কেবিনেট
azadi ka amrit mahotsav

২০২৫ চনৰ ছিজনৰ বাবে কোপ্ৰাৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি)

Posted On: 20 DEC 2024 8:10PM by PIB Guwahati

অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে ২০২৫ বৰ্ষৰ ছিজনৰ বাবে কোপ্ৰাৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত অনুমোদন জনাইছে। কৃষকসকলক লাভজনক মূল্য প্ৰদান কৰিবলৈ চৰকাৰে ২০১৮-১৯ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছিল যে সকলো অধিদেশিত শস্যৰ এমএছপি সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ কমেও ১.৫গুণ স্তৰত নিৰ্ধাৰণ কৰা হ’ব। সেই অনুসৰি, ২০২৫ চনৰ ছিজনৰ বাবে উচিত গড় মানৰ মিলিং কোপ্ৰাৰ এমএছপি প্ৰতি কুইণ্টলত ১১৫৮২/- টকা আৰু বল কোপ্ৰাৰ বাবে প্ৰতি কুইণ্টলত ১২১০০/- টকা নিৰ্ধাৰণ কৰা হৈছে।

চৰকাৰে ২০২৫ চনৰ বিপণন বতৰৰ বাবে মিলিং কোপ্ৰা আৰু বল কোপ্ৰাৰ এমএছপি ২০১৪ চনৰ বিপণন বতৰৰ প্ৰতি কুইণ্টলত ৫২৫০ টকা আৰু প্ৰতি কুইণ্টলত ৫৫০০ টকাৰ পৰা বঢ়াই প্ৰতি কুইণ্টলত ১১৫৮২ টকা আৰু প্ৰতি কুইণ্টলত ১২১০০ টকা কৰিছে, যি ক্ৰমে ১২১ শতাংশ আৰু ১২০ শতাংশ বৃদ্ধি দেখুৱায়।

উচ্চ এমএছপিয়ে কেৱল নাৰিকল খেতিয়কসকলৰ বাবে উন্নত পাৰিশ্ৰমিক সুনিশ্চিত কৰাই নহয়, বৰং ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় স্তৰতে নাৰিকলজাত সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিবলৈ কৃষকসকলক কোপ্ৰা উৎপাদন বৃদ্ধি কৰিবলৈও উৎসাহিত কৰিব।

মূল্য সমৰ্থন আঁচনি (পিএছএছ)ৰ অধীনত কোপ্ৰা আৰু বাকলি নোহোৱা নাৰিকল ক্ৰয়ৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন লিমিটেড (এনএএফইডি) আৰু ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচনে (এনচিচিএফ) কেন্দ্ৰীয় ন’ডেল এজেন্সী (চিএনএ) হিচাপে কাম কৰি যাব।

**********

MJPS/SKS


(Release ID: 2086683) Visitor Counter : 19