প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আৰ্য সমাজ স্মাৰকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

এই বছৰটোও এটা বিশেষ বছৰ কিয়নো আমি স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উদযাপন কৰি আছো: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 22 NOV 2024 3:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত থকা আৰ্য সমাজ স্মাৰকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷  শ্ৰী মোদীয়ে গায়ানাত ভাৰতীয় সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টা আৰু ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ কয় যে এই বছৰটোও এক বিশেষ বছৰ, কিয়নো আমি স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উদযাপন কৰিছো।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে:

"গায়ানাৰ জৰ্জটাউনত আৰ্য সমাজ স্মাৰকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। গায়ানাত আমাৰ সংস্কৃতি সংৰক্ষণত তেওঁলোকৰ ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয়। এইবছৰটোও এটা বিশেষ বছৰ কিয়নো আমি স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উদযাপন কৰি আছো।"

***

MJPS/SR/NB/BB


(ৰিলিজ আই ডি : 2076004) অতিথি কক্ষ : 64