PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলনৰ পূৰ্বে এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে নতুন দিল্লীৰ নেছনেল মিডিয়া চেণ্টাৰত  কেইবাটাও উল্লেখনীয় পদক্ষেপ মুকলি কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে'ল আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰুকেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন  দপ্তৰৰ মন্ত্ৰী শ্ৰী  গজেন্দ্ৰ সিং শ্বেখাৱতে অংশগ্ৰহণ কৰি উক্ত পদক্ষেপসমূহ মুকলি কৰে৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু, সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব  শ্ৰী অৰুনিশ চাওলাও অনুষ্ঠানত উপস্থিত থাকে। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী শেখৰ কাপুৰ আৰু প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীও অনুষ্ঠানত উপস্থিত থাকে।

ভাৰতক সমল সৃষ্টিকৰ্তা অৰ্থনীতিৰ বিশ্বজনীন  ৰাজধানীলৈ ৰূপান্তৰৰ প্ৰয়াস

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ প্ৰতিধ্বনিক অনুৰণিত কৰি তথা   ডাভোছ অৰ্থনৈতিক মঞ্চৰ সৈতে সংগতি  ৰাখি  বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন সন্মিলন (WAVES)ক বিশ্বজনীন শীৰ্ষ সন্মিলন হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে এই প্ৰচেষ্টা এক বহল কৌশলৰ অংশ ৷ এই সন্মিলনে পৰম্পৰা, গল্প কথন আৰু সাংস্কৃতিক তাৎপৰ্য্যৰে সমৃদ্ধ ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক উজ্জ্বল কৰি তুলিব—যিটো বিশ্বজুৰি  'অৰেঞ্জ ইকনমি' হিচাবে স্বীকৃতিপ্ৰাপ্ত৷ '

শ্ৰী অশ্বিনী বৈষ্ণৱে  লগতে কয়  "এসময়ত স্বামী বিবেকানন্দৰ জৰিয়তে চিকাগো বিশ্ব মেলাত  প্ৰতিধ্বনিত হোৱা আমাৰ সমৃদ্ধ সংস্কৃতিক আজি আমাৰ প্ৰধানমন্ত্ৰীয়ে যোগ, সংস্কৃতি, সৃজনশীলতা আৰু আয়ুৰ্বেদৰ দৰে পদক্ষেপৰ জৰিয়তে বিশ্বৰ মঞ্চলৈ  আগবঢ়াই নিছে," । তেওঁ লগতে কয়, "ভাৰতক সমল সৃষ্টিকৰ্তা অৰ্থনীতিৰ বিশ্বজনীন ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৱেভছ হৈছে  এক শক্তিশালী  প্ৰচেষ্টাৰেই অংশ ।"

কেন্দ্ৰীয় মন্ত্ৰীদুগৰাকীয়ে  ৱেভছ বজাৰ, ৩ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ, ৱেভছ এৱাৰ্ড আদিও  মুকলি কৰে আৰু লগতে আৰু এটা প্ৰত্যাহ্বানৰ কথাও  ঘোষণা কৰে।

 

ৱেভছ  বজাৰ: সৃষ্টিশীল অৰ্থনীতিৰ সম্ভাৱনাৰ সঠিক  ব্যৱহাৰ

অনুষ্ঠানটোত ৱেভছ বজাৰ - গ্লোবেল ই-মাৰ্কেটপ্লেচ উন্মোচন কৰা হয়, যি হৈছে ভাৰতৰ বিশাল সৃষ্টিশীল প্ৰতিভাক  আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাৰ বাবে প্ৰস্তুত কৰা এক গুৰুত্বপূৰ্ণ মঞ্চ। এই মঞ্চখনে  প্ৰতিভাধৰসকলক তেওঁলোকৰ সমল প্ৰদৰ্শন কৰিবলৈ, প্ৰকল্প বোৰ প্ৰদৰ্শন কৰিবলৈ আৰু ভৌগোলিক সীমা অতিক্ৰম কৰা অৰ্থপূৰ্ণ সেঁতু নিৰ্মাণ কৰিবলৈ সক্ষম কৰি তুলিব । ই অনুকূলিত সঁজুলি আৰু সম্পদ আগবঢ়াই বিশ্বব্যাপী ব্যৱসায়িক আদান-প্ৰদান সৰল কৰি তুলিব , সমল সৃষ্টিকৰ্তা আৰু ব্যৱসায়ে  বিকাশ  তথা  সফলতাৰ বাবে নতুন সুযোগ আৱিষ্কাৰ কৰি সেইবোৰক  সম্প্ৰসাৰিত কৰিব পাৰিব।

এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব জাজুৱে  উল্লেখ কৰে যে ৱেভছ বজাৰ হৈছে এক পৰিৱৰ্তনশীল মঞ্চ ,যি বিভিন্ন মনোৰঞ্জন খণ্ড যেনে চলচ্চিত্ৰ, টিভি, সংগীত, ই-স্পোৰ্টছ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক্সৰ সৃষ্টিকৰ্তা, ক্ৰেতা আৰু সহযোগীসকলক একত্ৰিত কৰিব। ই ভৌগোলিক ব্যৱধান দূৰ কৰিব, সমল সৃষ্টিকৰ্তাসকলক তেওঁলোকৰ কাম প্ৰদৰ্শন কৰিবলৈ আৰু অৰ্থপূৰ্ণ বি২বি আদান-প্ৰদানত জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিব।

ৱেভছ বজাৰে ব্ৰেণ্ড সহযোগিতা, পুঁজি আৰু  বিতৰণ ব্যৱস্থাকো সমৰ্থন কৰিব৷  সমল সৃষ্টিকৰ্তাসকলক তেওঁলোকৰ ধাৰণাবোৰ উপলব্ধি কৰাৰ বাবে প্ৰয়োজনীয় সমৰ্থন লাভ  কৰাত সহায় কৰিব। এই বিস্তৃত ই-বজাৰখন ভাৰতৰ উদীয়মান সৃষ্টিশীল অৰ্থনীতিৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সঁজুলি  হৈ পৰিব । এই প্লেটফৰ্মে সমল সৃষ্টিকৰ্তাসকলক তেওঁলোকৰ সামগ্ৰী, ধাৰণা আৰু দক্ষতা বিপণন কৰিবলৈ সক্ষম কৰি তুলিব।

ৱেভছ বঁটা

২০২৫ চনৰ ১৫  ফেব্ৰুৱাৰীত  মনোনয়ন মুকলি হোৱাৰ  পিছত  ৱেভছ বঁটা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিভিন্ন সৃষ্টিশীল শাখাত উৎকৃষ্টতা প্ৰদৰ্শন কৰাসকলক বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷  ৱেভছ এৱাৰ্ডছত গেম অফ দা ইয়েৰ, ফিল্ম অফ দা ইয়েৰ, আৰু এডভাৰ্টাইজিং কেম্পেইন অফ দা ইয়েৰ আদি শ্ৰেণীত বঁটাসমূহ প্ৰদান কৰা হ'ব৷   বঁটাবোৰৰ ভিতৰত আছে বিশেষ বাছনি বঁটা, জীৱনজোৰা সাফল্যক সন্মান জনোৱা  বঁটা আৰু প্ৰযুক্তি  তথা  সামাজিক  ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱৰ বাবে আগবঢ়োৱা বঁটা।

ক্ৰিয়েট ইন ইণ্ডিয়া প্ৰত্যাহ্বানৰ অধীনত তিনিটা নতুন প্ৰত্যাহ্বান

ৱেভছ সন্মিলনৰ আন এটা বিশেষত্ব হ'ল ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ অধীনত তিনিটা নতুন প্ৰত্যাহ্বানৰ শুভাৰম্ভ, যেনে "প্ৰতিধ্বনি: ইডিএম প্ৰত্যাহ্বান", "মেক দ্য ৱৰ্ল্ড ৱেৰ খাদী" আৰু "ৱাহ উস্তাদ"।

1. ৱাহ উস্তাদ

সংস্কৃতি আৰু দূৰদৰ্শন মন্ত্ৰালয়ৰ সহযোগত সন্মানীয় "দিল্লী ঘৰানা"ৰ দ্বাৰা পৰিচালিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কল্পনা কৰা "ৱাহ উস্তাদ"-এ যুৱ, শাস্ত্ৰীয় পদ্ধতিৰে  প্ৰশিক্ষিত কণ্ঠশিল্পীসকলক তেওঁলোকৰ ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ই  ১৮  বছৰ বা তাতোকৈ অধিক বয়সৰ অংশগ্ৰহণকাৰীসকলৰ বাবে মুকলি থাকিব৷ ইয়াত  আন্তৰ্জাতিক স্তৰৰো  অংশগ্ৰহণ থাকিব। এয়া দুটা পৰ্যায়ৰ প্ৰতিযোগিতা হ'ব আৰু ইয়াৰ  সমাপ্তি ৱেভছ ২০২৫ -ত গ্ৰেণ্ড নেচনেল ফাইনেলৰ জৰিয়তে ঘটিব৷  এই প্ৰতিযোগিতাৰ বাবে  পঞ্জীয়ন আজি প্ৰসাৰ ভাৰতীৰ ৱেবছাইটত মুকলি কৰা হৈছে (https://prasarbharati.gov.in/wah-ustad/)।

 

2. "মেক দ্য ৱৰ্ল্ড ৱেৰ খাদী"

এই প্ৰত্যাহ্বানটোৱে বিজ্ঞাপন ক্ষেত্ৰৰ  পেছাদাৰী ব্যক্তি  আৰু ফ্ৰিলাঞ্চাৰসকলক উদ্ভাৱনীমূলক প্ৰচাৰ বিকশিত কৰিবলৈ আমন্ত্ৰণ জনাইছে,  যিয়ে খাদীক এক গোলকীয় ব্ৰেণ্ড হিচাপে পৰিগণিত কৰিবলৈ প্ৰয়াস চলাই আছে।  অংশগ্ৰহণকাৰীসকলে বিভিন্ন ফৰ্মেটত অভিনৱ ডিজাইনৰ আৰ্হিৰ অন্বেষণ কৰিব লাগিব (যেনে ডিজিটেল, প্ৰিণ্ট, ভিডিঅ', অভিজ্ঞতামূলক)। "মেক দ্য ৱৰ্ল্ড ৱেৰ খাদী"য়ে খাদীৰ  প্ৰতিচ্ছবি উন্নত কৰিবলৈ আৰু উপভোক্তা বৃদ্ধি কৰিবলৈ সৃষ্টিশীল চিন্তা আৰু কৌশলগত দৃষ্টিভংগীক উৎসাহিত কৰিব।

3. ৰিজোনেট: ইডিএম প্ৰত্যাহ্বান: ইণ্ডিয়ান মিউজিক এছ'চিয়েচন (আইএমএ)ৰ দ্বাৰা আয়োজিত "ৰিজ'নেট"-এ ইলেক্ট্ৰনিক ডান্স মিউজিক (ইডিএম) প্ৰডাকচনত তেওঁলোকৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সুৰকাৰ, সংগীতজ্ঞ, আৰু পৰিবেশকসকলক আমন্ত্ৰণ জনাইছে। এই প্ৰত্যাহ্বান সকলো দেশৰ লোকৰ  বাবে মুকলি থাকিব।

ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বান

ভাৰতৰ চহকী পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যক অন্বেষণ কৰা ছবিৰ প্ৰচাৰৰ লক্ষ্যৰে এক নতুন প্ৰত্যাহ্বানৰ কথাও ঘোষণা কৰা হৈছে  কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে এই ঘোষণা কৰে। এই পদক্ষেপে চলচ্চিত্ৰ নিৰ্মাতাসকলক দেশৰ সজীৱ সাংস্কৃতিক ঐতিহ্যৰ  গভীৰতালৈ সোমাই যাবলৈ আহ্বান জনাইছে, ইয়াক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শক উভয়ৰে আগত প্ৰদৰ্শন কৰা হ'ব। এই প্ৰত্যাহ্বানসমূহৰ লক্ষ্য হৈছে সৃষ্টিশীলতা, উদ্ভাৱন আৰু বিশ্বব্যাপী অংশগ্ৰহণক অনুপ্ৰাণিত কৰা।

 

ৱেভছ: বিশ্বব্যাপী ভাৰতৰ সাংস্কৃতিক দক্ষতা প্ৰদৰ্শন

অনুষ্ঠানত  ভাষণ ুপ্ৰদান কৰি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে ভাৰতক গল্প কথন , সংগীতজ্ঞ, বিষয়বস্তুৰ সৃষ্টিকৰ্তা, ধৰ্মীয় বৈচিত্ৰ্যৰ এক সজীৱ স্থান  বুলি অভিহিত কৰে। শ্ৰী শেখাৱাটে কয় যে আমাৰ সাংস্কৃতিক ঐতিহ্য কেৱল আমাৰ অতীতৰ প্ৰমাণ নহয়, বিশ্ব মঞ্চত ই  আমাৰ ভৱিষ্যতৰো মেৰুদণ্ড। এই চহকী সাংস্কৃতিক ঐতিহ্যৰ লাভ উঠাবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৱেভছ মুকলি কৰিছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ সৃষ্টিশীল প্ৰতিভাক প্ৰদৰ্শন আৰু অৰ্থনৈতিকভাৱে সবলীকৰণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন  গতিশীল মঞ্চ।

ভাৰতে বিভিন্ন খণ্ডত অগ্ৰগতি লাভ কৰাৰ লগে লগে—অৰ্থনৈতিক, সামাজিক, প্ৰযুক্তিগত—সাংস্কৃতিক দক্ষতা  , সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে ৱেভছৰ  জৰিয়তে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যই  বিশ্বব্যাপী প্ৰাপ্য স্বীকৃতি লাভ কৰিব আৰু   সৃষ্টিশীল অৰ্থনীতিক বিশ্বৰ আনুষ্ঠানিক অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে স্থান দিব পাৰিব । ভাৰতৰ সাংস্কৃতিক শক্তি প্ৰদৰ্শন আৰু বিকাশৰ  ক্ষেত্ৰত ৱেভছে -এ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও তেওঁ  আলোকপাত কৰে৷ তেওঁ কয় যে  ৱেভছে  আমাৰ সমল  সৃষ্টিকৰ্তাসকলক বিশ্বজুৰি সন্মান আৰু স্বীকৃতি অৰ্জনৰ অৰ্থে  এক ভেটি প্ৰদান কৰিব।

ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক ফ্লেগশ্বিপ পদক্ষেপ ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ মূল স্তৰ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জে ভাৰত আৰু সমগ্ৰ বিশ্বৰ উচ্চাকাংক্ষী আৰু পেছাদাৰী সমল সৃষ্টিকৰ্তাসকলৰ পৰা অতিশয় সঁহাৰি লাভ কৰিছে। ৭০,০০০ৰো অধিক পঞ্জীয়নৰ সৈতে এই প্ৰত্যাহ্বানে বিভিন্ন পটভূমিৰ ব্যক্তি আৰু সম্প্ৰদায়ৰ কল্পনাশক্তিক আকৰ্ষণ কৰিছে৷ ই সজীৱ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ বাবে এক সামগ্ৰিক পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰিছে। এতিয়ালৈকে ৩১টা ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ আৰম্ভ কৰা হৈছে ইয়াৰে ২৫টা এতিয়াও পঞ্জীয়নৰ বাবে মুকলি কৰি ৰখা হৈছে   আৰু ২২টাই  বিশ্বব্যাপী অংশগ্ৰহণক আকৰ্ষণ কৰিছে।

 

 ভাৰতঃ গল্প  কথনৰ ভূমি

প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা  ভাষণত ভাৰতে  সৰ্ববৃহৎ কন্টেন্ট ক্ৰিয়েচন আৰু কনজিউমচন দেশ  হিচাপে লাভ কৰা  মৰ্যাদাৰ বিষয়ত  আলোকপাত কৰে। কাপুৰে কয়  , "ভাৰত কেৱল এটা হাব নহয় , বৰঞ্চ ছবিৰ পৰা আৰম্ভ কৰি গেমিঙলৈকে সাংস্কৃতিক তথা  ডিজিটেল কন্টেন্ট সৃষ্টিৰ শক্তিশালী স্থানো । এয়াই আমাৰ গৌৰৱৰ বিষয়।"  কাপুৰে আগন্তুক ৱেভছ  সন্মিলনকলৈ  উৎসাহ প্ৰকাশ কৰে৷ কাৰণ ইয়াত    বিস্তৃত সৃষ্টিশীল শক্তি প্ৰদৰ্শন কৰা হ’ব৷ তেওঁ এই অনুষ্ঠানক বিশ্বৰ সৃষ্টিশীল অৰ্থনীতিত ভাৰতৰ নেতৃত্ব প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ  মঞ্চ হিচাপে আলোকপাত কৰে।

 

এক সুবৰ্ণ  সুযোগ, যাক হেৰুৱাব নালাগে

এই শীৰ্ষ সন্মিলনখনক এনে ধৰণৰ প্ৰথম অনুষ্ঠান  হিচাপে আয়োজন  কৰা হৈছে৷ ইয়াত  অডিঅ’, ভিডিঅ’ আৰু মনোৰঞ্জনক একক মঞ্চত একত্ৰিত কৰা হৈছে, যাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমল  সৃষ্টিকৰ্তাসকলে নেটৱৰ্ক, সহযোগিতা আৰু নিজৰ সৃষ্টিশীল দক্ষতা প্ৰদৰ্শন কৰাৰ এক অনন্য সুযোগ লাভ কৰিব । শ্ৰী  বৈষ্ণৱে সকলো কন্টেন্ট ক্ৰিয়েটৰক ৱেভছত  সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে এয়া এক সুবৰ্ণ সুযোগ, ইয়াক  হেৰুৱাব নালাগে।

Dharmendra Tewari/Kshitij Singha/ DM


(Release ID: 2096858) Visitor Counter : 25