মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

১১ ডিচেম্বৰ, ২০২৪ৰ পৰা আৰম্ভ হ’ব স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ সপ্তম সংস্কৰণ

চলিতবৰ্ষত আভ্যন্তৰীণ হেকাথনৰ প্ৰতিষ্ঠান পৰ্যায়ত ১৫০% বৃদ্ধিৰ কথা নথিভুক্ত কৰা হৈছে, ফলত ই হৈ পৰিছে এতিয়ালৈকে অনুষ্ঠিত হেকাথনৰ সৰ্ববৃহৎ সংস্কৰণ

Posted On: 06 DEC 2024 1:33PM by PIB Guwahati

চলিত বৰ্ষৰ ১১ ডিচেম্বৰৰ পৰা দেশজুৰি ৫১টা কেন্দ্ৰত আৰম্ভ হ’ব স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ সপ্তম  সংস্কৰণ । কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰ্চুৱেলি উদ্বোধন কৰিব এই অনুষ্ঠান।  স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক আমাৰ দৈনন্দিন জীৱনত সন্মুখীন হোৱা কিছুমান জৰুৰী সমস্যা সমাধানৰ বাবে এক মঞ্চ প্ৰদান কৰা । লগতে  শিক্ষাৰ্থীসকলৰ মাজত উদ্ভাৱনৰ সংস্কৃতি  তথা  সমস্যা সমাধানৰ মানসিকতা গঢ়ি তোলাৰ  ই হৈছে এক দেশজুৰি গ্ৰহণ কৰা পদক্ষেপ।  স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ পূৰ্বৰ  সংস্কৰণসমূহৰ দৰেই  এইবেলিও শিক্ষাৰ্থীসকলে মন্ত্ৰালয়/বিভাগ/উদ্যোগসমূহে দিয়া সমস্যা আদিকলৈ  কাম কৰিব । নতুবা তেওঁলোকে ১৭টা বিষয়বস্তুৰ ভিতৰৰে  যিকোনো এটাৰ বিষয়ত  ছাত্ৰৰ  উদ্ভাৱন শ্ৰেণীৰ অধীনত  নিজৰ উদ্ভাৱনী  ধাৰণা উপস্থাপন কৰিব।

স্মাৰ্ট ইণ্ডিয়া হেকাথন,  ২০২৪ৰ বাবে ৫৪টা মন্ত্ৰালয়, বিভাগ, ৰাজ্য চৰকাৰ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু উদ্যোগে ২৫০টাতকৈও অধিক সমস্যাক শিক্ষাৰ্থীৰ আলোচ্য বিষয় হিচাবে  দাঙি ধৰিব। এই বছৰ প্ৰতিষ্ঠান পৰ্যায়ত আভ্যন্তৰীণ হেকাথনত শিক্ষাৰ্থীৰ  ১৫০% আকৰ্ষণীয় বৃদ্ধি  নথিভুক্ত  কৰা হৈছে। ফলত এয়া  এতিয়ালৈকে  অনুষ্ঠিত  স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ সৰ্ববৃহৎ সংস্কৰণ হিচাবে পৰিগণিত হৈছে । প্ৰতিষ্ঠান পৰ্যায়ত  স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ত  ৮৬০০০ তকৈ অধিক দলে অংশগ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাউণ্ডৰ বাবে প্ৰায় ৪৯,০০০ ছাত্ৰৰ দল (প্ৰতিটোতে ৬ গৰাকী  ছাত্ৰ আৰু ২ গৰাকী  শিক্ষাগুৰুৰে গঠিত) ।  স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালে বিভিন্ন মন্ত্ৰালয়/চৰকাৰী বিভাগৰ বিষয়া আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষানুষ্ঠানৰ শিক্ষকৰ মাজত মত তথা ধাৰণাৰ আদান-প্ৰদানৰ  এক  উপযুক্ত স্থান হিচাবেও কাম কৰিব। যি অনুষ্ঠান  ছাত্ৰ-ছাত্ৰী তথা  শিক্ষকসকলৰ বাবে অতি উৎসাহজনক  অনুষ্ঠান হৈ পৰিব বুলি আশা কৰা হৈছে।

স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ বাবে  সমাধান কৰিবলগীয়া প্ৰত্যাহ্বানসমূহে ৰাষ্ট্ৰীয় গুৰুত্ব তথা  ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ খণ্ডসমূহৰ সৈতে জড়িত ১৭টা প্ৰধান ক্ষেত্ৰ/বিষয়ক সামৰি লৈছে। সেইবোৰ হ’ল স্বাস্থ্যসেৱা, যোগান শৃংখল আৰু লজিষ্টিক, স্মাৰ্ট প্ৰযুক্তি, ঐতিহ্য তথা সংস্কৃতি, বহনক্ষমতা, শিক্ষা আৰু দক্ষতাৰ বিকাশ, পানী, কৃষি আৰু খাদ্য, উদীয়মান প্ৰযুক্তি তথা  দুৰ্যোগ ব্যৱস্থাপনা আদি।

স্মাৰ্ট ইণ্ডিয়া হেকাথনে  ভাৰতৰ উদ্ভাৱনৰ পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰিব।  ই ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলক বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম কৰি তুলিব । ইয়াত  সফলতা নিশ্চিত কৰা এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ এলুমনি নেটৱৰ্ক, যিয়ে সুন্দৰভাবে প্ৰস্তুত কৰা পৰ্টেল (https://alumni.mic.gov.in/)ৰ জৰিয়তে সফলতাৰ কাহিনীসমূহ নিৰৱচ্ছিন্নভাৱে নথিভুক্ত কৰাৰ লগতে  পৰিৱৰ্তনশীল ফলাফলসমূহ  প্ৰদৰ্শন কৰিছে। উল্লেখ্য আজিলৈকে  স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ১০০টাতকৈও অধিক ষ্টাৰ্টআপ স্থাপন কৰিছে। যিবোৰৰ  বহুতৰে সামাজিক মূল্য অপৰিসীম।


(Release ID: 2082933) Visitor Counter : 8