প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘সুগম্য ভাৰত অভিযান’ৰ নৱম বৰ্ষপূৰ্তি উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে
দিব্যাংগ ভগ্নী-ভাতৃসকলৰ বাবে অভিগম্যতা, সমতা আৰু সুযোগ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীয়ে
আমাৰ দিব্যাংগ ভগ্নী-ভাতৃসকলৰ দৃঢ়তা আৰু সাফল্যই আমাক গৌৰৱান্বিত কৰে: প্ৰধানমন্ত্ৰী
Posted On:
03 DEC 2024 4:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সুগম্য ভাৰত অভিযান’ৰ নৱম বৰ্ষপূৰ্তি উদযাপন কৰে। তেওঁ দিব্যাংগ ভগ্নী-ভাতৃসকলৰ বাবে সুগমতা, সমতা আৰু সুযোগ বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দিব্যাংগ ভগ্নী-ভাতৃসকলৰ দৃঢ়তা আৰু সফলতাৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই আমাক সকলোকে গৌৰৱান্বিত কৰিছে।
‘মাইগভইণ্ডিয়া’ আৰু ‘মোদী আৰ্কাইভ হেণ্ডেল’-ৰ দ্বাৰা ‘এক্স’-ত কৰা এলানি ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:
"আজি আমি #9YearsOfSugamyaBharat উদযাপন কৰিছোঁ আৰু আমাৰ দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ বাবে অভিগম্যতা, সমতা আৰু সুযোগ বৃদ্ধি কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিছোঁ।"
"আমাৰ দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ দৃঢ়তা আৰু সফলতাই আমাক গৌৰৱান্বিত কৰে। ‘পেৰালিম্পিক’ত ভাৰতৰ সফলতা ইয়াৰ এটা অতি জীৱন্ত উদাহৰণ। এইটোৱে প্ৰতিবন্ধী ব্যক্তিসকলৰ 'কৰিব পাৰো' মনোভাৱকে বৰ্ণিত কৰে। #9YearsOfSugamyaBharat"
"সঁচাকৈয়ে এক পাহৰিব নোৱাৰা স্মৃতি!#9YearsOfSugamyaBharat"
“২০১৬ চনত প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইনৰ ঐতিহাসিক অনুমোদনত প্ৰতিবন্ধী ব্যক্তিসকলৰ সৱলীকৰণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ এক স্পষ্ট ইঙ্গিত দেখা যায়। #9YearsOfSugamyaBharat"
***
MJPS/SR/KB
(Release ID: 2080483)
Visitor Counter : 66
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam