প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 DEC 2024 7:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ তেওঁৰ এই কৃতিত্বক ঐতিহাসিক আৰু আদৰ্শমূলক বুলি প্ৰশংসা কৰে।
ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেচনে এক্স হেণ্ডেল কৰা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়,
“ঐতিহাসিক আৰু আদৰ্শমূলক!
গুকেশ ডিৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে অভিনন্দন জনাইছো। এয়া তেওঁৰ অতুলনীয় প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু অদম্য দৃঢ়তাৰ ফল।
তেওঁৰ এই জয়ে দবা ইতিহাসৰ বুৰঞ্জীত তেওঁৰ নাম খোদিত কৰাই নহয়, লাখ লাখ যুৱক-যুৱতীক ডাঙৰ সপোন দেখিবলৈ আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অনুপ্ৰাণিত কৰিছে।
তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই শুভেচ্ছা জনাইছো। @DGukesh”
*******
MJPS/SR/SKS/DB
(रिलीज़ आईडी: 2084069)
आगंतुक पटल : 58
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam