তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দৰ্শকৰ হুইচেল আৰু হাত-চাপৰিহৈছে মোৰ থেৰাপী, ৫৫ সংখ্যকআইএফএফআইত খুছবু সুন্দৰেৰে কথোপকথনত এইদৰে কয় তামিল অভিনেতা শিৱকৰ্থিকেয়ানে
ধৈৰ্য্য, অধ্যৱসায় আৰু সততাৰ যাত্ৰা, তামিল অভিনেতাগৰাকীয়ে আইএফএফআইত জীৱনৰ দৰ্শন সম্পৰ্কে ব্যক্ত কৰে
মুক্ত চৰাইৰ দৰে উৰিব লাগে, কিন্তু সদায়েই নিজৰ বাহলৈ উভতিওআহিব লাগে, অভিনেতাজনে যুৱক-যুৱতীসকলক এই আহ্বান জনায়
যেতিয়া তেওঁ গোৱাৰ কলা একাডেমীৰভৰপূৰ প্ৰেক্ষাগৃহটোলৈ সোমাই আহিছিল, তেতিয়া তাত হাত-চাপৰি আৰু হুইচেলৰ শব্দ শুনা গ’ল। পৰ্দা আৰু পৰ্দাৰ বাহিৰতো তামিল ছুপাৰষ্টাৰ শিৱকৰ্থিকেয়ানৰ আগমন হ’লে এনেকুৱা পৰিবেশেই বিৰাজ কৰে।
সাধাৰণভাৱে আৰম্ভণিৰপৰা তামিল চিনেমাৰ অন্যতম উজ্জ্বল তাৰকা হোৱালৈকে শিৱকৰ্থিকেয়ানৰ যাত্ৰাৰ মৰ্ম হৈছে ধৈৰ্য্য, দৃঢ়তা আৰু অধ্যৱসায়। ৫৫ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) অভিনেতা তথা ৰাজনীতিবিদ খুছবু সুন্দৰৰ সৈতে এক আকৰ্ষণীয় বাৰ্তালাপত তামিল অভিনেতাজনে জীৱন, কেৰিয়াৰ আৰু প্ৰেৰণাৰ আভাস দাঙি ধৰে।
“আৰম্ভণিৰেপৰাই মোৰ বাবেচিনেমা সদায় এক আবেগ হৈ আহিছে আৰু মই সদায় দৰ্শকক মনোৰঞ্জন দিব বিচাৰিছিলোঁ”, তেওঁ কয়। “গতিকে, মই টেলিভিছন এংকৰিঙৰেমোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, যিয়ে মোক মনোৰঞ্জনৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিছিল আৰু মই এয়া আগ্ৰহেৰে কৰি থাকিছিলোঁ।”
মিমিক্ৰি আৰ্টিষ্ট হিচাপে আৰম্ভণিৰ দিনবোৰৰ কথা স্মৰণেৰেতেওঁ কয়, “মই ইঞ্জিনিয়াৰিং কলেজৰ মোৰ অধ্যাপকসকলক অনুকৰণ কৰিছিলোঁ। পিছত যেতিয়া মই তেওঁলোকৰ ওচৰত ক্ষমা খুজিছিলোঁ, তেতিয়া তেওঁলোকে মোক উৎসাহিতহে কৰিছিল।”
অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ পিতৃৰ অকাল বিয়োগ তেওঁৰ জীৱনৰ এক টাৰ্নিং পইন্ট আছিল। “দেউতাৰ মৃত্যুৰ পিছত মই হতাশ হৈ পৰিছিলোঁ। তেতিয়া দৰ্শকৰ হুইচেল আৰু হাত-চাপৰি মোৰ থেৰাপী হৈ পৰিছিল”,তেওঁৰ এনে সংযমৰ বাবে অনুৰাগীসকলৰ মৰম আৰু সমৰ্থনক কৃতিত্ব জনাইএইদৰে কয়।
খুছবু সুন্দৰে তেওঁৰ দৃঢ়তা আৰু সততাক প্ৰশংসা কৰে। শিৱকৰ্থিকেয়ানে লগতে কয়, “সাধাৰণ লোকৰ সৈতে সংযুক্ত অনুভৱৰ হেঁপাহ মোৰ সদায়েই আছে। জীৱনটো বাধাৰে ভৰি থাকে, কিন্তু নিজৰ ইচ্ছাক অনুসৰণ কৰিলে সেইবোৰ অতিক্ৰমত সহায়ক হয়। এটা সময় আছিল যেতিয়া মোৰ হাৰ মানিবলৈ মন গৈছিল, কিন্তু মোৰ দৰ্শকৰ মৰমে মোক আগুৱাই আনিছিল।“
এগৰাকী মিমিক্ৰি শিল্পীৰপৰা আৰম্ভ কৰি টেলিভিছনৰ হষ্ট আৰু শেষত তামিল চিনেমাৰ অন্যতম বিখ্যাত অভিনেতা শিৱকৰ্থিকেয়ানে একাধিক ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। নেপথ্য গায়ক, গীতিকাৰ, প্ৰযোজক হিচাপেও তেওঁ প্ৰশংসা লাভ কৰিছে। কেৰিয়াৰ পছন্দ সম্পৰ্কেব্যক্তকৰণেৰে তেওঁ কয়, “মোৰ কেৰিয়াৰৰ আৰম্ভণিতে মই মোৰ ওচৰলৈ অহা প্ৰতিটো প্ৰজেক্ট গ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া, অনুভৱ হৈছে কাহিনীবোৰে মোক বাছি লৈছিল।” তেওঁ ডাক্তৰ, ডন, শেহতীয়া আমৰণৰ দৰে ছবিৰ উদাহৰণ দাঙি ধৰে।
হাস্যৰসক আহিলা হিচাপে ব্যৱহাৰ সম্পৰ্কেব্যক্তকৰণেৰেতেওঁ কয়, “টেলিভিছনৰপৰা চিনেমালৈ ৰূপান্তৰিত কৰাটো কঠিন আছিল। মই হাস্যৰসক মোৰ কৱচ হিচাপে ব্যৱহাৰ কৰিছিলোঁ। মইউপলব্ধি কৰোঁ যে ই দৰ্শকক আনন্দ দিয়ে, সেয়া সৰু পৰ্দাতেই হওঁক বা ডাঙৰ পৰ্দাতেই হওঁক।”
নৱ-প্ৰজন্মকউদ্দেশ্যি তেওঁ সহজভাৱে কয়ঃ“মুক্ত চৰাইৰ দৰে উৰিব লাগে, কিন্তু সদায়েই নিজৰ বাহলৈ উভতিও আহিব লাগে। মোৰ বাবে মোৰ পৰিয়ালটো মোৰ বাহ আৰু মই বিশ্বাস কৰোঁ যে আমি বদ্ধমূল হোৱাটো অতিশয় প্ৰয়োজনীয়। আমাৰ মা-দেউতাই আমি কেৱল উত্তম কাম কৰাটোহে বিচাৰে।” এই কথোপকথন আছিল এক অসাধাৰণ প্ৰতিভাৰ উদযাপন, যাৰ কাহিনীয়ে লাখ-লাখ লোকক প্ৰভাৱিত কৰি আহিছে। এটি মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈ তামিল চিনেমাৰ শিখৰলৈ শিৱকৰ্থিকেয়ানৰ যাত্ৰা এক প্ৰেৰণাদায়ক কাহিনী হিচাপে পৰিগণিত হৈছে।
* * *
PIB IFFI CAST AND CREW | Rajith/Supriya/Hiramani/Darshana | IFFI 55 - 60
(Release ID: 2076459)
Visitor Counter : 3