প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমাৰ চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি নিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 09 DEC 2024 10:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ কয় যে চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি সুনিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে আগন্তুক নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এনচিআৰ আৰু উত্তৰ প্ৰদেশৰ বাবে সংযোগ আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুৰ এক্সৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে:

“আগন্তুক নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এনচিআৰ আৰু উত্তৰ প্ৰদেশৰ বাবে সংযোগ আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰিব। আমাৰ চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি সুনিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে।”

**********

MJPS/SR


(रिलीज़ आईडी: 2082599) आगंतुक पटल : 52
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam